ঢকুৱাখনাত এজাক মহিলাৰ আত্মপ্ৰতিষ্ঠাৰ অনুকৰণীয় কচৰৎ...

ঢকুৱাখনাত এজাক মহিলাৰ আত্মপ্ৰতিষ্ঠাৰ অনুকৰণীয় কচৰৎ...
ঢকুৱাখনাত এজাক মহিলাৰ আত্মপ্ৰতিষ্ঠাৰ অনুকৰণীয় কচৰৎ...

ডিজিটেল সংবাদ ঢকুৱাখনা: কোৱা হয় নাৰী সৃষ্টিশীলতাৰ প্ৰতীক। প্ৰতিগৰাকী নাৰীৰ মাজত নিৰ্হিত এই সৃষ্টিশীলতাৰ অদম্য শক্তিক কৰ্মসংস্কৃতিলৈ ৰূপান্তৰ ঘটাই ঢকুৱাখনাত আৰম্ভ হৈছে আত্মপ্ৰতিষ্ঠাৰ এক সেন্দুৰীয়া সংগ্ৰামৰ। "কেঁচা সামগ্ৰী আমাৰ, উৎপাদন আমাৰ, বিপনন আমাৰ আৰু উপাৰ্জন আমাৰ" -এই  বাণীক উপজীৱ্য কৰি ঢকুৱাখনাৰ এজাক কৰ্মঠ মহিলা নিৰন্তৰভাবে ব্ৰতী হৈছে স্বাৱলম্বনৰ সেন্দুৰীয়া যাত্ৰাত ।

কোনোৱে যদি বাৰীৰ ভলুকা বাঁহৰ গাজ কাটি খৰিচা বনাইছে, কোনোৱে আকৌ ঘৰৰ ভোট জলকীয়া, কলদিল, জলফাই,নেমুৰে সু-স্বাদু আচাৰ বনাইছে। কোনোৱে যদি ভঁৰালৰ ধানেৰে চিৰা,আখৈ,পিঠা,সান্দহ প্ৰস্তুত কৰিছে কোনোৱে আকৌ ঘৰৰ সৰিয়হ পেৰি খাঁটি পকা তেল প্ৰস্তুত কৰিছে।

কোনোৱে যদি গামোচা, ৰিহা বৈছে কোনোৱে আকৌ পোহনীয়া মৌ বাঁহৰ পৰা খাঁটি মৌ উলিয়াই আনিছে। মুঠতে এক অন্তহীন কৰ্মব্যস্ততা গ্ৰাম্য কষ্টসহিষ্ণু মহিলাসকলৰ মাজত। ঢকুৱাখনাৰ গ্ৰামাঞ্চলিয় কৰ্মসংস্কৃতিবান মহিলাসকলে প্ৰাত্যহিক কৰ্ম ব্যস্ততাৰ মাজতো এনেদৰে নিজকে বিভিন্ন উৎপাদনমুখী কামত উৎসৰ্গা কৰি বাস্তৱিকতে দেখুৱাই দিছে কৰ্ম আমাৰ আৰু উপাৰ্জনো আমাৰ। 

ঢকুৱাখনা উন্নয়ন খণ্ডৰ গ্ৰাম্য কৰ্মঠ মহিলাসকলৰ এনে আদৰ্শনীয় উৎপাদনশীলতাক বুনিয়াদ হিচাবে লৈ গঢ়ি উঠিছে বিশ্বাসযোগ্য এক বিপনন কেন্দ্ৰ। উত্তৰ অসমৰ ভিতৰতে পোন প্ৰথমবাৰৰ বাবে গ্ৰাম্য উৎপাদনমুখী মহিলাসকলৰ স্বউৎপাদিত সামগ্ৰীৰ এখন বিপনন কেন্দ্ৰ অলপতে ঢকুৱাখনা সদৰত মুকলি কৰা হৈছে।

নিভাঁজ, পৰিশুদ্ধ নিখুঁত আৰু নিৰ্ভেজাল সামগ্ৰীৰ প্ৰতিশ্ৰুতিৰে ঢকুৱাখনা সদৰত মুকলি কৰা এই বিপনন কেন্দ্ৰটোৰ নামাংকণ কৰা হৈছে "চাৰিকড়ীয়া" হিচাবে । দৰাচলতে উন্নয়ন খণ্ডটোৰ অন্তৰ্গত আত্মসহায়ক গোটসমূহৰ জৰিয়তে উৎপাদিত এনেবোৰ সকলো সামগ্ৰীৰ কেন্দ্ৰীভূত বিপণন কৰাৰ এই প্ৰেৰণাদায়ক পদক্ষেপ গ্ৰহণ কৰিছে ঢকুৱাখনা উন্নয়নখণ্ডৰ এছ আৰ এল এমে।

