/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/15065de6-4c8a-4122-b6dd-d7907ed37aa9/ABSU_21.jpg)
দুধনৈৰ বলাৎকাৰ, হত্যা কাণ্ডৰ সন্দৰ্ত এবছুৰ মুখ্যমন্ত্ৰী, DGP, উচ্চ ন্যায়ালয়লৈ স্মৰক পত্ৰ
ডিজিটেল সংবাদ কোকৰাঝাৰঃ গোৱালপাৰা জিলাৰ দুধনৈত সংঘটিক হোৱা বলাৎকাৰ আৰু হত্যাৰ ঘটনাৰ সন্দৰ্ভত আজি নিখিল বড়ো ছাত্ৰ সন্থাই কোকৰাঝাৰ জিলাৰ আয়ুক্তক এক স্মাৰক পত্ৰ প্ৰদান কৰে। ইয়াৰোপৰি সংগঠনটোৱে জিলা আয়ুক্তগৰাকীৰ জৰিয়তেই এই স্মাৰক পত্ৰৰ প্ৰতিলিপি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, আৰক্ষী সঞ্চালক প্ৰধান জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙৰ উপৰিও গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ প্ৰেৰণ কৰিছেে।
সংগঠনটোৰ দাবী এই ঘটনাৰে জড়িত ধন আলী তালুকদাৰৰ লগতে আটাইকে কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰক। সমগ্ৰ ঘটনাৰ বিচাৰ প্ৰক্ৰিয়া ফাষ্টট্ৰেক আদালতত সম্পন্ন কৰক।
আনহাতে বুধবাৰে এবছুৱে প্ৰতি মহকুমা সদৰত হত্যাৰ বলি হোৱা হিৰণ্ময় খাখলালীৰ আত্মাৰ সদগতিৰ অৰ্থে শ্ৰদ্ধাঞ্জলি জনাব বুলি আজি সংগঠনটোৰ নেতৃত্বই জানিব দিছে। একেদৰে গোৱালপাৰা জিলাৰ দুধনৈত এবছুৱে ২৮ মে'ত এক ধৰ্ণা কাৰ্যসূচীও ৰূপায়ণ কৰিব।
সংগঠনটোৰ দাবী দুৰ্বৃত্তৰ আক্ৰমণত নিহত হোৱা হিৰণ্ময় খাখলাৰীৰ নিকটাত্মীয়লৈ ২০ লাখ টকাৰ ক্ষতিপূৰণ আদায় দিব লাগে। বলাৎকাৰৰ বলি হোৱা কিশোৰীলৈ ৫ লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰো দাবী এবছুৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/80bcaed0-18c3-45d5-9d3c-c1faef4607a5/51fc1da3_0f63_4711_955b_8f91091b6bae.jpg)
Also Read: মমতা বেনাৰ্জীৰ বিৰুদ্ধে অশালীন মন্তব্য কৰি নিৰ্বাচন আয়োগৰ ৰোষত পৰিল অভিজিৎ গাংগুলী...