সামাজিক দায়বদ্ধতাৰে জিলিকিছে গোগামুখৰ ডলীৰাজ এন্টাৰপ্ৰাইজ...

সমাজৰ ভিন্ন ক্ষেত্ৰলৈ আগবঢ়োৱা কেইবাজনো ব্যক্তিক সন্মান প্ৰদান
সামাজিক দায়বদ্ধতাৰে জিলিকিছে গোগামুখৰ ডলীৰাজ এন্টাৰপ্ৰাইজ...
সামাজিক দায়বদ্ধতাৰে জিলিকিছে গোগামুখৰ ডলীৰাজ এন্টাৰপ্ৰাইজ...

ডিজিটেল সংবাদ ঢকুৱাখনা: কেৱল ব্যৱসায়িক ক্ষেত্ৰখনতে নহয় সামাজিক দায়বদ্ধতা আৰু সামাজিক কৰ্তব্যবোধেৰে জিলিকি উঠিছে এটা ব্যৱসায়িক প্ৰতিষ্ঠান।গোগামুখৰ এই ব্যতিক্ৰমী ব্যৱসায়িক প্ৰতিষ্ঠানখন হল "ডলী ৰাজ এন্টাৰপ্ৰাইজ''।  অন্যান্য বিভিন্ন ব্যৱসায়িক গোষ্ঠীৰ পৰা অলপ ব্যতিক্ৰমী চিন্তা চৰ্চাৰে উদ্ভাসিত হৈ পৰা এই এণ্টাৰপ্ৰাইজৰ উদ্যোগত সোমবাৰে  "অনুপ্ৰেৰণা ২০২৪"ৰ শীৰ্ষক ব্যতিক্ৰমী অনুষ্ঠান অনুষ্ঠিত হয়।

গোগামুখৰ এই অগ্ৰণী প্ৰতিষ্ঠানৰ উদ্যোগত বৃহত্তৰ অঞ্চলটোৰ ভিন্ন ক্ষেত্ৰৰ বৰেণ্য সামাজিক অৱদানকাৰী বিশিষ্ট ব্যক্তিসকলক তেওঁলোকৰ বৰেণ্য সামাজিক অৱদানৰ বাবে বিশেষভাবে সন্মানিত কৰাৰ এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰে। সোমবাৰে ডলী ৰাজ এন্টাৰপ্ৰাইজৰ চৌহদত আয়োজন কৰা এই অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয় এটা শ্ৰুতিমধুৰ বৃন্দ গানেৰে ।

ইয়াৰ পাছতেই প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী তথা সঞ্চালক উত্তম পিংকু গগৈৰ জন্মদিন উপলক্ষত কে'ক কাটি  প্ৰতিষ্ঠানটোৰ পৰিয়ালবৰ্গই শুভেচ্ছা জ্ঞাপন কৰে। এই  শুভ দিনটোতেই প্ৰতিষ্ঠানটোত Mahindra-xuv 3xO বাহনখন আনুষ্ঠানিকভাৱে গ্ৰাহকৰ বিক্ৰীৰ বাবে মুকলি কৰা হয় ।

পৰৱৰ্তী সময়ত "অনুপ্ৰেৰণা-২০২৪" শীর্ষক এটি বিশেষ অনুষ্ঠান অনুষ্ঠিত কৰা হয়। যুৱ অভিনেতা নবীন দেউৰী আৰু নীলম নিৰ্মালীয়ে আঁত ধৰে এই অনুষ্ঠানৰ।গোগামুখবাসীৰ উৎসাহপূৰ্ণ উপস্থিতিৰ মাজত ডলীৰাজ এন্টাৰপ্ৰাইজ পৰিয়ালৰ উদ্যোগত আয়োজিত "অনুপ্ৰেৰণা-২০২৪" শীর্ষক অনুষ্ঠানৰ সন্মানীয় বঁটা প্ৰাপকসকলক বঁটা আৰু মান্যতা প্ৰদান কৰা হয়।

