ঢকুৱাখনাত আবকাৰী বিভাগৰ অভিযান : জব্দ অৰুণাচলী সুৰা

ঢকুৱাখনাত আবকাৰী বিভাগৰ অভিযান : জব্দ অৰুণাচলী সুৰা

ডিজিটেল সংবাদ, ঢকুৱাখনা : ঢকুৱাখনা,ঘিলামৰাত বহিঃ ৰাজ্যৰ বিলাতী সুৰাৰ এখন ৰমৰমীয়া বেহাৰ ভূস্বৰ্গলৈ পতিত হৈছে । ঢকুৱাখনা আৰু ঘিলামৰা আৰক্ষীৰ চকুৰ সন্মুখেৰে অবিৰাম হাৰত চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ বিলাতী সুৰা ভৰ্তি লঘু বাহন চলাচল কৰি আহিছে বিগত সময়চোৱাত ।

জানিব পৰা মতে অতি কৌশলেৰে ব্যক্তিগত বাহনত এনে অৰুণাচলী বিলাতী সুৰা ভৰাই দিনতে ঘিলামৰা আৰু ঢকুৱাখনা আৰক্ষী থানাৰ সন্মুখেৰে পাৰাপাৰ হৈ আছে । অথচ তথাকথিত "নাকা চেকিং"লগাই জৰিমনা বিহিবলৈ খাপ পিটি থকা আৰক্ষীৰ চকুত নপৰ ।

থানা দুখনৰ এনে সোৰোপা চৰিত্ৰৰ বাবেই জনস্বাস্থ্যৰ প্ৰতি ভাবুকি স্বৰূপ অৰুণাচলী সুৰাৰ বন্যাই ছানি ধৰিছে ঢকুৱাখনা, ঘিলামৰা। আৰক্ষীৰ এনে অন্ধমুনিৰ ভূমিকাৰ বিপৰীতে সক্ৰিয়তা প্ৰদৰ্শন কৰি আহিছে ঢকুৱাখনা চক্ৰৰ আবকাৰী বিভাগে ।

বৃহস্পতিবাৰে ঢকুৱাখনা আবকাৰী চক্ৰৰ এটা দলে গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত অভিযান চলাই উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ অৰুণাচলী বিলাতী সুৰা । আবকাৰী সহকাৰী পৰিদৰ্শক আনিছ কালামৰ নেতৃত্বত পুৱা ৮ বজাত চলা অভিযানকালত ঢকুৱাখনা আৰক্ষী থানাৰ অন্তৰ্গত ভোমা মিৰি গাঁওৰ পৰা মুঠ ১৬ কাৰ্টুন বিলাতী অৰুণাচলী বিয়েৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত ভোমা মিৰি গাঁওৰ মনোৰঞ্জন পেগুৰ ভৰাঁল ঘৰত গোপনে মজুত কৰি ৰখা এই বৃহৎ পৰিমাণৰ সুৰা সমূহ গোপনে বিক্ৰীৰ বাবে ৰখা অৱস্থাত উদ্ধাৰ কৰে আবকাৰী বিভাগে । আবকাৰী বিভাগে উদ্ধাৰ হোৱা বিদেশী অৰুণাচলী সুৰাৰ কাৰ্টুনসমূহ জব্দ কৰিছে।

অৱশ্যে মনোৰঞ্জন পেগু নামৰ এজন ব্যক্তি পলাতক অৱস্থাত আছে । জব্দকৃত বিলাতী সুৰাখিনি ঢকুৱাখনা মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত পৰিদৰ্শন কৰাই এক গোচৰ পঞ্জীয়ন কৰিছে।

ঢকুৱাখনাত আবকাৰী বিভাগৰ অভিযান : জব্দ অৰুণাচলী সুৰা
১৬ বছৰীয়া বৰ্ণিল অভিজ্ঞতা বুকুত বান্ধি আই পি এলক বিদায় দীনেশ কাৰ্তিকৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in