ৰাজ্যৰ ৪ জিলাই ঘূৰাই পালে জিলা মৰ্যাদা...

ৰাজ্যৰ ৪ জিলাই ঘূৰাই পালে জিলা মৰ্যাদা...

ডিজিটেল ডেস্কঃ ৰাজ্যৰ ৪ জিলাই পুনৰ ঘূৰাই পালে জিলা মৰ্যদা। হোজাই, বিশ্বনাথ, তামুলপুৰ, বজালী জিলাই মৰ্যদা ঘূৰাই পোৱাৰ কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শুকুৰবাৰে অনুষ্ঠিত কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ ৰাজ্য চৰকাৰৰ।

উল্লেখ্য যে, বিগত বছৰ ৩১ ডিচেম্বৰত এই ৪ জিলাক বিলুপ্তি কৰিছিল ৰাজ্য চৰকাৰে। বিলুপ্তি হোৱা এই ৪ জিলাই পুনৰ মৰ্যদা ঘূৰাই পোৱাৰ সমান্তৰালভাবে জিলা কেইখনৰ ভৌগলিক সীমাও সাল-সলনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সেই অনুসৰি বিন্নকান্দি, লামডিং, হোজাই সমষ্টিক সামৰি হোজাই জিলা গঠন হোৱাৰ কথা ঘোষণা ৰাজ্য চৰকাৰৰ। জিলাখনৰ ক্ষেত্ৰত শংকৰদেৱ নগৰ হ’ব প্ৰধান স্থান।

আনহাতে বিশ্বনাথ জিলাৰ নতুন ভৌগলিক সীমা হিচাপে বিশ্বনাথ, গহপুৰ, বিহালী সমষ্টিক নিৰ্ধাৰণ কৰিছে। আকৌ তামুলপুৰ, গোৰেশ্বৰ সমষ্টি লগ হৈ গঠন হ'ব তামুলপুৰ জিলা। একেদৰে বজালী জিলাৰ বাবে নতুন সীমা হিচাপে ভৱানীপুৰ, বজালী, সৰভোগ সমষ্টিৰ কথা উল্লেখ কৰিছে।

ইপিনে কেবিনেট সিদ্ধান্ত মৰ্মে ৰাজ্যৰ ২৪টা মহকুমা বিলুপ্ত কৰা হয়। তদুপৰি ৮১খন নতুন উপ-জিলা তথা ৩৪খন সদৰ উপ-জিলা গঠন কৰা হ’ব বুলিও কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰে ৰাজ্য চৰকাৰে। মুখ্যমন্ত্ৰীয়ে সংবাদমেলত জনোৱা অনুসৰি উপ-জিলাৰ ক্ষেত্ৰত জিলা উপায়ুক্তৰ সমকক্ষ এগৰাকীকৈ অতিৰিক্ত আয়ুক্ত থাকিব। লগতে অতিৰিক্ত আয়ুক্তৰ তলত থাকিব একোজনকৈ মহকুমাধিপতি।

এই উপ-জিলা সমূহৰ ক্ষেত্ৰত সকলো গুৰুত্বপূৰ্ণ কাৰ্যালয় থাকিব বুলিও ঘোষণা মুখ্যমন্ত্ৰীগৰাকীৰ। ২০২৪ বৰ্ষৰ ১ জানুৱাৰীৰ পৰা উপ-জিলাৰ কাম আৰম্ভ কৰাৰ প্রয়াস কৰিব ৰাজ্য চৰকাৰে। এই ক্ষেত্ৰত দুই এদিনতে অধিসূচনা জাৰি কৰা হ’ব বুলিও সংবাদমেলত অৱগত কৰে।

ৰাজ্যৰ ৪ জিলাই ঘূৰাই পালে জিলা মৰ্যাদা...
উচ্চতম ন্যায়ালয়ত ৰাজ্য চৰকাৰৰ মুখ থেকেচাঃ NRIৰ আসন সংৰক্ষণক স্থগিতাদেশ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in