/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/d0acc6d5-520c-49ae-a6d1-bbaf37e5efa1/Fatbuihu.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা : ইটোৰ পাছত সিটো বিতৰ্কই যেন লগ নেৰা হৈছে সাংস্কৃতিক লোক উৎসৱ ফাটবিহুক। এচাম উদণ্ড বিষয়ববীয়াৰ দৌৰাত্ম্যৰ বাবে যেন কালিকা লাগিছে এই বিনন্দীয়া সাৰ্বজনীন লোক উৎসৱত। ফাটবিহু সমিতিৰ একাংশ উদণ্ড আৰু উন্নাসিক স্বভাৱৰ অসহিষ্ণু বিষয়ববিয়াই লোক সংস্কৃতিৰ চৰ্চাকাৰীৰ ওপৰত ফাটবিহু মঞ্চত কৰা নিৰ্মম শাৰীৰিক আক্ৰমণৰ ঘটনাৰ ৰাজহুৱা ক্ষমা ভিক্ষাৰে নিষ্পত্তি হোৱাৰ পাছত একে ঘটনাৰ পুনৰাবৃত্তি ঘটিল ফাটবিহুৰ মজিয়াত।
পুনৰবাৰ ফাটবিহুৰ পবিত্ৰ মজিয়া কালিমা সানি ফাটবিহুৰ ঐতিহ্য পদপিষ্ট কৰি দুগৰাকী উদযাপন সমিতিৰ বিষয়ববীয়াই সোমবাৰে ৰাজহুৱা সভাত উদ্ভণ্ডালি কৰা ঘটনাই দৰাচলতে ফাটবিহুৰ পবিত্ৰ মজিয়াত এচাম উন্নাসিক ব্যক্তিৰ স্বেচ্ছাচাৰীৰাজ হে চলিছে সেয়া দ্বিতীয় বাৰৰ বাবে প্ৰকট কৰিলে। এইবাৰ ঘটনাৰ খলনায়ক হ'ল উদযাপন সমিতিৰ সভাপতি নিতুল বৰুৱা আৰু সহকাৰী সম্পাদক প্ৰশান্ত হাজৰিকা। ফাটবিহুৰ বাকৰিত সোমবাৰে বিয়লি অনুষ্ঠিত হৈ থকা পৰ্যালোচনা সভাত এই দুই শিষ্টাচাৰহীন বিষয়ববীয়াই সভাপতিৰ টেবুল ভুকুৱাই দাম্ভিক মন্তব্য কৰি প্রদর্শন কৰে চূড়ান্ত অসহিষ্ণুতা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/99331f3c-8d1f-4ed3-bd56-509c4eb568f1/89fdffbd_b4aa_4d95_a24e_c10a35e3851b.jpg)
ঘটনাৰ বিবৰণি মতে, বৰদৈচিলা বিহু দলৰ ওপৰত ফাটবিহু চলি থকা অৱস্থাত একাংশ বিষয়ববীয়াই চলোৱা বৰ্বৰ আক্ৰমণৰ পৰৱৰ্তী সময়ত ঘিলামৰাবাসীয়ে ঐক্যবদ্ধ প্ৰতিবাদ সাব্যস্ত কৰি ফাটবিহুৰ মজিয়াৰ পৰা এনে কাণ্ডজ্ঞানহীন আচৰণ উৎখাত কৰাৰ দাবী জনাই ৰাজহুৱা প্ৰতিবাদ পৰ্যন্ত সাব্যস্ত কৰিছিল। লোক সংস্কৃতিৰ উৰ্বৰা ভূমিত অসংস্কৃতিবান ব্যক্তিৰ অপসংস্কৃতি মানি নোলোৱাৰ সকীয়নীৰে ঘোষণা কৰা প্ৰতিবাদত হেও মানি ফাটবিহু সমিতিয়ে অৱশেষত ৰাজহুৱা ভাবে ক্ষমা খুজিবলৈ বাধ্য হৈ বিষয়টোৰ স্থায়ী নিষ্পত্তি কৰিছিল। ইয়াৰ পাছতেই সোমবাৰে ফাটবিহু সমিতিয়ে সদ্য সামৰণি পৰা ফাটবিহুৰ এখন পৰ্যালোচনা সভা আহ্বান কৰিছিল ফাটবিহু