বয়স্ক ধৰ্মপ্ৰাণ নাগৰিক ক্ষীৰোদ সোনোৱাল আৰু ভাৰতী গগৈৰ বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা মনোগ্ৰাহী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে বিশেষজ্ঞ চিকিৎসক দিব্যজ্যোতি কলিতা, ৰূপম হাজৰিকা, দীপক তাছা আদিয়ে অংশগ্ৰহণ কৰে। ইয়াৰোপৰি আমন্ত্ৰিত অতিথি হিচাপে জ্যোতিষ শইকীয়া, লাল কান্ত গিৰি,মনোজ বৰা, প্ৰদীপ শৰ্মা, যজ্ঞেশ্বৰ বৰা,উৎপল বৰা, বিশ্ব বৰুৱা, মহেন্দ্ৰ লাহন, ডাঃ বিকাশ নাথ, ডাঃ নয়ন মণি দত্ত আদি উপস্থিত থাকে।

এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত সফল আৰু উদ্যমী মহিলা ব্যৱসায়ীৰ সন্মান বঁটা বেলছি নাৰ্জাৰীম, সফল পিতৃ বঁটা কৃষ্ণ হাজৰিকাক, সফল মাতৃ বঁটা ৰুমীনাথ হাজৰিকাক,সফল পিতৃ বঁটা কিৰণ বন দেউৰীক, সফল মাতৃ বঁটা দীপা দেউৰীক, সংগীত শিল্পী সন্মান বঁটা  ইন্দিৰা হাজৰিকাক, শ্ৰেষ্ঠ সাংবাদিকৰ সন্মান বঁটা প্ৰতিদিন টাইম আৰু দৈনিক জনমভূমি কাকতৰ সাংবাদিক জিতু কুমাৰ ৰাজকোঁৱৰক, হিতৈষী ভকতৰ সন্মান ক্ষীৰোদ সোনোৱালক, ক্ৰীড়া বঁটা বিমল স্বৰ্গীয়াৰীক, বিশেষ সম্বৰ্ধনা ডলী ৰাজ এন্টাৰপ্ৰাইজৰ লেখন বুঢ়াগোহাঁইক, দুৰ্লভ গগৈ,অঞ্জনা গোহাঁইক, চিত্ৰ কলা সন্মান বঁটা ডম্বৰু বৰাক, উদ্যমী কৃষক বঁটা গিৰিজা প্ৰসাদ দলেক ,কৃৰ্তী মান ছাত্ৰ-ছাত্ৰী নিৰিবিলি বৰগোহাঁই, উদয় উপাধ্যায়, দেবাৰ্জুন দলে, আশিষ শৰ্মা, সমাজ সেৱাৰ সন্মান চিকিৎসক ডাঃ গুনিন গগৈক, সমাজ সেৱাৰ সন্মান বিদ্যুৎ বিভাগৰ কৰ্মচাৰী কুশল কুমাৰ মেদকক, বিশেষ সম্বৰ্ধনা মনোৰঞ্জন শইকীয়া, প্ৰণৱ দলে, বিনয় তামুলী, দীপক বৰগোহাঁই, সংগীত শিল্পী সন্মান ৰূপম দাস, প্ৰণৱ নিষাদ ,উৎপল চুতীয়া,বায়' পেগু , চন্দ্ৰ পাটগিৰি ,উদয় স্বৰ্গীয়াৰী ,ৰঞ্জন দেউৰী ,উৎপল নিবিড়, গৌতম বিশ্বকৰ্মা আদিক সম্বৰ্ধনা জনোৱা হয়।

"ডলিৰাজ এন্টাৰপ্ৰাইজ"ৰ স্বত্বাধিকাৰী তথা সঞ্চালক উত্তম পিংকু গগৈৰ এনে মানবদৰদী প্ৰয়াসে, সমাজৰ প্ৰতি উৎসৰ্গিত মনোভাৱেৰে সেৱা আগবঢ়োৱা এইসকল বিশিষ্ট ব্যক্তিত্বক জনোৱা আদৰ সন্মানে অনাগত সময়ত অধিক কৰ্ম উদ্যমী হৈ সেৱা প্ৰদানত মনোবল যে যোগাব সেয়া নিশ্চিত।

সামাজিক দায়বদ্ধতাৰে জিলিকিছে গোগামুখৰ ডলীৰাজ এন্টাৰপ্ৰাইজ...
দুধনৈৰ বলাৎকাৰ, হত্যা কাণ্ডৰ সন্দৰ্ত এবছুৰ মুখ্যমন্ত্ৰী, DGP, উচ্চ ন্যায়ালয়লৈ স্মৰক পত্ৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in