/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/40a83c58-dbc8-47e7-88de-f0faf33a6824/433.jpg)
ডিজিটেল সংবাদ,কলিয়াবৰ : "ভাৰতবৰ্ষই যি সময়ত ভক্তি আন্দোলনৰ জড়িয়তে নানা কু-সংস্কাৰৰ পৰা মুক্ত হৈ সামাজিক নৱজাগৰণৰ পথত খোজ দিছিল,সেই সময়ত ইউৰোপৰ ইটালীত বিজ্ঞানী জিয়ৰ্ডানো ব্ৰুণোক জীয়াই জীয়াই পুৰি মৰা হৈছিল। ব্ৰুণোয়ে সূৰ্যকেন্দ্ৰিক বিশ্বব্ৰহ্মাণ্ডৰ ধাৰণাক অস্বীকাৰ কৰা বাবেই বিজ্ঞান বিৰোধী খ্ৰীষ্টান যাজকৰ নিৰ্দেশত ব্ৰুণোক হত্যা কৰা হৈছিল।
এয়া ষোড়শ শতিকাৰ কথা। কিন্তু, আজিৰ ইউৰোপে সকলো ধৰ্মান্ধতা আঁতৰাই থৈ উন্নতিৰ শিখৰ চুইছে, বিপৰীতে ভাৰতবৰ্ষ ধৰ্মান্ধ আৱৰণৰ মাজত সোমাই পৰিছে "। - এইদৰে মন্তব্য কৰে কলিয়াবৰ শাখা বিজ্ঞান সমিতিৰ সম্পাদক ভূপেন শৰ্মাই।
অসম বিজ্ঞান সমিতিৰ কলিয়াবৰ শাখাৰ দ্বাৰা আয়োজিত- "অন্ধবিশ্বাসৰ বিৰুদ্ধে অভিযান - অশুভ সামাজিক শক্তিক নিৰ্মূল কৰোঁ আহক " শীৰ্ষক কৰ্মশালাত সমল ব্যক্তি হিচাবে অংশগ্ৰহণ কৰি শৰ্মাই এইদৰে কয়। দেওবাৰে কলিয়াবৰৰ মিছা হাইস্কুলত অসম বিজ্ঞান সমিতিৰ অৰ্থসাহায্যত অনুষ্ঠিত নগাঁও জিলাভিত্তিক এই কৰ্মশালাত সভাপতিত্ব কৰে কলিয়াবৰ শাখা বিজ্ঞান সমিতিৰ সভাপতি গোলাপ চন্দ্ৰ শইকীয়াই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/7d9ac947-75bc-4afe-8777-ea1f00ff4f59/47fa7df5-fe25-4b17-868b-ec30432c004c.jpg)
কৰ্মশালাখন উদ্বোধন কৰে পশ্চিম কলিয়াবৰ উন্নয়ন খণ্ডৰ আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ সভাপতি শিৱ উপাধ্যায়ে। নগাঁও জিলাৰ আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ উন্নয়ন খণ্ডসমূহৰ স্বেচ্ছাসেৱকসকলে অংশগ্ৰহণ কৰা কৰ্মশালাটিৰ প্ৰাৰম্ভতে অন্ধবিশ্বাসৰ বিৰুদ্ধে নিৰন্তৰ যুঁজাৰু সদ্যপ্ৰয়াত পদ্মশ্ৰী বীৰুবালা ৰাভাৰ স্মৃতিচাৰণ কৰা হয়।
উল্লেখযোগ্য যে তিনিটা সত্ৰত অনুষ্ঠিত হয় কৰ্মশালাখনি। ইয়াৰে প্ৰথম সত্ৰৰ সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে ভূপেন শৰ্মাই। তেঁও অন্ধবিশ্বাসৰ আৰু কু-সংস্কাৰৰ পটভূমি, অন্ধবিশ্বাসে সমাজলৈ অনা পশ্চাৎপদতা সম্পৰ্কে বিস্তাৰিতভাৱে আলোচনা আগবঢ়াই অংশগ্ৰহণকাৰী স্বেচ্ছাসেৱকসকলক আমাৰ সমাজত প্ৰচলিত অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে সজাগতা বৃদ্ধিৰ বাবে সাজু হ'বলৈ আহ্বান জনায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/0dd31095-9f30-416f-a731-86f98bc1217c/076b81ec-b2b5-47f3-b628-4f072a5c2a67.jpg)
কৰ্মশালাৰ দ্বিতীয় সত্ৰত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে অসম বিজ্ঞান সমিতিৰ যুটীয়া সচিব পংকজ কুমাৰ বৰুৱা, শিক্ষক তথা বিজ্ঞানকৰ্মী ভবেন্দ্ৰ বৰুৱা আৰু সীমান্ত হাজৰিকাই। তিনিওগৰাকী সমল ব্যক্তিয়ে বিজ্ঞান মেজিকেৰে কৰ্মশালাৰ বিষয়টি আকৰ্ষণীয় ৰূপত তুলি ধৰে ।
কৰ্মশালাখনৰ তৃতীয় সত্ৰ অংশগ্ৰহণকাৰী স্বেচ্ছাসেৱকসকলৰ মত বিনিময়েৰে সম্পাদিত হয়। সামৰণি অনুষ্ঠানত মিছা হাইস্কুলৰ প্ৰধান শিক্ষক জিতেন বৰুৱাই অন্ধবিশ্বাসৰ কু-প্ৰভাৱৰ কেইবাটাও স্থানীয় উদাহৰণ দাঙি ধৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/17496e49-5321-4f7e-8eac-bd93c77568df/ad21c8ea-4258-4ba3-bbaa-cf5100f53dcf.jpg)
প্ৰতিগৰাকী অংশগ্ৰহণকাৰীক অংশগ্ৰহণৰ প্ৰমাণ পত্ৰৰ লগতে অসম বিজ্ঞান সমিতিয়ে প্ৰকাশ কৰি উলিওৱা "চকু মেলি চাওঁ"শীৰ্ষক সজাগতামূলক পুস্তিকা বিতৰণ কৰা হয়।
Also Read: অসম ভ্ৰমণ কৰিব আপৰ জ্যেষ্ঠ নেতা তথা মন্ত্ৰী গোপাল ৰায়ে