বিজেপিৰ পৰিকল্পনাত চেঁচাপানী হাগ্ৰামাৰঃ BTR ৰ দুটা সমষ্টিতে নিজা প্ৰাৰ্থি দিব বি পি এফে
বিজেপিৰ পৰিকল্পনাত চেঁচাপানী হাগ্ৰামাৰঃ BTR ৰ দুটা সমষ্টিতে নিজা প্ৰাৰ্থি দিব বি পি এফে

বিজেপিৰ পৰিকল্পনাত চেঁচাপানী হাগ্ৰামাৰঃ BTR ৰ দুটা সমষ্টিতে নিজা প্ৰাৰ্থি দিব বি পি এফে

ডিজিটেল সংবাদ কোকৰাঝাৰঃ লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগেই আৰম্ভ হৈছে নতুন নতুন ৰাজনৈতিক সমীকৰণ। তেনে এক নতুন ৰাজনৈতিক সমীকৰণৰ ভিতৰত কোকৰাঝাৰ আৰু দৰং-ওদালগুৰি লোকসভা সমষ্টি দুটা চৰ্চিত হৈ আহিছে।

কোকৰাঝাৰ আৰু দৰং-ওদালগুৰি লোকসভা সমষ্টি দুটাক লৈ বিজেপি নেৰ্তৃবৰ্গ সন্দিহান হৈ আছে আৰু বিটিআৰৰ অন্তৰ্ভুক্ত উক্ত লোকসভা সমষ্টি দুটাত বড়ো জনগোষ্ঠীৰ ভোটবেংক মেৰু বিভাজন ৰোধ কৰিবলৈ ইউপিপিএল দলক কোকৰাঝাৰ লোকসভা সমষ্টি আৰু বিপিএফ দলক দৰং-ওদালগুৰি লোকসভা সমষ্টি এৰি দিয়াৰ সম্ভাৱনীয়তা প্ৰকাশ পোৱাৰ সময়তে আজি বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে বিজেপিৰ পৰিকল্পনাত চেঁচাপানী ঢালিছে ।

আজি কোকৰাঝাৰস্থিত বিপিএফৰ মুখ্য কাৰ্যালয়ত আয়োজিত হোৱা এক দলীয় যোগদান সভাত অংশগ্ৰহণ কৰাৰ অন্তত হাগ্ৰামা মহিলাৰীয়ে দৰং-ওদালগুৰি আৰু কোকৰাঝাৰ লোকসভা সমষ্টি দুটাত বিপিএফে নিজাববীয়া প্ৰাৰ্থী দিয়া হ'ব বুলি ঘোষণা কৰি বিজেপিৰ আশাত চেঁচাপানী ঢালিছে।

তেওঁ কয়-দৰং-ওদালগুৰি আৰু কোকৰাঝাৰ লোকসভা সমষ্টিত বিপিএফে জয়লাভ কৰিব। এইমুহূৰ্তত বিজেপি, কংগ্ৰেছ , অগপ , এআইইউডিএফ কাৰো সতে আমাৰ যোগাযোগ নাই। বিজেপিয়ে অকলশৰীয়াভাৱে জন্ম লাভ কৰিছে, অকলশৰে আগবাঢ়ি যাব।

বিপিএফ দলৰ সিদ্ধান্ত লোকসভা নিৰ্বাচনত কাৰো সৈতে মিত্ৰতা নকৰে। ইউপিপিএল, বিজেপিৰ বহুসংখ্যক নেতা-কৰ্মীয়ে বিপিএফৰ সতে যোগাযোগ কৰি আছে। তেওঁলোকৰ মাজত প্ৰতিদ্বন্দিতা আৰম্ভ হৈছে, কোনে আগত বিপিএফ দলত সোমাব পাৰে বুলি।

ইয়াতেই বুজিব পাৰি বিপিএফ দলৰ স্থিতি ভাল। পূৰ্বতকৈ বিপিএফৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে। বিপিএফ দলে দুয়োটা সমষ্টিতে জয়ী হ'ব আৰু সেয়েহে দুয়োটা সমষ্টিতে প্ৰাৰ্থী দিয়া হ'ব। আনহাতে বিজেপিয়ে আসন এৰি দিয়া সন্দৰ্ভত সাংবাদিকৰ এক প্ৰশ্নোত্তোৰত হাগ্ৰামা মহিলাৰীয়ে কয় যে, আমাৰ লগত বিজেপিৰ মিত্ৰতাই নাই , তেওঁলোকে আমাক কেনেকৈ আসন এৰি দিব ?

