/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/38438f09-c45f-4ce4-b951-7e71732b1a7c/dhokuakhana_14.jpg)
বৰদলনি শিক্ষা খণ্ডত সমগ্ৰ শিক্ষাৰ শিক্ষণ শিকন সঁজুলিৰ প্ৰদৰ্শনী...
ডিজিটেল সংবাদ ঢকুৱাখনা: ৰাজ্যখনৰ চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানসমূহত অধ্যয়নৰত বিদ্যাৰ্থীসকলৰ মনোগ্ৰাহী আৰু সহজ সুলভ প্ৰণালীৰে জ্ঞান অৰ্জনৰ দিশৰ প্ৰতি সমগ্ৰ শিক্ষা অভিযানে যথোচিত কাৰ্য ব্যৱস্থা গ্ৰহণ কৰি আহিছে । শিক্ষা বিভাগৰ এনে মনোদৃষ্টি আকৰ্ষক শিকন পদ্ধতিৰ প্ৰয়োগৰ সমান্তৰালভাৱে ধেমাজি জিলা সমগ্ৰ শিক্ষা অভিযানেও বিভিন্ন সময়ত তিনিটা শিক্ষা খণ্ডৰ অন্তৰ্গত মণ্ডলসমূহত এই ক্ষেত্ৰত নিজাববীয়া তৎপৰতা অব্যাহত ৰাখি আহিছে ।
তাৰেই অংশ হিচাবে শনিবাৰে ধেমাজি জিলা সমগ্ৰ শিক্ষা অভিযানৰ অন্তৰ্গত বৰদলনি শিক্ষা খণ্ডৰ গোগামুখত এনে এক মনোজ্ঞ কাৰ্যসূচী গ্ৰহণ কৰা হয় । ধেমাজি শিক্ষা খণ্ডৰ অন্তৰ্গত ৩টা মণ্ডল ক্ৰমে লটাক (পূব), লঠিয়া আৰু লটাক (পশ্চিম)ৰ বিদ্যালয়সমূহৰ শিক্ষক, শিক্ষাৰ্থীৰ অংশগ্ৰহণেৰে অনুষ্ঠিত কৰা হয় বিদ্যালয়সমূহৰ মাজত শিক্ষণ আৰু শিকন সঁজুলি প্ৰস্তুত,প্ৰদৰ্শনী আৰু প্ৰতিযোগিতা ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/b3f74dbd-4010-47d4-b584-ecf9aee8d0d0/4056efd4_acdd_4cf4_a276_7150710539a5.jpg)
ধেমাজি জিলা সমগ্ৰ শিক্ষাৰ খণ্ডৰ সমল ব্যক্তি মুকুল সূত আৰু প্ৰণতি দেৱীৰ বিশেষ উদ্যোগত তিনিটা মণ্ডলৰ চি আৰ চি চি ক্ৰমে মুক্তা শইকীয়া,ভাইটি দলে আৰু পুতুমনি গগৈৰ লগতে শিক্ষকসকলৰ সহযোগত শিকন প্ৰক্ৰিয়াটো অধিক ফলপ্ৰসু কৰি তুলিবলৈ এই মনোজ্ঞ কাৰ্যসূচী অনুষ্ঠিত হয় দক্ষিণ গোগামুখ উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাঙ্গনত। মণ্ডল তিনিটাৰ অন্তৰ্গত ২২ খন বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে পাঠ ভিত্তিত শিকন সঁজুলি প্ৰস্তুত, প্ৰদৰ্শনী আৰু প্ৰতিযোগিতাত ২২ খন বিদ্যালয়ৰ সকলো শিক্ষাগুৰু আৰু বিদ্যাৰ্থীযে অংশ গ্ৰহণ কৰে আৰু শিক্ষাগুৰুসকলে নিজস্ব দৃষ্টিনন্দন উদ্ভাৱনীৰ মুকলি প্ৰদৰ্শন কৰে ।
ধেমাজি জিলা সমগ্ৰ শিক্ষা অভিযানৰ জিলা আঁচনি বিষয়া তথা বৰদলনি শিক্ষা খণ্ডৰ তত্বাবধায়ক পংকজ বৰাই শুভ উদ্বোধন কৰা এই দৃষ্টিনন্দন প্ৰদৰ্শনী আৰু প্ৰতিযোগিতাৰ সামগ্ৰিক পৰিচালনা কৰে খণ্ড সমল ব্যক্তি মুকুল সূতে । ধেমাজি "ডায়েট"ৰ প্ৰবক্তা দিব্যজ্যোতি গগৈয়ে প্ৰতিযোগিতাৰ বিচাৰক হিচাবে উপস্থিত থাকি শিক্ষাৰ্থীসকলৰ উপযোগী আৰু মনোগ্ৰাহী সৃষ্টিৰাজিৰ বাবে প্ৰস্তুতকর্তা শিক্ষাগুৰুসকলৰ শলাগ লয় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/8a324b9d-6bc0-45e4-806d-3945d284c66a/9c4d7f36_02f4_4763_b2c0_f6320e79ab00.jpg)
পৰৱৰ্তী সময়ত অনুষ্ঠিত মুকলি সভাত অংশগ্ৰহণ কৰে ধেমাজি জিলা সমগ্ৰ শিক্ষাৰ জিলা আঁচনি বিষয়া অৰুণীমা দুৱৰা, মণ্ডল সমন্বয়ক ক্ৰমে সৰ্বেশ্বৰ চেত্ৰী , অপূৰ্ব চুতীয়া আৰু অৰুণ জ্যোতি কুটুমৰ লগতে বহু কেইগৰাকী বিশিষ্ট ব্যক্তি আৰু শিক্ষাসদীয়ে । সভাতেই এই শিক্ষণ শিকন প্ৰস্তুত আৰু প্ৰদৰ্শনী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা বিদ্যালয়সমূহৰ মাজৰ পৰা শ্ৰেষ্ঠ বিদ্যালয়সমূহক নিৰ্বাচিত কৰা হয় ।
সেই অনুক্ৰমে প্ৰথম পুৰস্কাৰ লাভ কৰে গৰৈমাৰী ফুলবাৰী প্ৰাথমিক বিদ্যালয়ে । দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হয় চেঙামাৰি প্ৰাথমিক বিদ্যালয় আৰু তৃতীয় স্থান অর্জন কৰে ১০৭ নং চুতিয়াকাৰী প্ৰাথমিক বিদ্যালয় আৰু নিচুকনি বঁটা লাভ কৰে গৰৈমাৰী প্ৰাথমিক বিদ্যালয়ে । প্ৰতিযোগিতাসমূহ অংশগ্ৰহণকাৰী শিক্ষাগুৰুলৈ কৃতজ্ঞতা জ্ঞাপন কৰি প্ৰথম তিনিটা স্থান প্ৰাপক বিদ্যালয় আৰু শিক্ষাগুৰুসকলক প্ৰশংসা পত্ৰ আৰু স্মাৰকৰে পুৰস্কৃত কৰা হয় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/c1b559be-d2a8-4c5b-99e6-84ba39189901/95d75d59_bde4_485d_b183_cb5f5c11c33b.jpg)
উল্লেখ্য যে প্ৰতিযোগিতাৰ পূৰ্বে খণ্ড সমল ব্যক্তি মুকুল সূতে শিক্ষাগুৰুসকলক এই সন্দৰ্ভত এক প্ৰশিক্ষণ প্ৰদান কৰে।
Also Read: কোকৰাঝাৰত ৫ টা অংগনবাড়ী কেন্দ্ৰৰ আধাৰশীলা স্থাপন...