ঢকুৱাখনাত অব্যাহত ভাং খেতিৰ উচ্ছেদ অভিযান...

ঢকুৱাখনা মহকুমাৰ ঢকুৱাখনা ৰাজহ চক্ৰৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰৰ নদীপৰীয়া প্ৰায় ৬ বিঘা চৰকাৰী ভূমিত অবৈধ ভাৱে কৰা গাঞ্জা খেতিত সোমবাৰেও চলিল প্ৰশাসনৰ এক্সকেভেটৰ
ভাং খেতিৰ উচ্ছেদ
ভাং খেতিৰ উচ্ছেদ

ডিজিটেল সংবাদ, ঢকুৱাখনা: ঢকুৱাখনা মহকুমাৰ ঢকুৱাখনা ৰাজহ চক্ৰৰ অন্তৰ্গত  ব্ৰহ্মপুত্ৰৰ নদীপৰীয়া প্ৰায় ৬ বিঘা চৰকাৰী ভূমিত অবৈধ ভাৱে কৰা গাঞ্জা খেতিত সোমবাৰেও চলিল প্ৰশাসনৰ এক্সকেভেটৰ ।

ঢকুৱাখনা আৰক্ষী চকীৰ অন্তৰ্গত এন চি আলিমুৰ পাতিৰ চৰচাপৰি অঞ্চলৰ উক্ত চৰকাৰী ভূমিত কোনো অজ্ঞাত লোকে কৰিছে নিষিদ্ধ খেতি । এই বিশাল ভাং খেতিত দেওবাৰে আৰক্ষী প্ৰশাসনে উচ্ছেদ অভিযান চলায় ।

পুনৰ অৱশিষ্ট খেতিত  সোমবাৰে পুৱা গৈ উপস্থিত হয় মহকুমা আৰক্ষী বিষয়া  সৌমেন্দ্য শুক্লবৈদ্য, কাৰ্যবাহী দণ্ডাধীশ মানৱ জ্যোতি দাস, সদৰ থানাৰ দ্বিতীয় ভাৰপ্ৰাপ্ত বিষয়া দীনেশ মেধি , উপ পৰিদর্শক সিদ্ধাৰ্থ নাথ আৰু অন্যান্য আৰক্ষীৰ দল ।

ভাং খেতিৰ উচ্ছেদ পৰিদৰ্শন
ভাং খেতিৰ উচ্ছেদ পৰিদৰ্শন

দলটোৱে সমগ্ৰ ৬ বিঘা মাটিকালিত অজ্ঞাত ব্যক্তিয়ে কৰা এই বিশাল নিষিদ্ধ খেতিত এক্সকেভেটৰ চলাই বিনষ্ট কৰা পৰ্ব অব্যাহত ৰাখিছে ।

আৰক্ষী বিভাগে এই বিশাল নিচাযুক্ত সামগ্ৰীৰ চোৰাং খেতি সমুলঞ্চে উচন নকৰা পৰ্যন্ত পৰৱৰ্তী দিন সমূহতো ধাৰাবাহিক হাৰত এই ভাং খেতি উচ্ছেদ অভিযান অব্যাহত ৰাখিব বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিছে ।

স্থানীয় এক সূত্ৰই এই ভাং খেতি স্বতঃস্ফূৰ্তভাবে হোৱা বুলি দাবী কৰিলেও বাস্তৱিকতে এয়া কোনো সমাজবিৰোধী চক্ৰই সংগোপনে কৰা পৰিকল্পিত খেতি বুলিও ধাৰণা কৰা গৈছে ।

এই সন্দৰ্ভত ঢকুৱাখনা আৰক্ষীয়ে এন ডি পি এছ আইনৰ অধীনত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে । তদন্তৰ শেষতহে খেতিৰ গৰাকী সন্দৰ্ভত প্ৰকৃত তথ্য উদঘাটন হব।

ভাং খেতিৰ উচ্ছেদ
কংকনা মেধিলৈ মৰিগাঁও জিলা সাহিত্য সভাৰ উদগনিমূলক প্ৰেৰণা বঁটা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in