দীপামণি হাজৰিকাৰ কাব্য গ্ৰন্থ "কথা স্বৰলিপি" উন্মোচন

দীপামণি হাজৰিকাৰ কাব্য গ্ৰন্থ "কথা স্বৰলিপি" উন্মোচন

author-image
Asomiya Pratidin
New Update
দীপামণি হাজৰিকাৰ কাব্য গ্ৰন্থ "কথা স্বৰলিপি" উন্মোচন

ডিজিটেল সংবাদ, ঢকুৱাখনা: অসমীয়া কাব্য সাহিত্যৰ এগৰাকী প্ৰতিশ্ৰুতি সম্পন্ন সুলেখিকা, নিজস্ব কাব্যানুভূতিক হৃদয়স্পৰ্শী শৈলীৰে নব্য কাব্য সাহিত্যৰ ধাৰা সৃষ্টি কৰিবলৈ বহুলাংশে সমৰ্থ হোৱা ঢকুৱাখনা মহকুমাৰ ঘিলামৰাৰ এইগৰাকী কাব্য স্ৰষ্টা দীপামণি হাজৰিকা বৰুৱা। প্ৰাত্যহিক জীৱনৰ কৰ্মব্যস্ততাৰ লগতে শিক্ষকতাৰ দৰে দায়িত্বশীল বৃত্তিত জড়িত হৈয়ো অসমীয়া কাব্য সাহিত্যৰ ভঁৰাললৈ অমূল্য অৱদান আগবঢ়াই যোৱা দীপামণি হাজৰিকা বৰুৱাৰ অন্য এক কাব্য গ্ৰন্থ মঙলবাৰে শুভ উন্মোচন কৰা হয় ।

Advertisment

"কথা স্বৰলিপি " শীর্ষক এই কাব্য গ্ৰন্থখন মঙলবাৰে মৰাণৰ ঊষাপুৰস্থিত "নক্সা প্ৰকাশন"ৰ কাৰ্যালয় প্ৰাঙ্গনত উন্মোচন কৰে বিশিষ্ট কবি, গল্পকাৰ তথা মৰাণ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মূৰব্বী অধ্যাপিকা ডঃ নন্দিতা গগৈ ৰাজমহনে । প্ৰবীণ সমাজ হিতৈষী মহিলা পদ্মাৱতী সূতৰ সহযোগিতাৰে প্ৰায় ৬২টা কবিতাৰে সমৃদ্ধ ১১১পৃষ্ঠাৰ "কথা স্বৰলিপি"খনৰ উন্মোচনী অনুষ্ঠানৰ আঁত ধৰে কবিন্দ্ৰ বৰুৱা আৰু অমন প্ৰয়াস বৰুৱাই।

দূলিয়াজান অইল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক ডঃ প্ৰসেনজিত মহনৰ সঞ্চালনাত অনুষ্ঠিত উন্মোচনী সভাত মৰাণ মহাবিদ্যালযৰ সহযোগী অধ্যাপিকা ডঃ ৰিঞ্জুমণি হাজৰিকা, মৰাণ মহাবিদ্যালয়ৰ অংশকালীন অধ্যাপিকা ৰূপশ্ৰী দিহিঙীয়া, শিক্ষয়িত্ৰী ৰিমঝিম বৰা, বৃহত্তৰ মৰাণৰ গৰিষ্ঠ সংখ্যক সাহিত্যনুৰাগী আৰু কাব্যসদীৰ উপস্থিতিত উন্মোচক ডঃ নন্দিতা গগৈ ৰাজমহনে কাব্যগ্ৰন্থখন উন্মোচন কৰি প্ৰত্যয়ী কবি দীপামণি হাজৰিকা বৰুৱাৰ এই পঠনযোগ্য সাহিত্য সম্ভাৰেৰে অসমীয়া কাব্য সাহিত্যৰ ভঁৰাল অধিক মেটমৰা হোৱাৰ আশা প্ৰকাশ কৰে।

মনোজ্ঞ উন্মোচনী অনুষ্ঠান সুকণ্ঠী গায়িকা কাব্যশ্ৰী ৰাজমহনৰ শ্ৰুতিমধুৰ গীত আৰু কবিন্দ্ৰ বৰুৱাৰ কবিতা পাঠেৰে বাঙ্ময় কৰি তোলে । উন্মোচনী সভাৰ সঞ্চালক আৰু বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকি কবিৰ সৰ্ব সমাদৃত সাহিত্য সৃষ্টিৰাজীৰ নিজস্ব ধাৰাৰ সন্দৰ্ভত দূলিয়াজান অইল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক ডঃ প্ৰসেনজিৎ মহনে, নক্সা আলোচনীৰ সম্পাদক, বিশিষ্ট লেখক তথা বিশিষ্ট পৰিবেশবিদ, প্ৰকৃতি সংৰক্ষক  ডঃ নৱ কুমাৰ চমুৱাই কবিৰ সৃষ্টিশীলতা আৰু অসমীয়া কাব্য সাহিত্যত এনে সম্ভাৱনাপূৰ্ণ কাব্যস্রষ্টাৰ প্ৰাসংগিকতাৰ ওপৰত সম্যক অবলোকন কৰে।

"কথা স্বৰলিপি" স্ৰষ্টা দীপামণি হাজৰিকা বৰুৱায়ো চমু বক্তব্য আগবঢ়োৱা সভাত অভ্যাগত অতিথিসকলেও প্ৰতিশ্ৰুতিসম্পন কবি দীপামণি হাজৰিকা বৰুৱাৰ সৃষ্টিশীলতাৰ শলাগ লয় আৰু এনে কাব্য সাহিত্যৰ ধাৰাবাহিকতা অব্যাহত ৰখাত ব্ৰতী হোৱাৰ আহ্বান জনায়। উল্লেখ্য যে কবি গৰাকীৰ একমাত্ৰ পুত্ৰ অমন প্ৰয়াস বৰুৱাৰ জন্মদিনৰ সতে সংগতি ৰাখি কবি গৰাকীৰ কাব্য গ্ৰন্থখন উন্মোচন কৰা হয় ।

Also Read: বগীবিল দলঙত ভয়ংকৰ দুৰ্ঘটনা : নিহত এজন, আহত কেইবাজনো

Book Launch