ঢকুৱাখনা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ৰাহুল দলেক বিদায় সম্ভাষণ

ঢকুৱাখনা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ৰাহুল দলেক বিদায় সম্ভাষণ
ঢকুৱাখনা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ৰাহুল দলেক বিদায় সম্ভাষণ

ডিজিটেল সংবাদ ঢকুৱাখনা: ঢকুৱাখনা ৰাজহ চক্ৰত যোৱা ২০২১ বর্ষৰ ২৫ জুন যোগদান কৰি বিগত ২ বছৰে জনদায়বদ্ধ সেৱা আগবঢ়াই যোৱা অসম অসামৰিক সেৱাৰ বিষয়া ৰাহুল দলেক ৰাজ্য চৰকাৰে অতিৰিক্ত উপায়ুক্ত হিচাবে পদোন্নতি দি ডিব্ৰুগড়লৈ বদলি কৰিছে।

বিগত ২টা বছৰে সততা আৰু নিষ্ঠাৰে চৰকাৰী সেৱা আগবঢ়াই যোৱা দলেক শনিবাৰে ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ে আনুষ্ঠানিক ভাৱে বদলি সম্ভাষণ জনাই। এই সন্দৰ্ভত শনিবাৰে ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত অনুষ্ঠিত কৰা হয় বিদায় সম্ভাষণ সভা।

ৰাজহ চক্ৰৰ কাননগুহ জীতেন গগৈৰ সভাপতিত্বত অনুষ্ঠিত সভাত সমূহ লাট মণ্ডল, গাঁও প্ৰধান, ক্ষেত্ৰ সহায়ক, কৰ্মচাৰীসকল উপস্থিত থাকি চক্ৰ বিষয়াগৰাকীৰ কৰ্তব্যপৰায়নতা কৰ্মনিষ্ঠা আৰু সততাৰ একে মুখে শলাগ লৈ বক্তব্য আগবঢ়াই। সভাত বিদায়ী চক্ৰ বিষয়া ৰাহুল দলে, পত্নী প্ৰীতি উপাধ্যায় দলেয়েও অভিজ্ঞতালব্ধ চমু বক্তব্য আগবঢ়াই।

এই সভাতেই ৰাজহ চক্ৰ বিষয়া কাৰ্য্যালয় পৰিয়ালে বিদায়ী চক্ৰ বিষয়া দলে আৰু তেঁওৰ  সহধৰ্মিনীক স্মাৰক গামোচা ,শৰাই, বস্ত্ৰ সম্ভাৰ আদিৰে সম্বৰ্ধনা জনাই ভৱিষ্যত কৰ্মজীৱন সফল আৰু সুখময় হোৱাৰ  কামনা কৰে ।

ঢকুৱাখনা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ৰাহুল দলেক বিদায় সম্ভাষণ
খবৰৰ মাজত সঁচাকৈয়ে হেৰাই নে খবৰ ! জোনমণি, সংগীতা, বাবুল আৰু ক'ত যে কিমান...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in