জনতাৰ হাত চাপৰি, আৰক্ষীৰ গুলী! আজি ডিম্বেশ্বৰ মুছাহাৰী, কাইলৈ হয়তো আপুনি...

অপৰাধৰোধ কৰিবলৈ আৰক্ষীয়ে অহৰহ চেষ্টা কৰি গৈছে। কিন্তু কেতিয়াবা আৰক্ষীয়ে লোৱা কিছুমান ঘটনাৰ ওপৰত বহু প্ৰশ্ন উত্থাপন হয়। ভুৱা এনকাউন্টাৰ, আৰক্ষীৰ জিম্মাত মৃত্যু আদি এক ভাবুকি হৈ পৰিছে।
জনতাৰ হাত চাপৰি, আৰক্ষীৰ গুলী! আজি ডিম্বেশ্বৰ মুছাহাৰী, কাইলৈ হয়তো আপুনি...

বৰষা শৰ্মা

অপৰাধীক লক্ষ্য কৰি আৰক্ষীয়ে গুলী ফুটায়। কেতিয়াবা আৰক্ষীক আক্ৰমণ, কেতিয়াবা পলায়নৰ চেষ্টা কৰোতেই গুলীয়াই আৰক্ষীয়ে। যাৰ সাধাৰণ অৰ্থত এনকাউন্টাৰ বুলি কোৱা হয়।

কিন্তু এনে ধৰণৰ এনকাউন্টাৰক বৈধ বা ন্যায়সংগত বুলি ক'ব নোৱাৰি। ভাৰতৰ সংবিধানৰ অনুচ্ছেদ ২১-ত স্পষ্টকৈ কোৱা হৈছে যে "আইনৰ দ্বাৰা স্থাপিত প্ৰক্ৰিয়াৰ বাহিৰে কোনো ব্যক্তিক তেওঁৰ জীৱন বা ব্যক্তিগত স্বাধীনতাৰ পৰা বঞ্চিত কৰা নহ'ব"। অনুচ্ছেদ ৬-ত কোৱা হৈছে যে "প্ৰতিজন মানুহৰ জীৱনৰ অন্তৰ্নিহিত অধিকাৰ আছে, আৰু এই অধিকাৰ আইনৰ দ্বাৰা সুৰক্ষিত হ'ব"।

ভাৰতৰ সংবিধানে প্ৰতিজন নাগৰিকে সমান অধিকাৰ প্ৰদান কৰে। কিন্তু সঁচা অৰ্থত কিমানে এই অধিকাৰ লাভ কৰে? আৰক্ষীৰ জিম্মাত মৃত্যু, ভুৱা এনকাউন্টাৰ আদিয়ে ভাৰতৰ গণতন্ত্ৰৰ বাবে ভাবুকি মাতি আনে। ই মানৱ অধিকাৰো উলংঘন কৰে।

এইটো স্পষ্ট যে, ভুৱা এনকাউন্টাৰ আদিয়ে ভাৰতীয় সংবিধান, ন্যায়িক ব্যৱস্থা, আইন আদিক উপহাস কৰে। ন্যায় বিৰোধী হত্যাই ভাৰতত আইনৰ মানদণ্ডক দুৰ্বল কৰি তোলে। ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে (এন.এইচ.আৰ.চি.) এনকাউণ্টাৰৰ ক্ষেত্ৰত নিৰ্দেশনা জাৰী কৰা স্বত্বেও এইবোৰ কমি যোৱা নাই।

অসমতো অপৰাধজনিত ঘটনা বৃদ্ধি পোৱাৰ লগে লগে বৃদ্ধি পাইছে এনকাউন্টাৰ। কেতিয়াবা ড্ৰাগছ ব্যৱসায়ী,কেতিয়াবা হত্যাৰ অভিযুক্ত আৰু কেতিয়াবা অন্য কিবা। মুঠতে আৰক্ষীৰ হাত ৰখা নাই। গুলী ফুটাইয়ে আছে।

ইয়াৰ মাজতে ভুৱা এনকাউন্টাৰৰ ঘটনাও সংঘটিত নোহোৱা নহয়। সেয়া লাগিলে কৃতিকমল বৰাই হওক বা আন কোনোবা। কৃতিকমল বৰাৰ এনকাউন্টাৰৰ পাছত আৰক্ষীয়ে বহু তথ্য যুগুতালে। ভুলৰ পৰা হাত সাৰিবলৈ সকলো কৰি গ'ল। কিন্তু কাম নহ'ল। যিয়েই নহওক আৰক্ষী, জনতা সকলোৱে জানে সঁচা কি!

এইবাৰ পুনৰ ভুল জেগাত গুলি ফুটিল আৰক্ষীৰ। ২০২৩ বৰ্ষৰ ২৪ ফেব্ৰুৱাৰীত ওদালগুৰি জিলাৰ ৰৌতা থানাৰ অন্তৰ্গত দৈফাং-নলবাৰীত আৰক্ষীৰ এনকাউন্টাৰত নিহত হ'ল এজন।

আৰক্ষীৰ সেই পুৰণি কাহিনীৰ নাট্যৰূপ। অভিযুক্তক বিচাৰি আৰক্ষীৰ অভিযান, গোপন সূত্ৰৰ পম খেদি অভিযুক্তৰ ঠিকনা লাভ, পাছত আৰক্ষীক আক্ৰমণ কৰি পলাবলৈ চেষ্টা কৰা অভিযুক্তক আৰক্ষীৰ গুলী। সেই গুলীতেই প্ৰাণ গ'ল অভিযুক্তৰ, আহত হ'ল আৰক্ষী।

