প্ৰতিদিন ডিজিটেলৰ বাতৰিৰ প্ৰভাৱ: উঁয়ে খোৱা মথাউৰীৰ পকীপথ পৰিদর্শন বিভাগীয় সচিবৰ...

প্ৰতিদিন ডিজিটেলৰ বাতৰিৰ প্ৰভাৱ: উঁয়ে খোৱা মথাউৰীৰ পকীপথ পৰিদর্শন বিভাগীয় সচিবৰ...

author-image
Asomiya Pratidin
New Update
প্ৰতিদিন ডিজিটেলৰ বাতৰিৰ প্ৰভাৱ: উঁয়ে খোৱা মথাউৰীৰ পকীপথ পৰিদর্শন বিভাগীয় সচিবৰ...

প্ৰতিদিন ডিজিটেলৰ বাতৰিৰ প্ৰভাৱ: উঁয়ে খোৱা মথাউৰীৰ পকীপথ পৰিদর্শন বিভাগীয় সচিবৰ...

ডিজিটেল সংবাদ ঢকুৱাখনাঃ ঢকুৱাখনা ক্ষেত্ৰীয় লোকনিৰ্মাণ বিভাগৰ এক বিশেষ উন্নয়নমূলক আঁচনি । বিশ্ব বেংকৰ আৰ আই ডি এফ শিতানৰ প্ৰায় ৪৩ কোটি ব্যয়ৰে ৰূপায়িত এই আঁচনিৰ সফল ৰূপায়নলৈ মহা সংকট মাতি আনিছে উঁই পোকে ।  ঢকুৱাখনাত লোকনিৰ্মাণ বিভাগৰ লগতে ঠিকাদাৰৰ নিদ্ৰা হৰিছে এই উঁই পোকে । 

Advertisment

তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সপোনৰ মাজুলীৰপৰা বগীবিল সংযোগী এই পথৰ ঢকুৱাখনাৰ লোকনিৰ্মাণ সংমণ্ডলৰ অন্তৰ্গত প্ৰায় ১৯ কিলোমিটাৰ দৈৰ্ঘৰ এই পকী পথ আঁচনিখনৰ সৰ্বত্ৰে দেখা দিয়া উঁই পোকৰ তাণ্ডৱৰ সন্দৰ্ভত এক তথ্য সমৃদ্ধ বাতৰি বুধবাৰে "অসমীয়া প্ৰতিদিন ডিজিটেল"ত প্ৰকাশ হৈছিল ।

৪৩ কোটি ব্যয় সাপেক্ষে এই পকী পথ নিৰ্মাণ আঁচনিখনৰ উপৰিও ঢকুৱাখনা, মাজুলীৰ সুৰক্ষা কৱচ স্বৰূপ ব্ৰহ্মপুত্ৰৰ মথাউৰীলৈকো অশনি সংকেত মাতি অনা এই উঁই পোকৰ ভয়ংকৰ তাণ্ডৱ সন্দৰ্ভত বাতৰি প্ৰকাশৰ পাছদিনাই বৃহস্পতিবাৰে বিয়লি প্ৰায় ৪-২০ বজাত ঢকুৱাখনাত উপস্থিত হয় ৰাজ্যৰ লোকনিৰ্মাণ বিভাগৰ বিশেষ সচিব  দিব্যজ্যোতি চহৰীয়া ।

লোকনিৰ্মাণ বিভাগৰ অৱসৰপ্ৰাপ্ত অধীক্ষক অভিযন্তা দিলীপ শইকীয়া,সহকাৰী অভিযন্তা হিৰণ্য ফুকন , লখিমপুৰ লোকনিৰ্মাণ (পথ)বিভাগৰ ভাৰপ্ৰাপ্ত অধীক্ষক অভিযন্তা তথা ঢকুৱাখনা ক্ষেত্ৰীয় লোকনিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তা কনক চন্দ্ৰ বড়ো, সহকাৰী কাৰ্যবাহী অভিযন্তা ৰাজীৱ ডেকা, নেকিবোৰ ৰহমানকে প্ৰমুখ্য কৰি বহু কেইগৰাকী বিভাগীয় বিষয়াৰ সহযোগিতাত বিয়লি টেকেলিফুটাৰ পৰা লোটাচুৰ পৰ্যন্ত নিৰ্মিত বিশ্ব বেংকৰ অৰ্থসাহায্যপ্ৰাপ্ত আঁচনিখনৰ অগ্ৰগতি স্বচক্ষে পৰিদর্শন কৰাৰ লগতে উঁয়ে ভয়ানক ভাবে বিনষ্ট কৰা দিশটো সূক্ষ্ম ভাবে পৰ্যবেক্ষণ কৰে। 

এখন ব্যয়বহুল আচঁনিলৈ বিপদ নমাই অনা স্পৰ্শকাতৰ সমস্যাটো প্ৰত্যক্ষ কৰি স্তম্ভিত বিষয়াগৰাকীয়ে কীটনাশক প্ৰয়োগে হওক কিম্বা সুকীয়া ভাবে পথৰ আক্রান্ত "চাইড বাম"ত পকীকৰণৰ ব্যৱস্থা কৰিয়ে হওক যিকোনো প্ৰকাৰে এই সমস্যাৰ স্থায়ী সমাধানৰ বাবে জৰুৰী কার্যব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে ঢকুৱাখনা লোকনিৰ্মাণ বিভাগক।

শীর্ষ আমোলা গৰাকীয়ে নিৰ্মীয়মান পকীপথতো খান্দি শিল বালি , ডব্লিউ বি এম, বিতুমিনৰ তৰপ সঠিক ভাবে দিয়া হৈছে নে নাই , প্ৰাককলন অনুসৰি আঁচনি ৰূপায়ন কৰা হৈছে নে নাই তাকো পৰীক্ষা কৰে ।  উল্লেখ্য যে শীর্ষ বিষয়া চহৰীযাৰ নেতৃত্বত উচ্চ স্তৰীয় দলটোৱে সংমণ্ডলটোৰ অন্তৰ্গত বৰদৈৰ পৰা বেবেজিয়া পৰ্যন্ত নিৰ্মীয়মান পথৰ অগ্ৰগতিও পৰিদৰ্শন কৰে।

Also Read: দুসপ্তাহ পানীৰ মাজতে আৱদ্ধ থাকি অৱশেষত মৃত্যু হ'ল ঢেকীয়াজুলিৰ হাতীটো...

ঢকুৱাখনা লোকনিৰ্মাণ বিভাগ