ঢকুৱাখনাত পথ দুর্ঘটনাঃ এজন নিহত, দুজন আহত...

ঢকুৱাখনাত পথ দুর্ঘটনাঃ এজন নিহত, দুজন আহত...

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনাত পথ দুর্ঘটনাঃ এজন নিহত, দুজন আহত...

ঢকুৱাখনাত পথ দুর্ঘটনাঃ এজন নিহত, দুজন আহত...

ডিজিটেল সংবাদ ঢকুৱাখনা: ঘিলামৰা ঢকুৱাখনা ৰাজ্যিক ঘাই পথৰ শিঙিয়া অংশত শনিবাৰে সন্ধিয়া সংঘটিত এক পথ দুর্ঘটনাত এজন লোকৰ শোকাবহ মৃত্যু ঘটে। ঘটনাৰ বিবৰণ মতে সোৱণশিৰি বালি মেদক গাঁৱৰ পৰা ঢকুৱাখনা অভিমুখে দুজন যুৱক আৰু এগৰাকী যুৱতী এখন বাইকত তীব্ৰ বেগত আহি আছিল।

হিৰ হোণ্ডা চুপাৰ স্পেলন্দাৰ এ এছ ০৭ বি ৪৩১৬ নম্বৰৰ বাইকেৰে তিনিগৰাকী যুৱক-যুৱতী ক্ৰমে মাইনা গগৈ, কৃষ্ণ কান্ত পেগু আৰু লক্ষ্মী মেদক ঘিলামৰা-ঢকুৱাখনা ৰাজ্যিক ঘাই পথেৰে আহি থকা অৱস্থাত শিঙিয়া অংশত এ আৰ ০১ জি ১৭৩৬ নম্বৰৰ এখন বাঁহ কঢ়িওৱা ট্ৰাকে সংঘটিত কৰে ভয়াবহ দুর্ঘটনা।

ভয়ংকৰ পথ দুর্ঘটনাত ঢকুৱাখনা আৰক্ষী থানাৰ অন্তৰ্গত দাংধৰা এক নম্বৰ শিমলুগুৰি গাঁৱৰ মাইনা গগৈ(২৩) গুৰুতৰভাবে আহত হোৱাত ঘিলামৰা সামূহিক চিকিৎসালয়লৈ নিয়া হয় যদিও যুৱকজনে অকাল মৃত্যুক সাৱটি লয়। ইপিনে অন্যজন যুৱক কৃষ্ণ কান্ত পেগু আৰু যুৱতী লক্ষ্মী মেদকক প্ৰথমে ঘিলামৰা সামূহিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা সেৱা প্ৰদান কৰি পাছত উন্নত চিকিৎসাৰ বাবে লখিমপুৰ জিলা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

ঘটনা সংঘটিত কৰা ট্ৰাকখন ঘিলামৰা আৰক্ষীয়ে জব্দ কৰিছে আৰু মৃতকৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰি গোচৰ পঞ্জীয়ন কৰিছে। ইপিনে এক সূত্ৰই জনোৱা মতে যুৱতী গৰাকীক প্ৰেমিক কৃষ্ণ কান্ত পেগুৱে ঘৰৰ পৰা পলুৱাই আনিছিল।

এই সন্দৰ্ভত জানিব পাৰি পাছে পাছে যুৱতীগৰাকীৰ পিতৃয়ে অনুসৰণ কৰি আহি আছিল। দুৰ্ভাগ্যজনক ভাবে এই পথ দুর্ঘটনা সংঘটিত হয় আৰু নিৰীহ যুৱক প্ৰেমিক কৃষ্ণৰ বন্ধু মইনা গগৈৰ অকাল বিয়োগ ঘটে।

Also Read: কচুৱা পঞ্চায়তত পঞ্চদশ বিত্তীয় আঁচনি ৰূপায়ণত ব্যাপক খেলি মেলিৰ অভিযোগ...

ঢকুৱাখনা পথ দুৰ্ঘটনা