চিমেন চাপৰিত কেন্দ্ৰীয় মন্ত্ৰী কৈলাশ চৌধুৰী

চিমেন চাপৰিত কেন্দ্ৰীয় মন্ত্ৰী কৈলাশ চৌধুৰী

ডিজিটেল সংবাদ, চিলাপথাৰঃ কেইবাটাও চৰকাৰী কাৰ্য্যসূচী হাতত লৈ সোমবাৰে কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যিক কৃষি আৰু কৃষক কল্যাণ দপ্তৰৰ মন্ত্ৰী কৈলাশ চৌধুৰী উপস্থিত হয় ধেমাজিৰ চিমেন চাপৰিস্থিত কৃষি বিজ্ঞান কেন্দ্ৰত। যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড৹ মনোৰঞ্জন নেওগে আঁতধৰে ৰাজহুৱা সভাখনৰ।

২০১৩ চনত দেশৰ কৃষিজাত সামগ্ৰীৰ উৎপাদন ২৫০ মেট্ৰিক টন আছিল। কিন্তু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কৃষি আৰু কৃষকৰ উন্নয়নৰ বাবে লোৱা বিজ্ঞানসন্মত পদক্ষেপৰ বাবে বৰ্তমান ইয়াৰ পৰিমাণ হৈছে ৩৩০ মেট্ৰিক টনলৈ বৃদ্ধি পাবলৈ সক্ষম হৈছে বুলি বক্তব্য ৰাখে লগতে উত্তৰ-পূৰ্বাঞ্চলৰ কৃষি ক্ষেত্ৰৰ উন্নয়নৰ বাবে কৃষি গৱেষকসকলে গৱেষণা কৰাৰ সুযোগ সুবিধা লাভ কৰিব বুলি কেন্দ্ৰীয় ৰাজ্যিক কৃষি আৰু কৃষক কল্যাণ দপ্তৰৰ মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে । কৃষি বিজ্ঞান কেন্দ্ৰ সমূহক আধুনিকীকৰণ কৰি উদ্যান শস্য উৎপাদন,অৰ্গেনিক সামগ্ৰী উৎপাদন,পশুপালন আদি কৃষি ক্ষেত্ৰৰ সৈতে জড়িত কৰ্ম সমূহত যুৱচামক উদগনি দিয়াৰ বাবে চৰকাৰে ফলপ্ৰসূ আঁচনি গ্ৰহণ কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে উনুকিয়ায়।

লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই আদৰণি ভাষণ আগবঢ়োৱা অনুষ্ঠানত অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগু, ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ সঞ্চালক ড৹ কাদ্ৰিভেল গোবিন্দ স্বামী, জোনাইৰ বিধায়ক ভূৱন পেগু,ধেমাজি জিলাৰ আয়ুক্ত অংকুৰ ভঁৰালী,কৃষি বিজ্ঞান কেন্দ্ৰ,ধেমাজিৰ জ্যেষ্ঠ বিজ্ঞানী তথা মূৰব্বী ড৹ গুঞ্জন গগৈ,বিষয়বস্তু বিশেষজ্ঞা নীলাক্ষী ভূঞা, অভিলাসা বৰঠাকুৰ, ড৹ বিনীতা কোঁৱৰ, ডাঃ প্ৰজ্বলিতা পাঠক,ভূপেন দাফলাৰী, মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্য্যবাহী সদস্য মলেন্দ্ৰ নাৰ্জাৰী‌ প্ৰমুখ্যে কৃষি বিজ্ঞান কেন্দ্ৰ, ধেমাজিৰ বিষয়ববীয়া সকল উপস্থিত থাকে।

অসম অৰুণাচল সীমান্তৱৰ্তী জোনাই মহকুমাৰ অন্তৰ্গত পুৰণা জেলমত হেলিকপ্তাৰ যোগে উপস্থিত হৈ ৬০ বিঘা মাটিত একৈশ কোটি টকাৰে নিৰ্মীয়মাণ অৱস্থা থকা পুৰণা জেলমস্থিত একলব্য বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে ভাৰত চৰকাৰৰ কেন্দ্ৰীয় ৰাজ্যিক কৃষি আৰু কৃষক কল্যাণ দপ্তৰৰ মন্ত্ৰী কৈলাশ চৌধুৰীয়ে ৷

ইয়াৰ পিছতে জোনাইত মন্ত্ৰীজনে ঐতিহ্যমণ্ডিত জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৮কোটি টকা ব্যয় সাপেক্ষে নতুনকৈ নিৰ্মাণ কৰিব লগা মডেল বিদ্যালয়ৰ আধাৰশিলা স্থাপনৰ লগতে ১৬ টা নতুন পথ আৰু কেবাটাও জল জীৱন মিচনৰ আচঁনিৰ শুভাৰম্ভ কৰে৷

চিমেন চাপৰিত কেন্দ্ৰীয় মন্ত্ৰী কৈলাশ চৌধুৰী
প্ৰাক্তন বিধায়ক হেমেন দাসৰ গ্ৰন্থ উন্মোচন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in