ঢকুৱাখনা আৰক্ষীৰ সন্মুখেৰে চলিছে নিষিদ্ধ ড্ৰাগছৰ সৰবৰাহ...
ঢকুৱাখনা আৰক্ষীৰ সন্মুখেৰে চলিছে নিষিদ্ধ ড্ৰাগছৰ সৰবৰাহ...

ঢকুৱাখনা আৰক্ষীৰ সন্মুখেৰে চলিছে নিষিদ্ধ ড্ৰাগছৰ সৰবৰাহ...

ডিজিটেল সংবাদ ঢকুৱাখনা: পুনৰ ঢকুৱাখনা মহকুমাত ভয়ানক হাৰত সক্ৰিয় হৈ পৰিছে নিষিদ্ধ ভাং আৰু ড্ৰাগছৰ মুক্ত বেহা। ঢকুৱাখনা আৰক্ষীৰ দুৰ্বল আৰু নিষ্ক্ৰিয় ভূমিকাৰ সুবৰ্ণ সুযোগ গ্ৰহণ কৰি মুকলি ভাবেই নিষিদ্ধ সামগ্ৰীৰ সৰবৰাহ চলাই ঢকুৱাখনাৰ সৰ্বত্ৰতে উভৈনদী কৰি দিছে এই মাৰাত্মক নিচাযুক্ত সামগ্ৰীৰ।

ঢকুৱাখনা সদৰ চাৰি আলিত লোকচক্ষুত পৰাকৈ দৈনিক নথিপত্ৰ বিহীন যানবাহনৰ তালাচী চলাই জৰিমনা বিহী অহা ঢকুৱাখনা আৰক্ষীৰ সন্মুখেৰেই এচাম উদণ্ড আৰু সহজলভ্য ধনৰ মোহত আচ্ছন্ন যুৱকে দৈনিক এই নিষিদ্ধ বেহা চলাই অহাটো ঢকুৱাখনা আৰক্ষীয়ে কিয় নেদেখে সেয়া বহুমূলীয়া প্ৰশ্ন হিচাবে ধৰা দিছে ৰাইজৰ মাজত ।

ঢকুৱাখনা আৰু ঘিলামৰাৰ দুজনমান যুৱকে নম্বৰ প্লেট বিহীন বিলাসী বাইক আৰু এখন মাৰুটি এলট' গাড়ীৰে এই নিষিদ্ধ বেহা চলাই অহাৰ প্ৰামানিক তথ্য থকাৰ পাছতো আৰক্ষীয়ে সাহস গোটাব পৰা নাই এই চক্ৰটোক জালত পেলোৱাৰ । কিছুদিন পূৰ্বে ঘিলামৰাৰ এটা ভাং সৰবৰাহকাৰী ধেমাজি আৰক্ষীৰ জালত পৰাৰ পাছত এই চক্ৰটোৱে ব্যৱসায়ৰ অভিকেন্দ্ৰ কৰি লৈছে ঢকুৱাখনাক।

সংগৃহীত খবৰ মতে মঙলবাৰে নিশা এই চক্ৰটোৱে এখন মাৰুটি এলট' বাহনেৰে বৃহৎ পৰিমাণৰ গাঞ্জা আৰু ড্ৰাগছ সৰবৰাহ কৰি নিয়ে ঢকুৱাখনা আৰক্ষীৰ চকুৰ সন্মুখেৰে । দুজন যুৱকে মঙলবাৰে নিশা প্ৰায় ৯-২০ বজাত এই বৃহৎ পৰিমাণৰ নিষিদ্ধ সামগ্ৰী সৰবৰাহ কৰি আনোতে সদৰ চাৰি আলিত আৰক্ষীৰ তালাচীৰ সন্মুখীন হয় ।

