/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/e98ff2be-3b37-4a28-a5b2-4b42ce0842ff/dhokuakhana_5.jpg)
ঢকুৱাখনা আঞ্চলিক টাই আহোম ছাত্ৰ সন্থাৰ আঞ্চলিক সমিতি গঠন
ডিজিটেল সংবাদ ঢকুৱাখনাঃ অসমীয়া জাতীয় জীৱনৰ অন্য এক সংগ্ৰামী সত্বা স্বৰূপ ছাত্ৰ সংগঠন সদৌ টাই আহোম ছাত্ৰ সন্থা । সবল সাংগঠনিক ভেঁটি বিশিষ্ট এই ছাত্ৰ সংগঠনটোৰ ঢকুৱাখনা আঞ্চলিক সমিতিখন সোমবাৰে পুনৰ গঠন কৰা হয় ।
এই সন্দৰ্ভত সোমবাৰে ঢকুৱাখনা টাই সংস্কৃতি গৱেষণা আৰু বিকাশ কেন্দ্ৰত এখন সাংগঠনিক ও বিষয় বাচনি সভা অনুষ্ঠিত কৰা হয়। ঢকুৱাখনা টাই সংস্কৃতি গৱেষণা আৰু বিকাশ কেন্দ্ৰৰ কাৰ্য্যকৰী সভাপতি, অৱসৰ প্ৰাপ্ত শিক্ষক দেৱেন গগৈৰ সভাপতিত্বত অনুষ্ঠিত সভাত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক তথা জনগোষ্ঠীটোৰ উন্নয়ন পৰিষদৰ সদস্য অচ্যুত বৰগোঁহাই, সদৌ লখিমপুৰ জিলা টাই আহোম ছাত্ৰ সন্থাৰ উপ-সভাপতি দেৱজিৎ বৰুৱা ,ঢকুৱাখনা আঞ্চলিক টাই আহোম ছাত্ৰ সন্থাৰ সভাপতি ডেভিদ চাংমাইকে প্ৰমুখ্য কৰি গৰিষ্ঠ সংখ্যক বিষয়ববীয়া আৰু জ্ঞাতিবৰ্গ উপস্থিত থাকে।
সভাত সন্থাৰ নীতি অনুসৰি ঢকুৱাখনা আঞ্চলিক সমিতিখনৰ পুনৰগঠন কৰাৰ পোষকতা কৰি এখন নতুন আৰু সবল আঞ্চলিক সমিতি গঠনৰ দিশটো আলোচনা কৰা হয় । আলোচনাৰ অন্তত কেন্দ্ৰীয় পৰ্যবেশক অচ্যুত বৰগোঁহাইৰ উপস্থিতিত অনাগত দুটা বছৰৰ বাবে এখন গতিশীল আঞ্চলিক সমিতি সৰ্বসন্মতভাবে গঠন কৰা হয়।
সভাত পুৰণি সমিতিখন ভংগ কৰি দেৱেন গগৈ, অৰুণ চমুৱা আৰু সঞ্জীৱ (বীৰেণ) বৰুৱাক উপদেষ্টা হিচাবে নতুন সমিতিখনত মনোনীত কৰা হয়। তাৰোপৰি ডেভিড চাংমাইক সভাপতি, ৰঞ্জন সন্দিকৈক সাধাৰণ সম্পাদক, ধ্ৰুৱ জ্যোতি চমুৱাক কাৰ্য্যকৰী সভাপতি, দ্বীপ ৰঞ্জন সন্দিকৈ, যুগল ফুকনক উপ-সভাপতি, পুৱালী বৰগোঁহাই, চম্পক সন্দিকৈক সহকাৰী সাধাৰণ সম্পাদক, অম্লান দ্বীপ কোঁৱৰ, ৰাতুল সন্দিকৈ আৰু নবাৰুপ চমুৱাক সাংগঠনিক সম্পাদক, পূণ্যব্ৰত গগৈক প্ৰচাৰ সম্পাদক, নৱজ্যোতি বৰগোঁহাইক শিক্ষা সম্পাদক, পুৱালী গগৈক সাংস্কৃতিক সম্পাদক দ্বীপ ৰঞ্জন সন্দিকৈক ক্ৰীড়া সম্পাদক হিচাপে লৈ ২১ জনীয়া এখন সবল আঞ্চলিক সমিতি গঠন কৰা হয়।
সদৌ টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক অচ্যুত বৰগোঁহাই আৰু সদৌ লখিমপুৰ জিলা টাই আহোম ছাত্ৰ সন্থাৰ উপ-সভাপতি দেৱজিৎ বৰুৱাই নৱ গঠিত সমিতিখনৰ সকলো বিষয়ববীয়া আৰু দায়িত্ববাহীক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে। জাতীয় দায়বদ্ধতাৰে জাতীয় অস্তিত্ব সুৰক্ষিত কৰাত নবগঠিত আঞ্চলিক সমিতিখনে আত্মনিয়োগ কৰাৰ আহ্বান জনায় কেন্দ্ৰীয় নেতা বৰগোঁহাইৰ লগতে জিলা নেতৃত্বই।
Also Read: ভিডিঅ' যোগে প্ৰধানমন্ত্ৰী মোডী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি