Advertisment

ইউটিউবত উপলব্ধ ডাঃ বেজবৰুৱা- ২ ! ফেচবুকত শ্বেয়াৰ হৈছে লিংক...

ইউটিউবত উপলব্ধ ডাঃ বেজবৰুৱা- ২ ! ফেচবুকত শ্বেয়াৰ হৈছে লিংক...

author-image
Asomiya Pratidin
New Update
ইউটিউবত উপলব্ধ ডাঃ বেজবৰুৱা- ২ ! ফেচবুকত শ্বেয়াৰ হৈছে লিংক...

ইউটিউবত উপলব্ধ ডাঃ বেজবৰুৱা- ২ ! ফেচবুকত শ্বেয়াৰ হৈছে লিংক...

ডিজিটেল সংবাদ ঢকুৱাখনা: সাম্প্ৰতিক সময়ৰ অসমীয়া বোলছবি জগতত খলকনি সৃষ্টি কৰি প্ৰবল ব্যৱসায়িক সফলতা অৰ্জনেৰে ঈর্ষণীয় জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে এখন নৱ নিৰ্মিত অসমীয়া  চলচিত্ৰ ডাঃ বেজবৰুৱা-২ ।

Advertisment

চলিত বৰ্ষৰ ৩ ফেব্ৰুৱাৰীত শুভ মুক্তি হোৱা এই অসমীয়া  বোলছবিখনে ভৌগলিক পৰিধি ভেদী দেশ বিদেশত ব্যাপক জনপ্ৰিয়তা লাভ কৰাৰ লগতে বক্স অফিচত ইতিমধ্যে ৩কোটিৰো অধিক টকা অর্জন কৰি একক আৰু অনন্য ইতিহাস ৰচনা কৰিবলৈ সক্ষম হৈছে।

পৰিচালক প্ৰয়াত অভিনেতা নিপন গোস্বামী, প্ৰযোজক ডাঃ সঞ্জীৱ নাৰায়ণ ,ডাঃ অক্সাতা নাৰায়ণ আৰু জুবিন গাৰ্গৰ সংগীত পৰিচালনাৰে অভূতপূৰ্ব ব্যৱসায়িক সফলতা অৰ্জন কৰিবলৈ সক্ষম হোৱা  ডাঃ বেজবৰুৱা-২ নামৰ এই সৰ্বজন সমাদৃত বোলছবিখনলৈ এতিয়া দুৰ্দিন নামি অহাৰ পথ প্ৰশস্ত হৈছে।

প্ৰধানতঃ প্ৰতিগৰাকী অসমীয়াৰ বুকুত স্পন্দিত এই বোলছবিখনৰ "পাইৰেছি" কপি উপলব্ধ হৈছে সামাজিক মাধ্যমত। এগৰাকী উন্নাসিক যুৱকৰ পৃষ্ঠপোষকতাত এই দুষ্কাৰ্য সংঘটিত হোৱাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ।

উপলব্ধ তথ্য মতে ঢকুৱাখনা আৰক্ষী থানাৰ বাঁহপৰাৰ খাগৰীহুলা গাঁৱৰ অমৃত পাটৰৰ পুত্ৰ তুলসী পাটৰ নামৰ যুৱকজনে এই আইন বিৰুদ্ধ অপৰাধ সংঘটিত কৰিছে । বোলছবিখনৰ কৰ্তৃপক্ষই সোমবাৰে ঢকুৱাখনা সদৰ থানাত ৰুজু কৰা এক এজাহাৰৰ  পৰা এই তথ্য উপলব্ধ হৈছে ।

সংগৃহীত তথ্য মতে সম্প্ৰতি বেংগালুৰুত থাকি এটা কোম্পানীত কৰ্মৰত যুৱকজনে ডাঃ বেজবৰুৱা-২ নামৰ পূৰ্ণ দৈর্ঘৰ বোলছবিখন "ইউটিওব"ত প্ৰায় দুদিনমান পূৰ্বে আপলোড কৰি এক লক্ষাধিক দৰ্শকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱাৰ সমান্তৰাল ভাৱে নিজা ফেচবুক একাউণ্টত লিংক ৰাজহুৱা কৰি এই চুপাৰহিট ছবিখন উপভোগ কৰাৰ বাবে দৰ্শকক মুকলি আহ্বান জনাই । 

প্ৰায় ২ দিন পূৰ্বে সামাজিক মাধ্যম যোগে সমগ্ৰ বোলছবিখন "পাইৰেচি" কৰি  আপলোড কৰাৰ পৰৱৰ্তী সময়ত লক্ষাধিক দৰ্শকৰ সমাদৰ অর্জন কৰিবলৈ সক্ষম হয় যুৱকজন। সাম্প্ৰতিক সময়ত মহা আলোড়ন সৃষ্টি কৰি অভূতপূৰ্ব ব্যৱসায়িক সফলতা অৰ্জন কৰিবলৈ সক্ষম হোৱা বোলছবিখন কপিৰাইট আইন উলংঘা কৰি চলোৱা অপপ্ৰচাৰ সন্দৰ্ভত ছবিখনৰ প্ৰযোজক পক্ষৰ দৃষ্টিগোচৰ হয় ।

এই সন্দৰ্ভত প্ৰযোজক গোষ্ঠীয়ে তৎপৰতাৰে এই অপকৰ্ম সন্দৰ্ভত তদন্ত কৰি ঢকুৱাখনা সদৰ থানাত এক এজাহাৰ দাখিল কৰে । প্ৰযোজক গোষ্ঠীৰ হৈ লিখন গগৈয়ে সোমবাৰে ৰুজু কৰা এজাহাৰ মৰ্মে ঢকুৱাখনা সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উপ-পৰিদর্শক দীনেশ মেধিয়ে ক্ষীপ্ৰতাৰে যুৱকজনৰ ঘৰত উপস্থিত হৈ অভিযান চলাই যুৱকজনৰ সন্ধান কৰে।

কিন্তু বিতৰ্কিত কাণ্ড সংঘটিত কৰা যুৱকজন সুদীর্ঘ দিন ধৰি বৰ্হি ৰাজ্যত থকাৰ পৰিপ্ৰেক্ষিতত আটক কৰাত ব্যৰ্থ হয়। পাছত আৰক্ষীয়ে এই সন্দৰ্ভত কপি ৰাইট আইন-১৯৫৭ ৰ ৬৮ ধাৰাত এক গোচৰ পঞ্জীভূত কৰি তদন্ত আৰম্ভ কৰিছে ।

উল্লেখ্য যে ঘটনা "সংঘটিত কৰা স্থান" (পি অ') বৰ্হি ৰাজ্যত হোৱাৰ বাবে ঢকুৱাখনা আৰক্ষীৰ তদন্তত কিছু কাৰিকৰী জটিলতা আহি পৰিছে। তৎস্বত্তেও ঢকুৱাখনা আৰক্ষীয়ে গুৰুত্ব সহকাৰে নিজস্ব কৰণীয়তা অব্যাহত ৰাখিছে ।

অৱশ্যে বিশেষ সূত্ৰে জানিব পৰা মতে যুৱকজনে নিজৰ সামাজিক মাধ্যম যোগে শ্বেয়াৰ কৰা লিংক ডিলিট কৰিছে । দেশ বিদেশৰ পৰিধি ভেদী জনপ্ৰিয়তাৰ সুউচ্চ শীৰ্ষত অৱস্থান কৰা অসমীয়া বোলছবি কপি কৰি সামাজিক মাধ্যম যোগে চলোৱা অনৈতিক কাণ্ডই বোলছবিখনৰ ব্যাপক লোকচান কৰা সন্দৰ্ভত পঞ্জীভূত গোচৰৰ পৰৱৰ্তী সময়ত কি আইনগত ব্যৱস্থা আৰক্ষীয়ে গ্ৰহণ কৰে সেয়া অসমবাসীৰ বাবে লক্ষণীয় হ'ব।

Also Read: জিণ্টিমণি কলিতাই খেলিব মহিলা IPL: চাওক কিমান টকাত ক্ৰয় কৰিলে মুম্বাই ইণ্ডিয়ানছে...

ডাঃ বেজবৰুৱা- ২