বাকৰিত। বিয়লি অনুষ্ঠিত এই পৰ্যালোচনা সভা ফাটবিহু সমিতিৰ সভাপতি বসন্ত শইকীয়াই পৰিচালনা কৰি থকাৰ সময়তে সভাৰ কাৰ্যসূচী অনুসৰি চৰ্চা হোৱা এটা বিষয় সন্দৰ্ভত এগৰাকী ফাটবিহুৰ প্ৰাক্তন বিষয়ববীয়াই উত্থাপন কৰা এটা বিষয়ক লৈ এই দুই বিষয়ববীয়াই সভাপতিৰ সন্মুখতে অহেতুক উষ্মা প্রদর্শন কৰি টেবুল ঢকীয়াই উন্মত্ত আচৰণ কৰে ।
সভাত এইবাৰ ফাটবিহুৰ সভাপতিক গায়ন বায়নেৰে আদৰি অনা দৃষ্টিকটু পৰ্ব আৰম্ভ হোৱাৰ সন্দৰ্ভত ভদ্ৰ গগৈয়ে সভাৰ দৃষ্টিগোচৰ কৰাত উদযাপন সমিতিৰ সভাপতি নিতুল বৰুৱা আৰু সহকাৰী সম্পাদক প্ৰশান্ত হাজৰিকাই অভদ্ৰ আচৰণ প্রদর্শন কৰাত প্ৰবীণ সাংস্কৃতিক কৰ্মী মিঠাৰাম চেতিয়াই অতিষ্ঠ হৈ এনে গুণ্ডাগিৰী আৰু অহংকাৰী আচৰণৰ বাবেই ফাটবিহু অসমবাসীৰ মাজত লজ্জিত আৰু বৰ্জিত হৈছে বুলি কৈ এনে উদণ্ডৰ হাতত ফাটবিহু সুৰক্ষিত নহয় বুলি মন্তব্য কৰে। সভাৰ সভাপতি গৰাকীৰ মৌনতাৰ বিপৰীতে চেতিয়াই ফাটবিহু আৰু বিহু বাকৰিৰ মজিয়া বাৰে বাৰে এনেচাম দাম্ভিক ব্যক্তিৰ বাবে বিতৰ্কিত হ'বলৈ এৰি দিয়া নহ'ব বুলি সকীয়াই এইক্ষেত্ৰত কঠোৰ সিদ্ধান্ত লৈ ফাটবিহুৰ পৰা বহিস্কাৰ কৰাৰ দাবী জনাই ।
জ্ঞান বুদ্ধি বিবেকেৰে পৈণত হোৱাৰ পাছত এইসকলক ফাটবিহুৰ আসন দিয়াৰো সভাত আহ্বান জনায় প্ৰবীণ সাংস্কৃতিক কৰ্মী চেতিয়াই। সভাত উপস্থিত বহু কেইগৰাকী জ্যেষ্ঠ সাংস্কৃতিক কৰ্মীয়েও বিহু সমিতিৰ বিষয়ববীয়াৰ এনে উন্মত্ত, উদভ্ৰান্ত আৰু দাম্ভিক আচৰণৰ পুনৰাবৃত্তি হোৱা নিৰ্লজ কাণ্ডৰ একেমুখে প্ৰতিবাদ কৰাত এই নিৰ্লজ শিষ্টাচাৰহীন বিষয়ববীয়াই পাছত সভাতেই ক্ষমা খুজিবলৈ বাধ্য হয়। উদযাপন সমিতিৰ সম্পাদক বনশ্যাম গগৈয়ে উদ্দেশ্য ব্যাখ্যা কৰা সভাত ফাটবিহুৰ হিচাব দাখিলৰ সন্দৰ্ভত পৰামৰ্শমূলক বক্তব্য আগবঢ়াই উপস্থিত ব্যক্তিসকলে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/8f881105-8029-4a73-bd4b-b2ba36e54ce9/0db67d1d_e28a_4cda_86ad_233a637be830.jpg)