অকল বিজেপিয়ে নহয়,কংগ্ৰেছ, অগপ, এআইইউডিএফ কাৰো লগতেই আমাৰ মিত্ৰতা নাই। অহা মাৰ্চত লোকসভা নিৰ্বাচনৰ বাবে বিপিএফৰ প্ৰাৰ্থী ঘোষণা কৰা হ'ব বুলি সদৰি কৰিছে হাগ্ৰামা মহিলাৰীয়ে।

উল্লেখ্য যে, আজি বিজেপি দল ত্যাগ কৰি বিপিএফত দলত আনুষ্ঠানিকভাৱে যোগদান কৰে বিজেপিৰ কোকৰাঝাৰ জিলাৰ প্ৰাক্তন সভাপতি তথা ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য ৰাজকুমাৰ ব্ৰহ্মই ৷ কোকৰাঝাৰ সদৰ চহৰস্থিত বিপিএফৰ মুখ্য কাৰ্যালয়ত বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ উপস্থিতিত এক অনুষ্টুপীয়া সভাৰ যোগেদি ৰাজকুমাৰ ব্ৰহ্মই আনুষ্ঠানিকভাৱে বিপিএফ দলত যোগদান কৰে ৷

ৰাজকুমাৰ ব্ৰহ্মক দলীয় প্ৰতীক আৰু আৰনাইৰে আদৰণি জনায় বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে। উল্লেখ্য যে, ৰাজকুমাৰ ব্ৰহ্মক কিছুদিন পূৰ্বে বিজেপিৰ কোকৰাঝাৰ জিলা সভাপতিৰ দায়িত্বৰ পৰা অপসাৰণ কৰা হৈছিল ৷

ইপিনে ৰাজকুমাৰ ব্ৰহ্মৰ লগতে বিজেপিৰ আন পাঁচ গৰাকী আৰু কংগ্ৰেছৰ এজনে আজি আনুষ্ঠানিকভাৱে বিপিএফত দলত যোগদান কৰে ৷ আজি বিপিএফ দলত যোগদান কৰা বিজেপি আৰু কংগ্ৰেছৰ নেতা কৰ্মীসকল হ'ল ক্ৰমে বিজেপিৰ কোকৰাঝাৰ জিলা প্ৰাক্তন সভাপতি তথা ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য ৰাজকুমাৰ ব্ৰহ্ম , চিৰাং জিলা বিজেপিৰ সম্পাদক স্বপন মাৰাণ্ডী, জিলা যুৱ মৰ্চা কাৰ্যালয় সম্পাদক নৱৰঞ্জন বৰ্মন, বিজেপিৰ মানস চেৰফাংৰ প্ৰাক্তন মণ্ডল সভাপতি দেৱজ্যোতি নমোদাস , বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য বিপ্লৱ দেৱ নাথ, বিজয় কৃষ্ণ সাহা আৰু কংগ্ৰেছৰ চন্দন তৰফদাৰে ।

ইপিনে বিপিএফত যোগদান কৰাৰ পিছতে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী আৰু বিজেপিৰ পাৰিষদ তথা বিটিআৰৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে'ৰ বিৰুদ্ধে সৰৱ হৈ পৰে ৰাজকুমাৰ ব্ৰহ্ম ৷ ৰাজকুমাৰ ব্ৰহ্মই সংবাদমাধ্যমৰ আগত কয় যে বিশ্বজিৎ দৈমাৰী বিটিচিৰ মুৰব্বী হোৱাৰ সপোন দেখিছে ।

বিশ্বজিৎ দৈমাৰী আমাকেই শাসন কৰিব বিচাৰিছে ,যিটো বড়ো ৰাইজে মানি নলয় । বিজেপিত লবীৰ ৰাজনীতি চলিছে বুলি অভিযোগ কৰি ৰাজকুমাৰ ব্ৰহ্মই বিটিআৰৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দেয়ে ধনবলৰ ৰাজনীতি কৰিছে বুলি অভিযোগ কৰে।

কোনো কাৰণ নোহোৱাকৈ লবী ৰাজনীতি আৰু ষড়যন্ত্ৰৰ কৰি কোকৰাঝাৰ জিলা বিজেপি সভাপতিৰ দায়িত্বৰ পৰা তেওঁক অপসাৰণ কৰা হৈছে বুলি মন্তব্য কৰিছে ৰাজ কুমাৰ ব্ৰহ্মই। আজিৰ যোগদান সভাত বিপিএফৰ উপ-সভাপতি খাম্পা বৰগয়াৰী , বিধায়ক ৰবিৰাম নাৰ্জাৰী, কোকৰাঝাৰ জিলা বিপিএফৰ সভাপতি দেৰহাছাৎ বসুমতাৰী আদিকে ধৰি আন বহু বিপিএফ নেতা উপস্থিত আছিল ।

বিজেপিৰ পৰিকল্পনাত চেঁচাপানী হাগ্ৰামাৰঃ BTR ৰ দুটা সমষ্টিতে নিজা প্ৰাৰ্থি দিব বি পি এফে
উৎসৱৰ আনন্দত হেৰাই যায় দায়িত্ববোধ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in