পৰিচয় বিহীন ১০১ টা মৃতদেহ: শ-শ পৰিয়ালত এতিয়া কান্দোনৰ ৰোল...

পৰিচয় বিহীন ১০১ টা মৃতদেহ: শ-শ পৰিয়ালত এতিয়া কান্দোনৰ ৰোল...

ডিজিটেল ডেস্ক : দেশ কঁপোৱা উৰিষ্যাৰ ৰে'ল দুৰ্ঘটনাৰ চাৰিওফালে এতিয়াও মাৰ যোৱা নাই কেঁচা তেজৰ গোন্ধ। বালাছোৰ ৰে'ল দুৰ্ঘটনাত নিহত সকলৰ পৰিয়ালৰ লোকে এতিয়াও চিনাক্ত কৰিব পৰা নাই আত্মীয়ৰ মৃতদেহ। খবৰ অনুসৰি ১০০ তকৈও অধিক মৃতদেহ এতিয়াও অচিনাক্ত অৱস্থাত।

ৰে'লৱেৰ বিভাগীয় ৰে'ল প্ৰৱন্ধক ৰিঙ্কেশ ৰয়ৰ তথ্য মতে দুৰ্ঘটনাটোত প্ৰায় ১,১০০ জন লোক আহত হয়। যাৰ ভিতৰত প্ৰায় ৯০০ লোকক ইতিমধ্যই চিকিৎসাৰ পিছত অব্যাহতি দিয়া হৈছে। আনহাতে ৰাজ্যখনৰ বিভিন্ন চিকিৎসালয়ত এতিয়াও প্ৰায় ২০০ জন লোক চিকিৎসাধীন হৈ আছে। গুৰুতৰ কথা হ'ল যে, দুৰ্ঘটনাটোত মৃত্যু হোৱা ২৭৮ জন লোকৰ ভিতৰত ১০১ জন লোকক এতিয়াও চিনাক্ত কৰা হোৱা নাই।

উল্লেখ্য যে, দুৰ্ঘটনাত নিহত লোকসকলক চিনাক্ত কৰাৰ লক্ষ্যৰে শৱগৃহৰ ওচৰৰ এইমছ ভুৱনেশ্বৰত ভূৱনেশ্বৰ কমিছনাৰেটৰ দ্বাৰা এক হেল্পডেস্ক আৰু নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হৈছে। সৰ্বাধিক ১২৩ টা মৃতদেহ এইমছৰ শৱগৃহত ৰখা হৈছে বুলি প্ৰকাশ পাইছে বিভাগীয় তথ্যত।

পৰিচয় বিহীন ১০১ টা মৃতদেহ: শ-শ পৰিয়ালত এতিয়া কান্দোনৰ ৰোল...
আছুৰ সত্যাগ্ৰহ: মহানগৰী কঁপাইছে শ-শ ছাত্ৰনেতাই...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in