২৪ ফেব্ৰুৱাৰীত নিহত লোক জন আৰক্ষীয়ে দুৰ্ধৰ্ষ ডকাইত কেনাৰাম বসুমতাৰী বুলি ঘোষণা কৰিছিল। কিন্তু মৃত লোক জনক বাক্সাৰ শালবাৰী মহকুমাৰ গোৱৰ্ধনা থানাৰ অন্তৰ্গত জেংৰেংপাৰা গাঁৱৰ এটি পৰিয়ালে ডিম্বেশ্বৰ মুছাহাৰী বুলিহে দাবী কৰিলে।

বিতৰ্ক হ'ল, প্ৰতিবাদ হ'ল। তাৰ পাছতে ২৭ ফেব্ৰুৱাৰীত প্ৰশাসনে খান্দি উলিয়ালে ওদালগুৰি জিলাৰ পানবাৰী অঞ্চলত নদীৰ পাৰত পুতি থোৱা মৃতদেহটো। কৰা হ'ল ডি এন এ পৰীক্ষা। ১১ মাৰ্চত অহা ডি এন এ ৰিপোৰ্ট অনুসৰি এনকাউন্টাৰত মৃত্যু হোৱা লোক জন ডকাইত কেনাৰাম নহয়, ডিম্বেশ্বৰ মুছাহাৰীহে।


মৃতদেহটো ডিম্বেশ্বৰৰ বুলি চিনাক্ত হোৱাৰ পাছতেই আৰক্ষীয়ে কৈছে যে ডকাইতি কাণ্ডত জড়িত আছিল ডিম্বেশ্বৰো। কেনাৰামৰ গেঙৰে তেওঁ। পূৰ্বতে গ্ৰেপ্তাৰো হৈছিল ডিম্বেশ্বৰ। কিন্তু প্ৰশ্ন হয়, ডকাইতি কাণ্ডত জড়িত আছিল বুলিয়ে গুলীয়াই মাৰিব নেকি? কাৰোবাৰ মৃতদেহ বুলি আন কাৰোবাৰহে মৃতদেহ বুলি পুতি থ'ব নেকি?

এই ঘটনাৰ এতিয়া তদন্ত হ'ব নে? ব্যৱস্থা লোৱা হ'ব নে আৰক্ষীৰ ওপৰত? কিয় কোনো ধৰণৰ সঠিক তথ্য নোহোৱাকৈ আৰক্ষীয়ে গুলী ফুটালে? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰক্ষীক যথেষ্ঠখিনি ক্ষমতা দিছে। কিন্তু ক্ষমতা লাভ কৰি আৰক্ষীয়ে হকে বিহকে গুলী ফুটাই গৈছে। অপৰাধ ৰোধ হ'ব লাগে। কিন্তু এনকাউন্টাৰতে শেষ নেকি আৰক্ষীৰ চেষ্টা?

ইয়াৰ বিৰুদ্ধে মাত মাতিব লাগিব জনতাই। কিন্তু আজিৰ একাংশ জনতাই এনকাউন্টাৰ আদিক সমৰ্থন কৰা দেখা যায়। এটা এনকাউন্টাৰৰ পাছত বাঃ বাঃ দিয়ে আৰক্ষীক। গতিকে মাজতে ভুৱা এনকাউন্টাৰ কৰিলে হৈ চৈ লগালে কি হ'ব।

ভুল ভুলেই। এনকাউন্টাৰৰ দ্বাৰা যদি অপৰাধ ৰোধ হলেহেতেনে তেন্তে সদায় ৰাজ্যত নহ'ল হেতেনে হত্যা, ধৰ্ষণ, লুণ্ঠন। আৰক্ষীৰ ঘৰত লুট, আৰক্ষী থানাৰ কিছু নিলগত ডকাইতিৰ ঘটনাই নঘটিলহেতেন।

ভুৱা এনকাউন্টাৰৰ তদন্ত হ'ব লাগে। কিয়নো ই আইনৰ বিশ্বাসযোগ্যতাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে। ইয়াৰোপৰি জনতাকো ন্যায়িক ব্যৱস্থাৰ ওপৰত বিশ্বাস দিয়াতো প্ৰশাসনৰ দায়িত্ব। হয়তো ন্যায়িক ব্যৱস্থাতো কিছু সংস্কাৰ অনা প্ৰয়োজন।

ন্যায় বিৰোধী হত্যা বন্ধ হোৱাতো প্ৰয়োজন। ইয়ে ভাৰতৰ ন্যায়িক ব্যৱস্থাৰ প্ৰতি মানুহৰ বিশ্বাসত ভাবুকি আনিব। ভাৰতত এনে এক ন্যায় ব্যৱস্থাৰ প্ৰয়োজন আছে য'ত কোনো ৰাজনীতি বা আন উচ্চ পদস্থ বিষয়াৰ কথা নচলে। যি চলিব সম্পূৰ্ণ স্বতন্ত্ৰভাৱে। যিয়ে বিশ্বাস দিব জনতাক যে ভাৰতীয় ন্যায়িক ব্যৱস্থাই সকলোকে ন্যায় প্ৰদান কৰিব। নহ'লে জনতাই বাঃ বাঃ কৰিব আৰক্ষীয়ে এনকাউন্টাৰ কৰি যাব। আজি ডিম্বেশ্বৰ মুছাহাৰীৰ লগত ভুল হ'ল, পাছলৈ সেই ভুল আমাৰ লগতো হ'ব পাৰে...

জনতাৰ হাত চাপৰি, আৰক্ষীৰ গুলী! আজি ডিম্বেশ্বৰ মুছাহাৰী, কাইলৈ হয়তো আপুনি...
পে পে পে বা শুই যোৱাৰ নহয়! খবৰ সত্যজিতৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in