
ডিজিটেল সংবাদ ঢকুৱাখনা: তদানীন্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ এক সপোনৰ প্ৰকল্প । নদীদ্বীপ মাজুলীক ঢকুৱাখনা হৈ ডিব্ৰুগড় সংযোগ কৰাৰ এক চমু আৰু বিকল্প লোকনিৰ্মাণ পথ নিৰ্মাণৰ লক্ষ্যৰে ব্ৰহ্মপুত্ৰৰ জোনাইৰ পৰা মাজুলী পৰ্যন্ত সমগ্ৰ মথাউৰীটো তদানীন্তন সৰ্বানন্দ সোণোৱাল চৰকাৰে জৰীপ পৰ্যন্ত সম্পন্ন কৰিছিল।
তাৰেই অংশ হিচাবে অন্য অংশৰ লগতে ঢকুৱাখনা মহকুমাৰ অন্তর্গত চিচি টেকেলিফুটা মথাউৰী অংশ "ৰোড কাম এমবেঙ্কমেণ্ট" হিচাবে নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰি ক্ষীপ্ৰতাৰে প্ৰস্তুত কৰিছিল প্ৰাককলন । তদানীন্তন মুখ্যমন্ত্ৰীগৰাকীৰ এই সপোনৰ আঁচনি পৰৱৰ্তী সময়ত কাৰ্যকৰী হোৱাৰ দিশে আগবাঢ়িছিল।
ৰাজ্য চৰকাৰে ঢকুৱাখনা জলসম্পদ সংমণ্ডলৰ অন্তৰ্গত প্ৰায় ১৯.০৫ কিলোমিটাৰ দৈৰ্ঘৰ চিচি-টেকেলিফুটা মথাউৰীটো বহলাই ওখ কৰি পৃষ্ঠভাগ পকীকৰনেৰে উন্নত পথলৈ উন্নীত কৰাৰ বাবে আৰ আই ডি এফ ২০২১-২০২২ শিতানৰ প্ৰায় ৪৩ কোটি ৯১ লাখ টকা আৱন্তন কৰিছিল ।
প্ৰায় ১৯.০৫ কিলোমিটাৰ দৈৰ্ঘৰ এই পথ নিৰ্মাণ আঁচনিখন ৰূপায়ন কৰিবলৈ লোকনিৰ্মাণ বিভাগে বিধিগত ভাবে "পূৰ্বাঞ্চল চাপ্লাই এণ্ড কনট্ৰেক্টৰ " নামৰ এক ঠিকাদাৰ গোষ্টীক ঠিকা প্ৰদান কৰিছিল । প্ৰাৰম্ভিক ভাবে সঠিক ভাবেই এই অভিলাসী আঁচনি আগবাঢ়িছিল যদিও পৰৱৰ্তী সময়ত এই আঁচনি অন্তিম কাৰ্যকৰী কৰাৰ বেলিকা সীমাহীন অনিয়ম দুৰ্নীতি সংঘটিত হোৱাৰ ব্যাপক অভিযোগ উত্থাপিত হৈছে।
পৰিণতিত কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালৰ সপোনৰ আঁচনিখনলৈ নামি আহিছে গভীৰ অনিশ্চয়তা । প্ৰায় ৭.৫ মিটাৰ বহলকৈ আন্তঃগাঁঠনি নিৰ্মাণ কৰি ঠিকাদাৰ গোষ্ঠীৰহৈ সতীশ শৰ্মাই পৰৱৰ্তী সময়ত সমগ্ৰ অংশ পকীকৰণ কৰাৰ নামত ব্যাপক অনিয়ম সংঘটিত কৰাৰ গুৰুতৰ ৰাজহুৱা অভিযোগে বিশেষ চৰ্চা লাভ কৰিছে ঢকুৱাখনাত।
বৃহত্তৰ নদীপৰিয়া স্থানীয় ৰাইজ আৰু সংগঠনে জনোৱা মতে অতি নিম্ন মানৰ আৰু ক্ৰুটিপূৰ্ণ পদ্ধতিৰে এই ব্যয়বহুল আঁচনিখন কাৰ্যকৰী কৰাৰ ফলত আঁচনিখনৰ স্থায়িত্বলৈ প্ৰচণ্ড ভাবুকি নামি আহিছে। প্ৰধানতঃ ৫.৫ মিটাৰ বহলকৈ অব্যাহত থকা বিতুমিন যুক্ত পকীকৰণ পদ্ধতিত অনিয়ম হোৱাৰ ৰাজহুৱা অভিযোগ উত্থাপন কৰিছে ৰাইজ, সংগঠনে।
