/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/1d33998d-51d5-4088-bc45-4d37a096f89a/2027.jpg)
ডিজিটেল সংবাদ,ঢকুৱাখনা : ১১২ নং ঢকুৱাখনা বিধানসভা সমষ্টিৰ অন্তৰ্গত ঢকুৱাখনা মহকুমাৰ আগত পঞ্চায়ত নিৰ্বাচন-২০২৩ ৰ খচৰা ভোটাৰ তালিকা শুক্ৰবাৰে প্ৰকাশ কৰা হয়। মহকুমাটোৰ মহকুমাধিপতি কাৰ্ত্তিক কলিতাৰ হৈ শুক্ৰবাৰে আনুষ্ঠানিকভাৱে এই খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰে ৰাজহ চক্ৰ বিষয়া বিশ্বজিৎ দত্তই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/1d301778-c84d-4590-885b-3e7249868f9d/ed48c81b_8078_48f4_a815_e25423698e00.jpg)
এই সন্দৰ্ভত মহকুমাধিপতি কাৰ্যালয়ৰ সভাকক্ষত ৰাজহ চক্ৰ বিষয়া বিশ্বজিৎ দত্তই সংবাদমেল সম্বোধন কৰে। সংবাদমেলযোগে মুঠ ৩ খন জিলা পৰিষদ,২ খন আঞ্চলিক পঞ্চায়ত,২১ খন গাঁও পঞ্চায়ত আৰু ২১০ টা ৱাৰ্ডৰ খচৰা ভোটাৰ তালিকা ৰাজহুৱা কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/25d41fef-d010-415e-9323-ffd409628f3b/87475a64_e642_426e_bf36_a5cac05a09d7.jpg)
সংবাদমেলখনত উপস্থিত থাকে সহকাৰী আয়ুক্ত জানুমা সোণোৱাল। সংবাদমেলত এই খচৰা তালিকা সকলো খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়,গাঁও পঞ্চায়তৰ কাৰ্যালয় আদিত সাধাৰণ নাগৰিকৰ দৰ্শনৰ বাবে ৰখা বুলি কৈ এই খচৰা তালিকাত নিজৰ নাম পৰীক্ষা কৰিবলৈ নাগৰিকে http: // errmssec. assam. gov. In ৱেবচাইট ব্যৱহাৰ কৰাৰ বাবে আহ্বান জনাইছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/6a63287a-4d6a-4486-ae5b-ae6c65a59055/bbf4a9ad_6442_4758_a9ee_38fd645635ac.jpg)
তাৰোপৰি তালিকা সন্দৰ্ভত কিবা ওজৰ আপত্তি থাকিলে নাগৰিকে সংশ্লিষ্ট সমষ্টিৰ সহকাৰী নিৰ্বাচন পঞ্জীয়ন বিষয়া, নিৰ্বাচন পঞ্জীয়ন বিষয়া অথবা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে। প্ৰশাসনিক বিষয়াগৰাকীয়ে জনোৱা মতে মহকুমাটোৰ ঢকুৱাখনা,ঘিলামৰা আৰু হাৰ্হি এই ৩জিলা পৰিষদৰ সৰ্বমুঠ ভোটাৰৰ সংখ্যা হ'ল ১ লাখ ৪১ হাজাৰ ৪০৮ গৰাকী ।
ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা ৭০ হাজাৰ ৯২৯ গৰাকী আৰু মহিলা ভোটাৰৰ সংখ্যা হ'ল ৭০ হাজাৰ ৪৭৯ গৰাকী । মুঠ ২২৫ টা ভোট কেন্দ্ৰ বিশিষ্ট মহকুমাটোত ৩টা জিলা পৰিষদ সমষ্টিত ৩গৰাকী নিৰ্বাচন পঞ্জীয়ন বিষয়া নিযুক্তি দিয়া বুলিও সংবাদমেলত প্ৰকাশ কৰে ।
Also Read: ৰাজ্যৰ ৪ জিলাই ঘূৰাই পালে জিলা মৰ্যাদা...