/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/80e2682d-5b3a-4fbd-b42c-de82140f2877/KOSUA_15.jpg)
কচুৱা পঞ্চায়তত পঞ্চদশ বিত্তীয় আঁচনি ৰূপায়ণত ব্যাপক খেলি মেলিৰ অভিযোগ...
ডিজিটেল সংবাদ নগাওঁঃ নগাওঁ জিলাৰ কঠীয়াতলী উন্নয়ন খণ্ডৰ অন্তৰ্গত কচুৱা পঞ্চায়তত পঞ্চদশ বিত্তিয় আয়োগৰ ধনৰ ব্যাপক অনিয়ম হোৱাৰ অভিযোগ আনিছে পঞ্চায়তখনৰে দহজনকৈ ৱাৰ্ড সদস্যই । আজি সংবাদমাধ্যম যোগে পঞ্চায়ত সদস্যসকলে এই অভিযোগ উত্থাপন কৰে।
পঞ্চায়ত সদস্যসকলৰ অভিযোগ মতে কঠীয়াতলী উন্নয়ন খণ্ডৰ কচুৱা গাওঁ পঞ্চায়তৰ ২০২০-২১ বৰ্ষৰ দ্বিতীয় কিস্তি আৰু ২০২১-২২ বৰ্ষৰ প্ৰথম আৰু দ্বিতীয় কিস্তিৰ পঞ্চদশ বিত্তীয় আঁচনিৰ ধন গাওঁসভাৰ জৰিয়তে পঞ্চায়তৰ সভাপতি, সচিব, ৱাৰ্ড সদস্যৰ লগতে ৰাইজৰ উপস্থিতিত দুয়োটা বৰ্ষৰ উন্নয়নৰ ধনৰে দহোটা ৱাৰ্ডত আঁচনি ৰূপায়ণ কৰাৰ কাৰনে প্ৰস্তাৱ গ্ৰহন কৰে।
সভাত উপস্থিত সকলোৰে সৰ্বসন্মতি ক্ৰমে ৩৩ খন আঁচনি ৰূপায়ণ কৰা বুলি প্ৰস্তাৱ গ্ৰহণ কৰে। এই আঁচনিসমূহৰ প্ৰাককলন প্ৰস্তুত কৰি বিভাগীয় নীতি অনুসৰি কাম-কাজসমূহ কৰা হয়।
ইয়াৰে কচুৱা বজাৰৰ নলা নিৰ্মাণ, কচুৱা আৰক্ষী থানাৰ দেৱাল নিৰ্মাণ, কচুৱাত এটা ঈদগাহ নিৰ্মাণৰ কাম ৰহা সমষ্টিৰ বিধায়কক কৰিব দিয়ে। কিন্তু ৱাৰ্ড সদস্যসকলে অভিযোগ কৰা মতে প্ৰথম আৰু দ্বিতীয় কিস্তিৰ কামসমূহ ৰূপায়ণ নকৰি সচিব আৰু সভাপতিয়ে মইমতালিৰে ৱাৰ্ডসকলক কোনো ধৰণে অৱগত নকৰাকৈ নতুনকৈ আঁচনি প্ৰস্তত কৰি ৰূপায়ন কৰে।
এইক্ষেত্ৰত পঞ্চায়ত সদস্যসকলে ৰহা সমষ্টিৰ বিধায়ক, কঠীয়াতলী উন্নয়নখণ্ডৰ বিষয়া আৰু পঞ্চায়তৰ সভাপতি-সচিবৰ বহু গুৰুতৰ অভিযোগ আনে।
Also Read: ফ্ৰান্সৰ ৰাষ্ট্ৰপতি আৰু নৰেন্দ্ৰ মোডীৰ সৈতে ধেমাজিৰ কন্যাৰ নৈশ ভোজ...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us