মাতমৰা জিঅ' টিউব মথাউৰীৰ ওপৰত কিছুদিন পূৰ্বে সম্পন্ন কৰা বিতুমিন যুক্ত পথ পকীকৰণৰ ক্ৰুটিপূৰ্ণ আৰু নিম্ন মানদণ্ডৰ স্বৰূপ উদঙাই স্থানীয় ৰাইজে জনোৱা মতে পৰ্যাপ্ত আন্তঃগাঁথনি উন্নত মানদণ্ডৰ নোহোৱা আৰু প্ৰাককলন অনুসৰি আচঁনিখন ৰূপায়ন নকৰাৰ বাবে হাতেৰে সামান্য ভাবে আজুৰি আনিলেই বৃহৎ বৃহৎ পকী অংশ উঠি অহা পৰিলক্ষিত হয় ।
তাৰোপৰি আধৰুৱা অৱস্থাত থকা পকী পথৰ পৃষ্ঠঅংশ যান বাহনৰ চলাচল কৰাৰ ফলত ক্ষতিগ্ৰস্ত হোৱা পৰিলক্ষিত হৈ আহিছে । লোকনিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তাৰে মিতিৰালি কৰি এনেকৈ নিম্ন মানদণ্ডৰ কাম কৰি আঁচনিখনৰ বিশাল পুঁজি ঠিকাদাৰ গৰাকীয়ে উদৰস্থ কৰাৰ পাং পাতিছে বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিলে মাতমৰা অঞ্চলৰ সচেতন ৰাইজ আৰু সংগঠনৰ নেতৃবৰ্গই ।
এখন বহু কোটি টকীয়া গুৰুত্বপূৰ্ণ আঁচনিৰ ৰূপায়নৰ নামত ঠিকাদাৰজনে গ্ৰহণ কৰা এনে উদাসীন স্থিতিত অতিষ্ঠ ৰাইজ সংগঠনে বিধায়ক নৱ দলেৰ মৌন ভূমিকাকো কটু সমালোচনা কৰিছে। এখন ব্যয়বহুল আঁচনিৰ গুণগত নিৰ্মাণলৈ ভ্ৰূকুটি দেখুৱাই নীতি বৰ্হিভূত ভাবে নিৰ্মাণ কাৰ্য অব্যাহত ৰখাৰ পৰিপ্ৰেক্ষিতত ৪৩.৯৩ কোটিৰ আঁচনিখন অনাগত সময়ত এক চূড়ান্ত প্ৰসহনলৈ পতিত হোৱাৰ আশংকা কৰি ৰাইজ সংগঠনে লোকনিৰ্মাণ বিভাগৰ অধীক্ষক অভিযন্তা , লখিমপুৰ জিলা উপায়ুক্ত আৰু মুখ্যমন্ত্ৰী তথা লোকনিৰ্মাণ বিভাগৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ জৰুৰী হস্তক্ষেপ দাবী জনাইছে ।
ঘিলামৰা লোকনিৰ্মাণ সংমণ্ডলৰ এই ক্ষেত্রত বেপৰোৱা ভূমিকাত ক্ষুব্ধ নাগৰিকে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰি ঠিকাদাৰ -বিভাগৰ এনে চৰম দায়িত্বহীনতাৰ বিৰুদ্ধে অনাগত সময়ত ৰাজহুৱা প্ৰতিবাদ সাব্যস্ত কৰিব বুলিও সমজুৱা সিদ্ধান্ত সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে।