ঢকুৱাখনাত স্বয়ম্ভূ চিকিৎসক-বাবাক লপা-থপা

ঢকুৱাখনাত স্বয়ম্ভূ চিকিৎসক-বাবাক লপা-থপা

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনাত স্বয়ম্ভূ চিকিৎসক-বাবাক লপা-থপা

ডিজিটেল সংবাদ, ঢকুৱাখনা : সহজ সৰল দৰিদ্ৰ গঞাক প্ৰলোভন আৰু প্ৰবঞ্চনাৰে লুটপাত চলোৱা দুই ভণ্ড চিকিৎসকে এসেকা পালে ঢকুৱাখনাত । গাঁৱে গাঁৱে গেৰুৱা বসন পৰিধান কৰি ধৰ্ম প্ৰচাৰৰ নামত প্ৰবঞ্চনাৰ জাল পেলোৱা দুই ভণ্ড বাবা দেওবাৰে ৰঙাঘৰৰ আলহী হ'ব লগা হ'ল ঢকুৱাখনাত ।

Advertisment

ঘটনাৰ বিৱৰণী অনুসৰি সমীৰ উমাজী বাবৰ নামৰ নাগপুৰৰ ব্যক্তিজনে নিজকে বাবাজী হিচাপে চিনাকি দি এগৰাকী মহিলাসহ এবছৰ পূৰ্বে সোনাৰী চাপৰি আৰক্ষী চকীৰ অন্তৰ্গত ঢোলপেটা গাঁওৰ উমেশ বুঢ়াগোহাঁই ঘৰত উপস্থিত হৈছিল । বিশেষভাৱে সক্ষম বয়স্ক গঞা বুঢ়াগোহাঁইৰ লগতে নাবালিকা কন্যাগৰাকীৰো শাৰীৰিক অক্ষমতা প্ৰত্যক্ষ কৰি বাবাই ৮শ টকাৰ বিমিময়ত এই শাৰীৰিক বাধাগ্ৰস্ততা দূৰ কৰাৰ চিকিৎসা সম্ভৱ হোৱাৰ বিশ্বাস দিছিল।

স্বয়ম্ভূ চিকিৎসকৰূপী বাবাৰ চলাহী কথাত নিৰক্ষৰ চহা বুঢ়াগোহাঁইয়ে প্ৰাৰম্ভিক অৱস্থাত ৫০০ টকা দি চিকিৎসা আৰম্ভ কৰাৰ বাবে আহ্বান জনায় । সেই অনুসৰি বাবাই নিৰক্ষৰ ব্যক্তিজনক ৩টা জড় পদাৰ্থ বিছনাৰ তলত ৰাখি শোৱাৰ পৰামর্শ দিয়ে। লগতে ৩ দিনৰ ভিতৰত আৰোগ্য হোৱাৰ নিশ্চয়তা দিয়ে ।

কিন্তু প্ৰায় এটা বছৰ অতিক্ৰম কৰাৰ পাছতো কোনো আৰোগ্যতাৰ মুখ নেদেখিলে নাবালিকাগৰাকীয়ে। শাৰীৰিক বাধাগ্ৰস্ততা সামান্যতমো দূৰ নহ'ল ।এই সন্দৰ্ভত ভণ্ড বাবাই দি যোৱা ফোন নম্বৰত ফোন কৰিও যোগাযোগ কৰিবলৈ সক্ষম নহ'ল ভুক্তভোগী।

পৰৱৰ্তী সময়ত দৰিদ্র ব্যক্তিগৰাকীয়ে বিষয়টো আত্মীয়ক অৱগত কৰে । আত্মীয়ই এইজন বাবাৰ উপস্থিতিৰ সন্দৰ্ভত অনুসন্ধান অব্যাহত ৰাখে । এনে সময়তে স্বয়ম্ভূ বাবাৰ খবৰ লাভ কৰি গোগামুখৰ সমীপৰ পৰা ভণ্ড চিকিৎসকৰূপী বাবাক ধৰি ঢকুৱাখনা সদৰ থানাত হাজিৰ কৰাই দেওবাৰে ।

বাবাৰ এই প্ৰবঞ্চনা আৰু দৰিদ্ৰক লুণ্ঠনৰ জাল পতা সন্দৰ্ভত স্থানীয় ৰাইজ অৱগত হৈ উত্তম মাধ্যম শোধাই । পাছত ঢকুৱাখনা থানাত অন্য ৩গৰাকী "বাবা"সহ হাজিৰ হৈ নিজৰ প্ৰতাৰণাৰ নিকৃষ্ট বেহা সন্দৰ্ভত স্বীকাৰ কৰে ।

চিকিৎসাৰ নামত ধন লোৱাটো বাবাই স্বীকাৰ কৰে । ভণ্ড বাবাৰ প্ৰতাৰণাৰ বলি হোৱা নিৰক্ষৰ পৰিয়ালটোৰ আত্মীয়ই আৰক্ষীৰ পৰামৰ্শ মতে প্ৰৱঞ্চনাৰে দৰিদ্ৰ পৰিয়ালটোৰ পৰা সৰকাই নিয়া ৫০০ টকা উভতাই দি আৰক্ষীৰ জিম্মাৰ পৰা পৰিত্ৰাণ পাই ।

অভিযুক্ত বাবাই সংবাদ মাধ্যমৰ আগত এই টকা লোৱাৰ কথা স্বীকাৰ কৰি পুনৰ উক্ত টকা ঘূৰাই দি পৰৱৰ্তী সময়ত এনে নকৰাৰ আশ্বাস দিয়ে । উল্লেখযোগ্য যে একাংশ এনে বাবাই গ্ৰামাঞ্চলৰ অসচেতন নিৰক্ষৰ ৰাইজৰ মাজত অন্ধবিশ্বাস বিয়পাই, তাবিজ , গ্ৰহৰত্ন আদি প্ৰদানৰ নামত লুণ্ঠনৰ মুকলি বেহা চলাই অহাৰ অভিযোগ অতি পুৰণি ।

এনে এক দুষ্কাৰ্য সম্প্ৰতি পোহৰলৈ অহাৰ পাছত এইসকল ধৰ্মীয় প্ৰচাৰকৰূপী স্বয়ম্ভূ চিকিৎসক বাবাক প্ৰশ্ৰয় নিদিয়াটোৱে সকলোৰে বাবে মংগলজনক বুলি মন্তব্য কৰিছে ভুক্তভোগী দৰিদ্ৰ পৰিয়ালটোৱে ।

Also Read: বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী : এইকেইখন ৰাজ্যত আহিব মূষলধাৰ বৰষুণ...

dhakuakhana