অচিন কাঠৰ থোৰা লগাই বিপদত গ্ৰাহক : প্ৰলোভনেৰে আকৰ্ষিত কৰি অন্তৰ্ধান টেকন'জিম

অচিন কাঠৰ থোৰা লগাই বিপদত গ্ৰাহক : প্ৰলোভনেৰে আকৰ্ষিত কৰি অন্তৰ্ধান টেকন'জিম

ডিজিটেল সংবাদ,ঢকুৱাখনা : অচিন কাঠৰ থোৰা লগাই এতিয়া হাঁহাকাৰ কৰিবলগীয়া হৈছে ৰাজ্যখনৰ লাখ লাখ গ্ৰাহকে । এইবাৰ এনে লুণ্ঠনৰাজ চলাই লক্ষ লক্ষ গ্ৰাহকক প্ৰলোভনেৰে আকৰ্ষিত কৰি অন্তৰ্ধান হল "টেকন'জিম" নামৰ এটা অবৈধ বিত্তীয় প্ৰতিষ্ঠান। 

ভাৰত চৰকাৰৰ কোনোধৰণৰ স্বীকৃতিপ্ৰাপ্ত নথকা এই "টেকন'জিম"ক ঢকুৱাখনা মহকুমাত গ্ৰাহকৰ মাজলৈ আনি ব্যৱসায় মেলিছিল ঢকুৱাখনা আৰক্ষী থানাৰ অন্তৰ্গত কাঠৰবাৰী গাঁওৰ পৰমা দুৱৰা আৰু ৰহা গাঁওৰ ৰঞ্জন শইকীয়াই । এই দুই যুৱকে প্ৰথমে ঢকুৱাখনাৰ একাংশ গ্ৰাহক সৃষ্টি কৰি অনলাইনযোগে গ্ৰাহকলৈ "টেকনজিম" এপৰ লিংক প্ৰেৰণ কৰে ।

পৰৱৰ্তী সময়ত এই প্ৰতিষ্ঠানটোৰে জৰিয়তে পুঁজি বিনিয়োগ কৰি বিভিন্ন প্ৰকাৰৰ সামগ্ৰী ক্ৰয় কৰিবলৈ দিয়ে গ্ৰাহকক । কম সময়ৰ ভিতৰতে অধিক মুনাফা দিয়াৰ প্ৰতিশ্ৰুতি দি এই এজেন্টসকলে গ্ৰাহকক প্ৰলোভিত কৰি পুঁজি বিনিয়োগ কৰিবলৈ বাধ্য কৰাইছিল।

এনেদৰে কেৱল ঢকুৱাখনা মহকুমাৰে নহয় মাজুলী ,লখিমপুৰ ,ধেমাজি ,ডিব্ৰুগড়, শিৱসাগৰ ,তিনিচুকীয়া আদি জিলাত গ্ৰাহক সৃষ্টি কৰি কোটি কোটি টকা বিনিয়োগ কৰাবলৈ সক্ষম হৈছিল। ঢকুৱাখনাৰ গ্ৰাহকসকলক যদি কিবা কাৰণত এই প্ৰতিষ্ঠানটো নোহোৱা হয় তেন্তে বিনিয়োগকাৰীসকলক পুঁজি উভতাই দিয়াৰ আশ্বাসেৰে বিশাল ব্যৱসায়িক ক্ষেত্ৰ সৃষ্টি কৰি লৈছিল দুই চলাহী যুৱকে ।

এনেদৰে বিশাল বেহা মেলিবলৈ সক্ষম হোৱা দুই যুৱকে গ্ৰাহকক আকৰ্ষিত কৰিবলৈ ঢকুৱাখনা নগৰৰ আমোলাপট্টি অঞ্চলত এটা কাৰ্য্যালয় খুলি অনলাইন বেহা মেলি লৈছিল । দৈনিক শ শ গ্ৰাহক সৃষ্টি কৰি লোৱাৰ পৰৱৰ্তী সময়ত কিছুদিন পূৰ্বে অকস্মাতে উধাও হয় এই প্ৰতাৰক টেকনজিম।

সমান্তৰালভাৱে ঢকুৱাখনা নগৰৰ কাৰ্য্যালয়তো ওলমি পৰিল তলা । টেকনিজম এপৰ অনলাইন ৱেবচাইতো "দিলিত" কৰি সমস্ত অবৈধ ব্যৱসায় বন্ধ কৰি দিয়াত হাঁহাকাৰ লাগে বিনিয়োগকাৰীসকলৰ মাজত। হাজাৰ বিজাৰ গ্ৰাহকৰ মাজত এই সন্দৰ্ভত সৃষ্টি হোৱা শংকা ,অনিশ্চয়তাই উগ্ৰ ৰূপ লোৱাৰ আশংকা কৰি দেওবাৰে নিশাই সংগোপনে কাৰ্য্যালয়ৰ লেপটপ ,কম্পিউটাৰ ,আচবাব সকলো উঠাই নিয়ে এই দুই প্ৰবঞ্চকে ।

পৰিণতিত সাধাৰণ দৰিদ্ৰ গ্ৰাহকৰ পৰা আমোলা বিষয়া,প্ৰতিষ্ঠিত ব্যৱসায়ী, ঠিকাদাৰসকলৰ বিনিয়োগ কৰা সমস্ত পুঁজি চিৰকালৰ বাবে মৰা পৰে। একাংশ বিনিয়োগকাৰীয়ে এই প্ৰতাৰক প্ৰবঞ্চক ব্যৱসায় ঢকুৱাখনাত পাতনি মেলা দুই প্ৰবঞ্চকক বিচাৰি নাপায় আৰক্ষীৰ ওচৰ চপাৰ বাবে টঙালি বান্ধিছে।

উল্লেখযোগ্য যে এই প্ৰতাৰণাৰ অবৈধ বেহাখন সাৰ্বজনীন কৰা আৰু ৰাইজক সৰ্বশ্ৰান্ত কৰা নিষিদ্ধ বেহাৰ লগত জড়িত অধিক এজেন্টৰ তালিকা অচিৰেই পোহৰলৈ আহিব । অন্যহাতে এই প্ৰতাৰক গোটটোৱে গঞা ৰাইজৰ সঞ্চিত পুঁজিলৈ লুলুপ দৃষ্টি দি মানৱ সেৱা কৰাৰ কৌশলেৰে দৰিদ্ৰ ৰাইজৰ মাজত সামগ্ৰী বিতৰণ কৰি এচাম সুবিধাবাদী প্ৰচাৰ মাধ্যমক হাত কৰি ব্যাপক প্ৰচাৰ চলাই মনোযোগ আকৰ্ষণ কৰাৰ চেষ্টা চলাইছিল। এই অবৈধ বেহাৰ সতে জড়িত অন্য এক বৃহৎ চক্ৰ পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

অচিন কাঠৰ থোৰা লগাই বিপদত গ্ৰাহক : প্ৰলোভনেৰে আকৰ্ষিত কৰি অন্তৰ্ধান টেকন'জিম
ৰঙিয়া উকিল সন্থাৰ কাৰ্যালয় গৃহৰ শুভ উদ্বোধন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in