/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/39a1761e-685e-4d4e-aa2c-daebcdc74fb6/madhupur_satra.jpg)
ডিজিটেল সংবাদ,তামুলপুৰ : মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মহাপ্ৰয়াণৰ পৱিত্ৰ তীৰ্থভূমি উত্তৰ বংগৰ কোচ বিহাৰৰ মধুপুৰ সত্ৰ আৰু কোচ বিহাৰ চহৰত অহা ২৪ আৰু ২৫ ডিচেম্বৰত চাৰিটা দশক অতিক্ৰম কৰা মধুপুৰ মহোৎসৱ দুদিনীয়া আধ্যাত্মিক আৰু বৰ্ণাঢ্য কাৰ্যসূচীৰে উৎযাপন কৰা হব। মধুপুৰ সত্ৰ সমিতিৰ সম্পাদক হৰিদেৱ দাস আৰু প্ৰচাৰ সম্পাদক যুগান্ত বায়নে মহোৎসৱৰ বিতং কাৰ্যসূচী প্ৰকাশ কৰি প্ৰকাশ কৰা এটা বিবৃতিযোগে জনোৱা মতে, ২৪ ডিচেম্বৰৰ ৰাতিপুৱা ১১ বজাৰ পৰা সাহিত্য চৰ্চা অসমৰ সহযোগত "মহাৰাজ নৰনাৰায়ণৰ সময়ৰ সাহিত্য আৰু সংস্কৃতিৰ অধ্যয়ন" শীৰ্ষক এক ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ আলোচনা চক্ৰ অনুষ্ঠিত হ'ব।
কোচ বিহাৰৰ বিপাশা ভৱনত সাহিত্য চৰ্চা কেন্দ্ৰৰ সভাপতি আৰু মধুপুৰ সত্ৰ সমিতিৰ সাধাৰণ সম্পাদক কুমাৰ দীপক দাসৰ সভাপতিত্বত অনুষ্ঠিত হ'বলগীয়া এই আলোচনা চক্ৰখনত মুখ্য অতিথি ৰূপে উপস্থিত থাকিব কোচবিহাৰৰ পঞ্চানন বাৰ্মা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° নিখিল চন্দ্ৰ ৰয়। আলোচনা চক্ৰৰ সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰিব বৰপেটাৰ ন সত্ৰ কৃষ্ণগুৰু বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° মাধুৰ্য্যমণ্ডিত বৰুৱা, কোচ বিহাৰৰ বাণেশ্বৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° নৰেন্দ্ৰ নাথ ৰয়, উৰিষ্যাৰ ড° শৰৎ চন্দ্ৰ জেনা বিশিষ্ট অতিথি ৰূপে আলোচনা চক্ৰৰ শোভা বৰ্ধন কৰিব তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° সঞ্জীৱ পল ডেকা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ড° দ্বীপমণি হালৈ আৰু কোকৰাঝাৰৰ বৰোলেণ্ড বিশ্ববিদ্যালয়ৰ ড° ডেইজী ৰাণী ডেকা।
আবেলি ৪-০০ বজাৰ পৰা অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চলকালয়ৰ সৌজন্যত গোৱালপৰীয়া লোকগীতৰ অনুষ্ঠান পৰিৱেশন কৰাৰ লগতে সন্ধিয়া ৬-০০ বজাৰ পৰা বৰপেটা ৰোড আঞ্চলিক মহিলা সমিতিৰ দ্বাৰা ভাওনা প্ৰদৰ্শন কৰা হ'ব।
২৫ ডিচেম্বৰ পুৱা ৯-৩০ বজাত প্ৰসংগ আৰু পাল নাম সমাৰোহ, ১১-০০ বজাত থিয় নাম সমাৰোহ আৰু আবেলি ৪-০০ বজাত মুকলি সভা তথা স্মৰণিকা উন্মোচন কাৰ্যসূচী অনুষ্ঠিত হ'ব। সন্ধিয়া ৬-০০ বজাত সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত যোৰহাটৰ ৰ'দ কাচলি শিল্পী সমাজৰ ভাওনা প্ৰদৰ্শনীৰে মহোৎসৱৰ সামৰণি পৰিব।
মহোৎসৱৰ সামৰণি অনুষ্ঠানত অসমৰ পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস মুখ্য অতিথি ৰূপে উপস্থিত থাকিব । মধুপুৰ মহোৎসৱৰ সকলো কাৰ্যসূচীত উত্তৰ বংগৰ বিভিন্ন সত্ৰ আৰু নামঘৰৰ ভক্ত বৃন্দৰ লগতে সমগ্ৰ অসমৰ ভক্তপ্ৰাণ ৰাইজক উপস্থিত থাকি মহোৎসৱ সফল কৰি তুলি বংগ আৰু অসমৰ মাজত গুৰুজনাই গঢ়ি যোৱা সম্প্ৰীতিৰ বান্ধোন সুদৃঢ় কৰি তুলিবলৈ সত্ৰ সমিতিৰ সভাপতি জিতেন্দ্ৰ নাথ প্ৰধানি আৰু সাধাৰণ সম্পাদক কুমাৰ দীপক দাসে আহ্বান জনাইছে।
Also Read: অৱসৰপ্ৰাপ্ত শিক্ষক-ধেমাজি প্ৰেছ ক্লাৱৰ প্ৰাক্তন সভাপতি কীৰ্ত্তিকমল গগৈৰ মৃত্যু