ঢকুৱাখনাত মন্ত্ৰী অতুল বৰাৰ খাদ্য সুৰক্ষা যোজনাৰ ৰেচন কাৰ্ড বিতৰণ

আমি উন্নয়নৰ পক্ষত আছোঁ। ৰাইজ আমাৰ পক্ষত আছে : মন্ত্ৰী অতুল বৰা
ঢকুৱাখনাত মন্ত্ৰী অতুল বৰাৰ খাদ্য সুৰক্ষা যোজনাৰ ৰেচন কাৰ্ড বিতৰণ

ডিজিটেল সংবাদ, ঢকুৱাখনা : অসম চৰকাৰৰ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনৰ ৰেচন কাৰ্ড বৃহস্পতিবাৰে ঢকুৱাখনা বিধানসভা সমষ্টিৰ হিতাধিকাৰীসকলৰ মাজত বিতৰণ পৰ্বৰ শুভাৰম্ভ কৰা হয়। উক্ত দিনা ঢকুৱাখনা নগৰৰ ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ প্ৰাঙ্গনত আনুষ্ঠানিকভাৱে এই ৰেচন কাৰ্ড বিতৰণ পৰ্বৰ শুভাৰম্ভ কৰে অসম চৰকাৰৰ কৃষি, পশুপালন আদি বিভাগৰ মন্ত্ৰী অতুল বৰাই। 

লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক নৱ দলেৰ উপস্থিতিত ঢকুৱাখনা বিধানসভা সমষ্টিৰ ১১ হাজাৰ ১০৭ খন ৰেচন কাৰ্ড বিতৰণ পৰ্বৰ শুভাৰম্ভ কৰে। এই সন্দৰ্ভত আয়োজিত জনাকীৰ্ণ সভাত বক্তব্য আগবঢ়াই সাংসদ প্ৰদান বৰুৱাই হিতাধিকাৰীসকলে লাভ কৰা এই নতুন ৰেচন কাৰ্ডৰ জৰিয়তে ৰাজহুৱা বিতৰণ ব্যৱস্থা বিনামূলীয়া চাউল লাভ কৰাৰ সমান্তৰালভাৱে আয়ুষ্মান ভাৰত আঁচনি,আয়ুষ্মান অসম আঁ‌চনিৰ অধীনত চিকিৎসা সেৱা আৰু উজ্জ্বলা যোজনাৰ অধীনত ৰাজসাহায্যযুক্ত ৰন্ধন গেছ লাভ কৰাৰ বাবে যোগ্য বিবেচিত হ'ব বুলি মন্তব্য কৰে।

কেইবা শতাধিক মহিলা ,দলীয় কৰ্মকর্তা সহ  লখিমপুৰ জিলাৰ জিলা আয়ুক্ত গায়ত্ৰী হ্যালিংগে ,ঢকুৱাখনা উপ জিলাৰ উপ জিলা আয়ুক্ত কাৰ্তিক কলিতা ,লখিমপুৰ জিলা পৰিষদৰ সভানেত্ৰী মঞ্জু বৰগোহাঁই ,বিজেপিৰ জিলা সভাপতি প্ৰদীপ চমুৱা আদি উপস্থিত থকা সভাত বক্তব্য ৰাখি বৰুৱাই খাদ্য সুৰক্ষা আইনৰ অধীনত  মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে সমগ্ৰ ৰাজ্যত নতুনকৈ ৪২ লাখ ৮৫ হাজাৰ ৭৪৫ গৰাকী নতুন হিতাধিকাৰী অন্তৰ্ভুক্ত কৰাৰ লক্ষ্যৰে ১০ লাখ ৭৩ হাজাৰ ৪৮৯ টা নতুন পৰিয়ালক ৰেচন কাৰ্ড প্ৰদানৰ কাৰ্যসূচী ৰাজ্য জুৰি আৰম্ভ কৰা বুলি কয়। তেওঁ ঢকুৱাখনা বিধানসভা সমষ্টিটোত মুঠ ১১হাজাৰ ১০৭ খন নতুন ৰেচন কাৰ্ড বিতৰণ কৰি ৪৭ হাজাৰ ২১৫ গৰাকী হিতাধিকাৰীক উপকৃত কৰা হ'ব বুলি কৈ হিতাধিকাৰীসকলক ৰাজ্য চৰকাৰৰ ২৪ খন জন কল্যাণমূলক আঁচনিৰ সুবিধা গ্ৰহণ কৰিবলৈ সকলোলৈকে আহ্বান জনায়।

সভাত মন্ত্ৰী অতুল বৰাই বক্তব্য ৰাখি শুক্ৰবাৰে ৰাহুল গান্ধীৰ মাজুলী আৰু ঢকুৱাখনা আগমনৰ প্ৰসংগ দাঙি ধৰি কয় "আমি ৰাহুল গান্ধীক আদৰণি জনাইছোঁ। তেওঁ আহি এখন নতুন ছবি দেখিব । বিগত ৬০ বছৰে কংগ্ৰেছ দলে কৰিব নোৱাৰা প্ৰভূত উন্নয়ন বিকাশৰ এখন বাস্তৱ ছবি দেখিব। উৰণীয়া সেঁতু দেখিব ৰাস্তা দলঙৰ সৰ্বাংগীন উন্নয়ন দেখিব। এইবোৰ সামগ্ৰিক বিকাশ দেখি ৰাহুল গান্ধীয়ে ভাবিবলৈ বাধ্য হ'ব- আৰু ইয়াত মূৰ মাৰি লাভ নহ'ব। দীৰ্ঘকাল ক্ষমতাত থাকি উন্নয়নলৈ পিঠি দিয়া, মাহী আইৰ দৃষ্টি দিয়া কংগ্ৰেছ দলক ৰাইজে নিবিচাৰিব। আমি উন্নয়নৰ পক্ষত আছোঁ। ৰাইজ আমাৰ পক্ষত আছে।"

সভাত বিধায়ক নৱ দলেও চমু আদৰণি ভাষণ দিয়ে । মন্ত্ৰী বৰাই আনুষ্ঠানিকভাৱে দুগৰাকী হিতাধিকাৰীক ৰেচন কাৰ্ড বিতৰণ কৰি এই কাৰ্যৰ শুভাৰম্ভ কৰে। পৰৱৰ্তী সময়ত সংশ্লিষ্ট পঞ্চায়ত কাৰ্য্যালয়ৰ জৰিয়তে সকলো হিতাধিকাৰীক এই কাৰ্ডসমূহ যোগান ধৰিব বুলি সভাত ঘোষণা কৰাত নিজৰ কাৰ্ড নিবলৈ দুপৰীয়াৰ পৰাই অপেক্ষা কৰা অগণন হিতাধিকাৰী বিয়লি বিমুখ হৈ ঘৰমুৱা হ'বলগা হোৱাত হিতাধিকাৰী ৰাইজৰ মাজত অসন্তুষ্টিয়ে দেখা দিয়ে।

ঢকুৱাখনাত মন্ত্ৰী অতুল বৰাৰ খাদ্য সুৰক্ষা যোজনাৰ ৰেচন কাৰ্ড বিতৰণ
অসম লোকসেৱা আয়োগৰ পৰীক্ষাত ধেমাজিৰ কেইবাগৰাকী ছাত্ৰ-ছাত্ৰীৰ সাফল্য

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in