শিক্ষাবিদ-প্ৰবীণ বামপন্থী নেতা অচ্যুত দত্তৰ বিয়োগ

শিক্ষাবিদ-প্ৰবীণ বামপন্থী নেতা অচ্যুত দত্তৰ বিয়োগ

ডিজিটেল সংবাদ ,ঢকুৱাখনা : আজীৱন দৰিদ্ৰ ,নিৰ্যাতিত,নিপীড়িত খাটি খোৱা জনতাৰে একাত্ম হৈ নিজক বিলীন কৰি দিয়া প্ৰবীণ শিক্ষাবিদ,সক্ৰিয় সমাজ সংগঠক ,বাওঁপন্থী নেতা অচ্যুত দত্ত নিজেই কালৰ বুকুত বিলীন হৈ গ'ল। ঢকুৱাখনা মহকুমাৰ ধেনুখনা গাঁৱৰ কলিতা চুকৰ নিজা বাসগৃহত দেওবাৰে  বিয়লি প্ৰায় ১ বজাত শেষ নিশ্বাস ত্যাগ।

বিগত কিছুদিন ধৰি মধুমেহ আৰু পৰৱৰ্ত্তী সময়ত বৃক্কৰ ৰোগত আক্ৰান্ত হৈ ঘৰতে চিকিৎসাধীন হৈ থকা বাওঁ পন্থী আদৰ্শৰে দীক্ষিত দত্ত প্ৰায় এসপ্তাহ মান পূৰ্বে স্বগৃহত পৰি গুৰুতৰভাৱে আহত হৈছিল। প্ৰাথমিক চিকিৎসাৰ অন্তত নিজা বাসগৃহত চিকিৎসাধীন হৈ দিন কটোৱা দত্তৰ দেওবাৰে দুপৰীয়া স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটাৰ পাছত অন্তিম নিশ্বাস ত্যাগ কৰে ।

প্ৰায় ৮৪ বছৰীয়া প্ৰবীণ শিক্ষাবিদগৰাকীয়ে ৭০ দশকত ধেমাজি জিলাৰ বৰদলনিত শিক্ষকতাৰ সেৱা আগবঢ়াই থকাৰ সময়তে শিক্ষানুৰাগী ৰাইজৰ আহ্বান মৰ্মে নিজা জন্মভূমিলৈ উভতি আহি ঘিলামৰাৰ  বাটমাৰীত নিজস্ব উদ্যোগত আধুনিক আনুষ্ঠানিক শিক্ষাৰ পোহৰ বিলাবলৈ প্ৰাণ প্ৰতিষ্ঠা কৰে ধেনুখনা  বালক উচ্চ মাধ্যমিক বিদ্যালয়ৰ ।

সমগ্ৰ অঞ্চলটোত আধুনিক শিক্ষাৰ পোহৰে আলোকিত কৰাৰ মানসেৰে দত্তই বিদ্যালয়খনত প্ৰতিষ্ঠাপক প্ৰধান শিক্ষকৰ বৰেণ্য অৱদান আগবঢ়াই পৰৱৰ্তী সময়তধেনুখনা হাইস্কুলৰ প্ৰতিষ্ঠা কৰি এই বিদ্যালয়তো প্ৰতিষ্ঠাপক প্ৰধান শিক্ষকৰ অতুলনীয় সেৱা আগবঢ়াই যায়। পৰৱৰ্তী সময়ত ২০০৪ চনত এই বিদ্যালয়ৰ পৰা প্ৰধান শিক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰে দত্তই।

কটন মহাবিদ্যালয়ৰ ইংৰাজী বিষয়ৰ স্নাতক দত্তই ছাত্ৰ জীৱনৰ পৰাই বামপন্থী মাৰ্গদৰ্শনৰ প্ৰতি আকৃষ্ট হৈ বাওঁ পন্থী সংগ্ৰামৰ এগৰাকী অগ্ৰণী যোদ্ধা হিচাবে আত্ম পৰিচয় দাঙি ধৰিছিল । উত্তৰ অসমৰ বামপন্থী সংগ্ৰামখনৰ লগতে বাওঁ বাদী ভাৱধাৰাৰ প্ৰসাৰ আৰু জনমুখী কৰাৰ লগতে দৰিদ্ৰ আৰ্তজনৰ স্বাধীকাৰ আজুৰি অনাৰ গণতান্ত্ৰিক গণ সংগ্ৰামখনক সন্মুখৰ পৰা নেতৃত্ব দিয়া প্ৰয়াত দত্ত ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ অসম ৰাজ্যিক পলিত ব্যুৰোৰ সদস্য হিচাবে বৰেণ্য অৱদান আগবঢ়াই গৈছে ।

ওৰেটো জীৱন নিপীড়িত,নিৰ্যাতিতজনৰ কাষত অন্ধলাৰ লাঠি হৈ থিয় দি অহা বিনয়ী দত্তই জীৱনৰ বিয়লি বেলা কটাব লগা হৈছিল নিসংগ জীৱন । বাৰ্ধক্য কিম্বা নিসংগতাও ক্ষণিকৰ বাবে বিচলিত কৰিব নোৱাৰা অদম্য মনোশক্তিৰ গৰাকী দত্তৰ বাবে জীৱনৰ অন্তিম সময় চোৱা স্বগৃহত কটোৱা অকলশৰীয়া জীৱন আছিল এক অনন্য অবৰ্ণনীয় আৰু অপ্ৰকাশ্য বিষাদ।

যিটো কেতিয়াও প্ৰকাশ কৰা নাছিল দত্তই। শেহতীয়াভাৱে শ্ৰৱণ শক্তিৰ দ্ৰুত হ্ৰাস পোৱাত দত্তই জানুৱাৰী মাহত এটা শ্ৰৱণ যন্ত্ৰ ক্ৰয়ৰ সপোন দেখি থাকোতেই অনন্ত ধামলৈ গতি কৰাত শোকস্তব্ধ অনুৰাগী আৰু ঢকুৱাখনাবাসী । দত্তই বিয়োগৰ সময়ত এগৰাকী পুত্ৰ,এগৰাকী কন্যা,অজস্ৰ আত্মীয় স্বজন, শুভাকাংক্ষী আৰু গুণমুগ্ধক ইহ সংসাৰত এৰি যায় । কমৰেড দত্তৰ বিয়োগত জন্মভূমি ধেনুখনাৰ লগতে সমগ্ৰ ঢকুৱাখনা মহকুমাতে শোকৰ বন্যা বৈছে ।

শিক্ষাবিদ-প্ৰবীণ বামপন্থী নেতা অচ্যুত দত্তৰ বিয়োগ
বৰগাং বনাঞ্চলিক বিষয়া চক্ৰপাণি ৰয়ৰ চালানবিহীন টেক্টৰ-ডাম্পাৰৰ বিৰুদ্ধে অভিযান
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in