/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/08db01d0-0ec4-4dc5-aa58-adfb674cd7bf/silapathar_23.jpg)
ঐতিহাসিক চিলাসুতি তাম্ৰেশ্বৰী আইথানত মহা নৱমী উপলক্ষে ম'হ বলি...
ডিজিটেল সংবাদ চিলাপথাৰঃ দুৰ্গা পূজাৰ আজি মহা নৱমী। মহা নৱমীৰ দিনোটত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দুৰ্গা পূজাস্থলীত ভিৰ কৰিছে ভক্তসকলে। পুৱাৰে পৰা পূজা অৰ্চনা কৰিছে দেৱী দুৰ্গাক। চিলাপথৰতো দেখা গ'ল অনুৰূপ দৃশ্য। চিলাপথাৰৰ প্ৰতিখন পূজাস্থলীত দেখা পোৱা গ'ল যথেষ্ট ভিৰ।
ইফালে ১৯০৫ চনতে স্থাপিত চিলাপথাৰ চিলাসুতি তাম্ৰেশ্বৰী আই থানত এইবাৰো সম্পন্ন কৰা হয় নিয়ম তথা পৰম্পৰা অনুসৰি বলি বিধান। দেৱী দুৰ্গাৰ তুষ্টিৰ বাবে দুটা দিনে উচৰ্গা কৰা হয় অসংখ্য হাঁহ,পাৰ আৰু ছাগলী।
আজি মহানৱমীৰ দিনা কৌটিকলিয়া পৰম্পৰাৰ দোহাই দি বলি দিয়া হ'ল এটা ম'হ। অপাই, অমংগল নাশি কুশল, মংগল কামনাৰে আশীৰ্বাদ বিচাৰি দেৱী দুৰ্গাৰ চৰণত অৰ্পন কৰা হ'ল এই ম'হটোক।
ইফালে শতিকাধৰি চলি অহা এই বলি দিয়া পৰ্ব চাবলৈ মন্দিৰ প্ৰাংগণত ভিৰ কৰেহি অঞ্চলটোৰ শক্তিৰ উপাসকসকল। সকলোৱে এই বলিৰ জৰিয়তে বিচাৰিলে সকলোৰে কুলশ, মংগল।
Also Read: পূজাৰ ভিৰৰ মাজত যানবাহন আৰক্ষীৰ ৰূপত এগৰাকী বিধায়ক...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us