কোকৰাঝাৰত ৫ টা অংগনবাড়ী কেন্দ্ৰৰ আধাৰশীলা স্থাপন...

কোকৰাঝাৰত ৫ টা অংগনবাড়ী কেন্দ্ৰৰ আধাৰশীলা স্থাপন...

author-image
Asomiya Pratidin
New Update
কোকৰাঝাৰত ৫ টা অংগনবাড়ী কেন্দ্ৰৰ আধাৰশীলা স্থাপন...

কোকৰাঝাৰত ৫ টা অংগনবাড়ী কেন্দ্ৰৰ আধাৰশীলা স্থাপন...

ডিজিটেল সংবাদ কোকৰাঝাৰঃ কোকৰাঝাৰ পূৱ বিধানসভা সমষ্টিত আজি স্থানীয় বিধায়ক লৰেঞ্চ ইছলাৰীয়ে পাঁচটা মডেল অংগনবাড়ী কেন্দ্ৰৰ আধাৰশীলা স্থাপন কৰে। কোকৰাঝাৰ জিলাৰ উত্তৰ মালিগাঁও, ডেকাদাম্ৰা, জয়পুৰ মংগলঝোৰা, শ্যামশিংখ্ৰীলা আৰু উত্তৰ দোবৰাগাঁওত মডেল অংগনবাড়ী কেন্দ্ৰৰ আধাৰশীলা স্থাপন কৰি বিধায়ক লৰেঞ্চ ইছলাৰীয়ে কয় যে, অংগনবাড়ী কেন্দ্ৰসমূহৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱাৰ পিছত শিশুসকলৰ শাৰীৰিক,মানসিক আৰু বৌদ্ধিক বিকাশত সহায়ক হ'ব ।

Advertisment

তেওঁৰ নিজা সমষ্টিত ইতিমধ্যে ৩৫ টা মডেল অংগনবাড়ী কেন্দ্ৰ নিৰ্মাণৰ অনুমোদন হৈছে আৰু ইয়াৰে ১১ টা মডেল অংগনবাড়ী কেন্দ্ৰৰ নিৰ্মাণ সম্পূৰ্ণ হৈ মুকলি কৰা হৈছে। মডেল অংগনবাড়ী কেন্দ্ৰ নিৰ্মাণৰ অনুমোদনৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছে বিধায়ক লৰেঞ্চ ইছলাৰীয়ে ।

উল্লেখ্য যে, আজি মডেল অংগনবাড়ী কেন্দ্ৰৰ আধাৰশীলা স্থাপন অনুষ্ঠানত বিধায়ক লৰেঞ্চ ইছলাৰীৰ সতে ১০ নং দেবৰগাঁও সমষ্টিৰ টি চি এল চি চিৰ অধ্যক্ষ বুদ্ধদেৱ মুছাহাৰী, ইউ পি পি এলৰ দেৱৰগাঁও ব্লক কমিটিৰ সভাপতি বিজিত গৌৰা বসুমতাৰী, দেৱৰগাঁও মণ্ডল বিজেপিৰ সভাপতি চন্দন ব্ৰহ্ম, বিজেপিৰ জিলা যুৱ মৰ্চাৰ উপ-সভাপতি থুলুংগা মুছাহাৰী আৰু খণ্ড উন্নয়ন বিষয়াকে ধৰি আন বিভাগীয় বিষয়াসকল উপস্থিত আছিল ।

Also Read: বোকাজানত বুজন পৰিমাণৰ অপিআম জব্দ...

কোকৰাঝাৰ