খণ্ডটোৰ ৰাজ্যিক গ্ৰামীণ জীৱন জীৱিকা অভিযানৰ অন্তৰ্গত "নন ফাৰ্ম এণ্টাৰপ্ৰাইজ" সমূহক সংগঠিত কৰি গঠিত আত্মসহায়ক গোটসমূহকলৈ সৃষ্টি কৰা হৈছে "চাৰিকড়ীয়া এণ্টাৰপ্ৰাইজ"। ঢকুৱাখনাৰ স্বাভিমানী নদী চাৰিকড়ীয়াৰ নামেৰে নামাংকিত এই সুসংগঠিত এণ্টাৰপ্ৰাইজৰ অন্তৰ্গত ডেৰ শতাধিক কৰ্মোদ্যমী মহিলাৰ আত্মসহায়ক গোটৰ স্বউৎপাদিত সকলো সামগ্ৰী প্ৰথমে একত্ৰিত ভাবে সংগৃহীত হ'ব।

পৰৱৰ্তী সময়ত সেইবোৰ ৰুচিবোধ সম্পন্ন গ্ৰাহকৰ মাজলৈ উলিয়াই দিয়াৰ এক সময়োপযোগী পদক্ষেপ গ্ৰহণ কৰা হৈছে খণ্ডটোৰ গ্ৰামীণ জীৱন জীৱিকা অভিযানৰ জৰিয়তে। তাৰেই প্ৰাৰম্ভিক পদক্ষেপ হিচাবে খণ্ডটোৰ ডেৰ শতাধিক উদ্যমী মহিলাৰ  উৎপাদিত সামগ্ৰীসমূহক ''চাৰিকড়ীয়া ব্ৰেণ্ড"ৰ নামাকৰণ কৰি গ্ৰাহকৰ মাজলৈ বিক্ৰীৰ বাবে উলিয়াই অনাৰ সু-ব্যৱস্থা কৰিছে খণ্ডটোৰ জীৱন জীৱিকা অভিযানে।

এইসন্দৰ্ভত খণ্ডটোৰ খণ্ড প্ৰকল্প প্ৰৱন্ধক বিজয় কৃষ্ণ কোচে জনোৱা মতে প্ৰাৰম্ভিক সময়ত গুণগত স্বাস্থ্যসন্মত, সুস্বাদু খাদ্য সম্ভাৰৰ বিপনন আৰম্ভ হৈছে আৰু পৰৱৰ্তী সময়ত মহিলা আত্মসহায়ক গোটসমূহৰ উৎপাদিত ফুট মেট, গামোচা , চাদৰ মেখেলা , বিভিন্ন জনগোষ্ঠীয় বস্ত্ৰ সম্ভাৰ, গৃহ সৌন্দৰ্য বৰ্ধক সামগ্ৰী, ধূপ,মিঠাতেল আদি সকলো নিত্য ব্যৱহার্য সামগ্ৰীৰো সহজলভ্য প্ৰতিষ্ঠানলৈ উত্তৰণ ঘটিব এই "চাৰিকড়ীয়া  ব্ৰেণ্ড"।

প্ৰৱন্ধক গৰাকীয়ে আগ্ৰহী গ্ৰাহকক ইতিমধ্যে গ্ৰাহকৰ অভূতপূৰ্ব সঁহাৰি লাভ কৰিবলৈ সক্ষম হোৱা এই "চাৰিকড়ীয়া ব্ৰেণ্ড"ৰ নিভাঁজ যিকোনো ঘৰুৱা ব্যৱহার্য  সামগ্ৰীৰ বাবে ঢকুৱাখনা নগৰ চাৰি আলিৰ গান্ধী ময়দানৰ সন্মুখত অৱস্থিত অস্থায়ী বিপনিৰ সৈতে ৮৮২২০২৪৯৬৪ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে ।

স্বাস্থ্যসন্মত উন্নত মানদণ্ডৰ নিৰ্ভেজাল সামগ্ৰীৰ এক বিশ্বাসযোগ্য প্ৰতিষ্ঠান হিচাবে গঢ় দিবলৈ যত্নপৰ হোৱা প্ৰৱন্ধক কোচৰ এই একক আৰু ব্যতিক্ৰমী পদক্ষেপ যথাৰ্থতেই শলাগ যোগ্য আৰু আদৰ্শনীয় হিচাবে পৰিগণিত হৈছে ।

ঢকুৱাখনাত এজাক মহিলাৰ আত্মপ্ৰতিষ্ঠাৰ অনুকৰণীয় কচৰৎ...
বিজেপিৰ পৰিকল্পনাত চেঁচাপানী হাগ্ৰামাৰঃ BTR ৰ দুটা সমষ্টিতে নিজা প্ৰাৰ্থি দিব বি পি এফে

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in