/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/58fad51a-08ea-42dc-bf54-0e0111eafcfb/56.jpg)
ডিজিটেল ডেস্ক : অসমত প্রযুক্তিৰ দিশত এক নৱ বিপ্লৱৰ সূচনা কৰি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে বুধবাৰে নতুন দিল্লীৰ পৰা আভাষীয়ভাবে জাগীৰোডত টাটা গ্রুপৰ স্বদেশী অর্ধপৰিবাহী সমাৱিষ্টকৰণ আৰু পৰীক্ষণ কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে। উল্লেখ্য যে, ইতিহাস সূচনাৰে প্ৰযুক্তিৰ ক্ষেত্ৰত অসমৰ এক মাইল খুঁটি স্বৰূপ এই কেন্দ্র নির্মাণত ২৭ হাজাৰ কোটি টকা ব্যয় হ'ব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/3c3f7fb9-3f06-4974-b031-abbbb8cb48f8/abec6a84_6094_4b8b_a4fb_e1c85c76e99c.jpg)
আনহাতে স্বদেশী অর্ধপৰিবাহী সমাৱিষ্টকৰণ আৰু পৰীক্ষণ কেন্দ্রত প্রতিদিনে ৪৮ মিলিয়ন চিপছ উৎপাদন হ'ব। তদুপৰি এই কেন্দ্ৰত ১৬ হাজাৰ যুৱক-যুৱতীয়ে প্রত্যক্ষ নিযুক্তি লাভ কৰিবলৈ সক্ষম হ'ব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/b0440cf9-ad86-448b-aa51-0b37a80a1f96/c7fd4fea_8521_42b4_8453_88c4ba72f8c8.jpg)
জাগীৰোডত এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয় যে, জিএছটি প্রস্তাৱ গৃহীত কৰাৰ দিশত অসমেই আছিল দেশৰ প্ৰথমখন ৰাজ্য। ইয়াৰ পৰিপ্ৰেক্ষিততে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে সেয়ে 'এ ফৰ আছাম' অভিধা আগবঢ়াইছিল। এই কথাষাৰ আজি বাস্তৱত পৰিণত হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/415598a9-5b08-4e51-8c42-4876b8a46ee1/fc27b89f_5c4f_4c1f_b548_559c03d8b2e5.jpg)
ভৌগোলিক বাধাৰ বাবে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত উদ্যোগ বিপ্লৱৰ সূচনা হোৱা নাছিল বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ লগতে কয় যে, উত্তৰ-পূৰ্বাঞ্চলতো যে উদ্যোগিক বিপ্লৱ সম্ভৱ সেই কথা কোনেও ভবা নাছিল। প্রধানমন্ত্রীৰ নিৰন্তৰ উত্তৰ-পূৰ্বাঞ্চল ভ্রমণ, অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্রতি থকা অগাধ প্ৰেমৰ বাবে আজি দেশত অর্ধপৰিবাহী সমাৱিষ্টকৰণ আৰু পৰীক্ষণ কেন্দ্র স্থাপনৰ প্ৰথম পর্যায়তে অসম অন্তর্ভুক্ত হোৱাৰ সৌভাগ্য হৈছে। ইয়াৰ বাবে অসম তথা উত্তৰ- পূর্বাঞ্চলবাসীয়ে সদায়ে প্রধানমন্ত্রীক শ্ৰদ্ধাৰে স্মৰণ কৰিব বুলি ভাষণত কয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/8e92e7c8-aa91-455e-bfa1-d6c880e740d8/0522f41a_1e87_461a_aaff_b1cf4b6852b8.jpg)
দেশৰ এক অৱহেলিত অঞ্চল অসমক ঔদ্যোগিক বিপ্লৱৰ প্ৰথম পৰ্যায়তে প্রধানমন্ত্রীয়ে অন্তর্ভুক্ত কৰিলে। ইয়াৰ বাবে মুখ্যমন্ত্রী ড০ শৰ্মাই প্রধানমন্ত্রী মোদীক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ ভাষণত মন্তব্য কৰে যে, প্ৰথম পর্যায়ৰ ছেমিকণ্ডাক্টৰ বিপ্লৱত অসমকো সামৰি লোৱা হ'ব বুলি তেওঁ কেতিয়াও ভবা নাছিল।
প্রধানমন্ত্রী মোদীৰ বাবেই যে এয়া সম্ভৱ হৈছে সেই কথা অসমে কেতিয়াও পাহৰি নাযায় বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে, অসমৰ ইতিহাস তথা উত্তৰ পুৰুষে সদায়ে প্রধানমন্ত্রী মোদীক স্মৰণ কৰি থাকিব। অসমৰ ক্ষেত্ৰত প্রধানমন্ত্রীয়ে যি আস্থা প্রকাশ কৰিছে সেই আস্থাক বাস্তৱত পৰিণত কৰাৰ বাবে ৰাজ্য চৰকাৰে দৃঢ়তাৰে প্রয়াস চলাব বুলিও মুখ্যমন্ত্রীয়ে কয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/4448fa4d-93a1-4f40-b34d-a2c932f251d8/05d6cd39_047a_4a2f_b9f2_70c42056b606.jpg)
মুখ্যমন্ত্রী ড০ শৰ্মাই লগতে কয় যে অসমবাসীয়ে প্রধানমন্ত্রীক এক যুগপুৰুষ হিচাপে সদায়ে মনত ৰাখিব। প্রধানমন্ত্রীয়ে এইদৰে অসমবাসীক আশীর্বাদ দি যাব বুলিও মুখ্যমন্ত্রীয়ে আশা প্রকাশ কৰে।
মুখ্যমন্ত্রীগৰাকীয়ে ইলেক্ট্রনিক্স আৰু তথ্য- প্রযুক্তি দপ্তৰৰ কেন্দ্রীয় মন্ত্রী অশ্বিনী বৈষ্ণৱক ধন্যবাদ জ্ঞাপন কৰি কয় যে, কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত মার্গদর্শন কৰি আগুৱাই যাবলৈ প্রেৰণা যোগাইছে। টাটা ছন্সৰ লগত অসমৰ এক গভীৰ সম্পৰ্ক আছে আৰু এই সম্বন্ধ অতি পুৰণি। টাটাই ভৌগোলিক বাধা আঁতৰ কৰাৰ বাবে সাহস কৰিলে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে টাটা ছন্সৰ অধ্যক্ষ এন চন্দ্ৰশেখৰণ আৰু টাটাৰ অন্যান্য বিষয়াবর্গক ধন্যবাদ জ্ঞাপন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/7fb9f314-bd4e-4349-a6f5-cffb2688ce4f/c7fd4fea_8521_42b4_8453_88c4ba72f8c8.jpg)
টাটাই স্বদেশী অর্ধপৰিবাহী সমাৱিষ্টকৰণ আৰু পৰীক্ষণ কেন্দ্র স্থাপনৰ বাবে এক সঠিক স্থান নির্ধাৰণ কৰিছে বুলি মন্তব্য কৰে। এই উদ্যোগ স্থাপনৰ ক্ষেত্ৰত প্রতিষ্ঠানটোৱে কোনো অসুবিধাৰ সন্মুখীন হ'ব নালাগে আৰু ৰাজ্য চৰকাৰে এই ক্ষেত্ৰত সকলো ধৰণৰ সহযোগিতা আগবঢ়াব। টাটাই অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশত গুৰুত্বপূর্ণ অৰিহণা যোগাই আহিছে বুলি ড০ শৰ্মাই কয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/cfa44109-9402-44ce-bf63-24c03e509bdc/c560b8ee_6651_488f_845f_f3e0f5ef649f.jpg)
আজিৰ এই অনুষ্ঠানত ৰে'লপথ, যোগাযোগ, ইলেক্ট্রনিক্স আৰু তথ্য-প্রযুক্তি দপ্তৰৰ কেন্দ্রীয় মন্ত্রী অশ্বিনী বৈষ্ণৱ, ইলেক্ট্রনিক্স আৰু তথ্য-প্রযুক্তি, দক্ষতা বিকাশ আৰু উদ্যমিতা দপ্তৰৰ কেন্দ্রীয় ৰাজ্যিক মন্ত্রী ৰাজীৱ চন্দ্ৰশেখৰ, গুজৰাটৰ মুখ্যমন্ত্রী ভূপেন্দ্ৰভাই পেটেল, টাটা ছন্সৰ অধ্যক্ষ এন চন্দ্ৰশেখৰণে ভিডিঅ' কনফাৰেন্সযোগে অংশগ্রহণ কৰে। জাগীৰোডত অনুষ্ঠিত অনুষ্ঠানত অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিন,মন্ত্রী বিমল বড়া, যোগেন মহন,পীযূষ হাজৰীকা,কেশৱ মহন্ত,তুলিৰাম ৰংহাং, টাটা ইলেক্ট্রনিক্সব সঞ্চালক বর্ণালী আগৰবালা, টাটা ছেমিকণ্ডাক্টৰ এছেমলি এণ্ড টেষ্ট প্রাইভেট লিমিটিডৰ ৰাজন বন্দোপাধ্যায়, ড° চৰণ গুৰুমূর্তি,এ মুখার্জী প্রমুখ্যে গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে।
Also Read: নগাঁৱত শ্ৰেষ্ঠ বিদ্যালয়-মাতৃগোটক সম্বৰ্ধনা আৰু বঁটা প্ৰদান