ইয়াৰ পাছতে বহু বিতৰ্কিত ফাটবিহু কাণ্ড আৰু ঘিলামৰাত অনুষ্ঠিত ৰাজহুৱা সভাত ক্ষমা খোজা বিষয়ৰ সন্দৰ্ভত বক্তব্য আগবঢ়াই ফাটবিহু সমিতিৰ সভাপতি বসন্ত শইকীয়াই। এই সন্দৰ্ভত উপস্থিত বিভিন্ন নিমন্ত্রিত ব্যক্তিয়ে অসমবাসীৰ ওচৰত ফাটবিহু সমিতিয়ে কি দৰে পতিয়নযোগ্য সুদত্তৰ দিব বা মাৰপিতৰ দৰে নিৰ্দয় ঘটনাৰ সন্দৰ্ভত কি ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিব তাৰ ওপৰত মুকলি আলোচনা হোৱাৰ পোষকতা কৰে। ফাটবিহু সমিতিয়ে সংবিধানৰ আধাৰত অভিযুক্ত সকলক দৃষ্টান্তমূলক শাস্তি বিহাৰ দাবী জনোৱাৰ লগতে নিৰ্ধাৰিত সময়ৰ বাবে অভিযুক্তসকলক ফাটবিহুৰ পৰা বহিস্কাৰ কৰা অথবা সংবিধান সন্মত ব্যৱস্থা গ্ৰহণ কৰাৰ সপক্ষে মতামত আগবঢ়াই উপস্থিত জ্যেষ্ঠ সংস্কৃতিবান ব্যক্তি মিঠাৰাম চেতিয়া, উত্তম বৰুৱা, কুশল গগৈকে, সৰ্বেশ্বৰ বৰুৱা, ভোলা গগৈকে প্ৰমুখ্য কৰি বহুকেইগৰাকীয়ে।
জনাকীৰ্ণ পৰ্যালোচনা সভাত ফাটবিহুৰ মুখপত্ৰ "বিহুৱান"ত ফাটবিহুৰ ইতিহাস বিকৃত কৰা লেখনি প্ৰকাশ আৰু মুখ্যমন্ত্ৰীৰ ক্ৰুটিপূৰ্ণ শুভেচ্ছাবাণী সন্দৰ্ভত বক্তব্য আগবঢ়াই ভদ্ৰ গগৈয়ে এয়া এক অক্ষমনীয় ক্ৰুটি বুলি অভিহিত কৰি ফাটবিহুৰে সম্পৃক্ত বিজ্ঞ মহলে এই বিষয়ত পৰিশুদ্ধ, সুস্থ আৰু সঠিক সিদ্ধান্ত গ্ৰহণ কৰাৰ আহ্বান জনায়। সভাত বিষয়টোৰ ওপৰত মতামত ব্যক্ত কৰি "বিহুৱান"ত নকল কবিতা প্ৰকাশ কৰাৰ বাবে পূৰ্বে সম্পাদকক জগৰীয়া কৰি বহিস্কাৰ পৰ্যন্ত কৰা ফাটবিহু সমিতিয়ে এইবাৰৰ "বিহুৱান"ত সন্নিবিষ্ট হোৱা বিভ্ৰান্তিমূলক লেখনিৰ বাবে একে ভুলৰ পুনৰাবৃত্তি হোৱাত কি অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিব তালৈ অপেক্ষা কৰিব বুলি জনাই।
সভাত ঐক্য আৰু সমন্বয় আৰু ভাতৃত্ববোধৰ শিৰোন্নত প্ৰতীক ফাটবিহুক বিশ্ববাসীৰ লজ্জানত কৰা বিতৰ্কিত বিষয়বোৰৰ সন্দৰ্ভত মুকলি আলোচনা কৰি জাতীয় লোক মহোৎসৱটোৰ গৰিমা মহিমা লাঘৱ কৰা অভিযুক্ত সকলক ফাটবিহু সমিতিয়ে কঠোৰ অনুশাসনমূলক আৰু দৃষ্টান্তমূলক শাস্তি বিহাৰ বাবে সভাত ঐক্যবদ্ধ মত পোষণ কৰি একাংশই বক্তব্য ৰাখে। উল্লেখ্য যে, ফাটবিহু সমিতিখনৰ নিয়ন্ত্ৰণহীনতা আৰু অদক্ষ ক্ৰুটিপূৰ্ণ পৰিচালনাৰ বাবে ইটোৰ পাছত সিটো অসহিষ্ণু ঘটনাৰ সূত্ৰপাত হৈ আছে । যাৰ পৰিপ্ৰেক্ষিতত এতিয়া ফাটবিহু সমিতিখনৰ ওপৰতে আস্থা বিশ্বাস হেৰুৱাই সমিতিখন ভংগ হোৱাৰ সপক্ষে বহুজনে মত পোষণ কৰিছে।
Also Read: পৰিচয় বিহীন ১০১ টা মৃতদেহ: শ-শ পৰিয়ালত এতিয়া কান্দোনৰ ৰোল...