অসম লোকসেৱা আয়োগৰ পৰীক্ষাত ধেমাজিৰ কেইবাগৰাকী ছাত্ৰ-ছাত্ৰীৰ সাফল্য

ধেমাজি জিলাৰ ভালেসংখ্যক মেধাৱী ছাত্ৰ- ছাত্ৰীয়ে গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে

author-image
Asomiya Pratidin
New Update
অসম লোকসেৱা আয়োগৰ পৰীক্ষাত ধেমাজিৰ কেইবাগৰাকী ছাত্ৰ-ছাত্ৰীৰ সাফল্য

ডিজিটেল সংবাদ,ধেমাজি : সদ্যঘোষিত অসম লোকসেৱা আয়োগৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত সফলতাৰে উত্তীৰ্ণ হৈছে ৰাজ্যৰ কেইবাগৰাকী মেধাৱী ছাত্র-ছাত্রী ৷ ইয়াৰে মাজতেই ধেমাজি জিলাৰ ভালেসংখ্যক মেধাৱী ছাত্ৰ- ছাত্ৰীয়ে গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৷

Advertisment

উল্লেখ্যযোগ্য যে এই ঘোষিত ফলাফলত ৫২ সংখ্যক স্থান লাভৰে হেমপ্ৰভা কলিতাই এ চি এছ, ১৯ সংখ্যক স্থানৰে টিবেন্দ্ৰ পেগু আবকাৰী বিভাগৰ পৰিদৰ্শক হিচাপে, ৭ সংখ্যক স্থান লাভ কৰি ৰাতুল গগৈয়ে বি ডি অ' হিচাপে বাছনিভুক্ত হৈছে। আনহাতে এচিচটেণ্ট একাউণ্ট অফিচাৰ হিচাপে ক্ৰমে ২৪৮ সংখ্যক স্থানত প্ৰতি দলে,৪০৩ সংখ্যক স্থানত ভৱেশ কছাৰী, ৩৩৮ সংখ্যক স্থানত চিৰঞ্জীৱ সোনোৱাল বৰা,৩৭৪ সংখ্যকস্থানত চানু কুমাৰ শইকীয়া ,২৮৯ সংখ্যক স্থানত ভাস্কৰ দিহিঙীয়া আৰু ২০৫ সংখ্যক স্থানত দৰ্শন বুঢ়াগোহাঁইয়ে লাভ কৰিছে ৷

৩৫ সংখ্যক স্থানত অনজিতা পালে বিডিঅ' হিচাপে সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷ ইফালে ধেমাজিৰ বিধায়ক তথা অসমৰ শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৱে এক বাৰ্তাযোগে সফলতা অৰ্জন কৰা প্ৰাৰ্থীসকলক শুভেচ্ছা জ্ঞাপন কৰিছে ।

Also Read: 'আমাক পানী লাগিবই' : বাল্টি কলহ বজাই প্ৰতিবাদ কাজিৰঙাৰ একাংশ মহিলাৰ

Assam Public Service Commission