আৰক্ষীৰ আকস্মিক সংকেত মানি গাড়ীখন থমকি ৰয় । সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কুলদ্বীপ গগৈৰ উপস্থিতিতে আৰক্ষীৰ সশস্ত্ৰ জোৱান এগৰাকীয়ে তালাচীৰ বাবে আগুৱাই গৈ বাহনখনৰ ওচৰত উপস্থিত হোৱাৰ পাছতেই নিশ্চিত বিপদৰ উমান পাই তীব্ৰ গতিত পলাই যায় বিশেষ গাড়ীখন।

ফলত গাড়ীখন ৰাখিবলৈ যোৱা অসম আৰক্ষী বেটেলিয়ানৰ এজন জোৱান প্ৰাণ আৰু অস্ত্ৰ বচাবলৈ গৈ গুৰুতৰ ভাবে জখম হোৱাৰ লগতে ৰাজপথত চুচৰি ইউনিফৰ্ম পৰ্যন্ত ফাটি যায় । অতি তাৎপৰ্যপূৰ্ণ বিষয় হ'ল আৰক্ষীৰ নিৰ্দেশ অমান্য কৰি পলাই যোৱা বাহনখন অনুসৰণ কৰিবলৈ সাহস নহ'ল কৰ্তব্যৰত অৱস্থাত থকা আৰক্ষী বিষয়াৰ।

পৰিণতিত বৃহৎ পৰিমাণৰ নিষিদ্ধ নিচাযুক্ত সামগ্ৰী আৰক্ষীৰ অকমন্যতা আৰু পৰোক্ষ সহযোগিতাত নিৰ্বিবাদে সুৰক্ষিত স্থানলৈ সৰবৰাহ কৰিবলৈ সক্ষম হ'ল চক্ৰটো ।  সংগৃহীত খবৰ অনুসৰি নিষিদ্ধ গাঞ্জাৰ অৰ্ধেক অংশ বুধবাৰে পুৱতি নিশা ঢকুৱাখনা নগৰৰ সীমামুৰীয়াত অৱস্থিত এটা ভাং বেপাৰীক যোগান ধৰি, দুজন বাইক আৰোহীক নিষিদ্ধ ড্ৰাগছখিনি নিৰ্দ্দিষ্ট ধনৰ বিনিময়ত বিক্ৰী কৰি মাতমৰা মথাউৰী হৈ বিশেষ বাহনখন নিৰ্দিষ্ট স্থানলৈ উধাও হয় ।

ঢকুৱাখনা আৰক্ষীৰ সৈতে সুসম্পৰ্ক থকা বুলি দাবী কৰি অহা এই ভাং বেপাৰীটোৰ  নেতৃত্বত অব্যাহত থকা মাৰাত্মক বেহাখন সুৰক্ষিত কৰিবলৈ গৈ এগৰাকী কৰ্তব্যৰত সশস্ত্ৰ আৰক্ষী জোৱানক চোঁচৰাই পেলাই পলায়ন কৰা স্বত্তেও ঘটনাস্থলীত উপস্থিত আৰক্ষী বিষয়াই নিৰ্দেশ অমান্য কৰা বাহনখন ইচ্ছাকৃতভাৱে আটক নকৰা বুলি ঢকুৱাখনাত সৰৱ চর্চা চলিছে ।

চৰকাৰী ৰাজহ সংগ্ৰহৰ নামত নাগৰিকক জৰিমনা বিহী অহা ঢকুৱাখনা আৰক্ষীৰ চকুৰ সন্মুখতে বৃহৎ পৰিমাণৰ নিষিদ্ধ সামগ্ৰী লৈ উধাও হোৱা  দুষ্ট চক্ৰটোক আটক কৰিবলৈ সাহস নোহোৱা বিতৰ্কিত বিষয়টোৱে ঢকুৱাখনাবাসীৰ মনত বহু প্ৰশ্নৰ উদ্ৰেক ঘটাইছে ।

ঢকুৱাখনা আৰক্ষীৰ সন্মুখেৰে চলিছে নিষিদ্ধ ড্ৰাগছৰ সৰবৰাহ...
২৪-২৫ ডিচেম্বৰত মধুপুৰ মহোৎসৱ : কোচ বিহাৰত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in