/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/628ae32f-4676-4a62-b872-4bc1bf841edd/AP_FOR_WEB_111.jpg)
দুসপ্তাহ পানীৰ মাজতে আৱদ্ধ থাকি অৱশেষত মৃত্যু হ'ল ঢেকীয়াজুলিৰ হাতীটো...
ডিজিটেল ডেস্কঃ অৱশেষত মৃত্যু হ'ল তেলিয়াগাঁৱত পানীৰ মাজত আৱদ্ধ হৈ থকা হাতীটোৰ। ঢেকীয়াজুলিৰ ঠেলামৰা ৰাজহচক্ৰৰ অন্তৰ্গত তেলিয়াগাঁৱৰ ব্ৰহ্মপুত্ৰৰ পানীত যোৱা প্ৰায় দুসপ্তাহে আৱদ্ধ হৈ আছিল এটা বন্য হস্তী।
উল্লেখ্য যে, হাতীটো পানীত আৱদ্ধ হৈ থকাৰ তিনি দিন পাছতহে বন বিভাগৰ লোক আহি হাতীটো পৰ্যবেক্ষণ কৰিছিল যদিও তাৎক্ষণিক ভাৱে কোনো পদক্ষেপ গ্ৰহণ কৰা নাছিল। স্থানীয় লোকে হাতীটোক পানীৰ মাজতে খাদ্য যোগান ধৰিছিল যদিও হাতীটোৱে কোনো খাদ্য খোৱা নাছিল।
পৰৱৰ্তী সময়ত বন বিভাগৰ এটা চিকিৎসকৰ দলে হাতীটো পৰ্যবেক্ষণ কৰিছিল আৰু হাতীটো অসুস্থ বুলি জনাইছিল। পৰৱৰ্তী সময়ত কাজিৰঙাৰ পৰা অহা বিশেষজ্ঞ চিকিৎসকে পানীৰ মাজতে হাতীটোক চিকিৎসা প্ৰদান কৰিছিল যদিওঅৱশেষত মৃত্যু হয়। মৃত্যু হোৱা হাতীটোক বন বিভাগ পানীৰ পৰা তুলি আনি সমাধিস্ত কৰে।
Also Read: জনস্বাস্থ্য কাৰিকৰী বিভাগত নিযুক্তি প্ৰাপ্তৰ সৈতে জয়ন্ত মল্লবৰুৱাৰ মত বিনিময়..