বিধায়ক নৱ দলেৰ তথাকথিত উন্নয়নৰ নগ্ন স্বৰূপঃ ৰাইজে নিৰ্মান কৰিলে দলং...

বিধায়ক নৱ দলেৰ তথাকথিত উন্নয়নৰ নগ্ন স্বৰূপঃ ৰাইজে নিৰ্মান কৰিলে দলং...

author-image
Asomiya Pratidin
New Update
বিধায়ক নৱ দলেৰ তথাকথিত উন্নয়নৰ নগ্ন স্বৰূপঃ ৰাইজে নিৰ্মান কৰিলে দলং...

বিধায়ক নৱ দলেৰ তথাকথিত উন্নয়নৰ নগ্ন স্বৰূপঃ ৰাইজে নিৰ্মান কৰিলে দলং...

ডিজিটেল সংবাদ ঢকুৱাখনা: লখিমপুৰ জিলাৰ ঢকুৱাখনা বিধানসভা সমষ্টিৰ ১৫ বছৰীয়া বিধায়ক নৱ দলেৰ গৃহ ভূমিৰ এটা ব্যস্ত পথ । ঘিলামৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত সোনাৰী চাপৰি গাঁও পঞ্চায়তৰ অধীনতৰ এই গ্ৰাম্য পথটোৰ লগতে দলংৰ জৰাজীৰ্ণ অৱস্থাই গেৰুৱা দলৰ চৰকাৰখনৰ লগতে বিধায়কগৰাকীৰ নিষ্কৰ্ম্মা চৰিত্ৰ উলংগ কৰি দিছে জনদৃষ্টিত। 

Advertisment

সমষ্টিটোৰ সোনাৰী চাপৰি সদৰৰ পৰা মাহনি বাৰীহৈ বৰবাৰী,চেনিমাৰী, তুলসীজান কৃষ্ণপুৰ আদি অঞ্চল সংযোগী প্ৰায় ১০ কিলোমিটাৰ দৈৰ্ঘৰ এই লোকনিৰ্মাণ বিভাগৰ পথটোৱে জ্বলা কলা খুৱাইছে গাঁওবাসীক। দৈনিক শ শ ৰাইজ ,ছাত্ৰ-ছাত্ৰী, চাকৰিজীৱী আৰু কৃষক ৰাইজৰ যাতায়ত অব্যাহত থকা এই পথটোত থকা দলং এখনে এতিয়া লৈছে জৰাজীৰ্ণ ৰূপ ।

পথটোৰ ঘন ছিগা অংশত অৱস্থিত এটা জানৰ ওপৰত এখন দলং পকীকৈ নিৰ্মাণৰ বাবে বাৰম্বাৰ ভুক্তভোগী গঞা ৰাইজে বিধায়ক নৱ দলে, পঞ্চায়ত সভাপতি মঞ্জিত সোণোৱাল আদি সকলো পক্ষক আবেদন নিবেদন জনাই আহিছিল। পিছে ৰাইজৰ দুখ দুৰ্দশাৰ প্ৰতি গুৰুত্ব দিবলৈ এইসকল ভণ্ড জনপ্ৰতিনিধিৰ সময় নহ'ল।

পৰিণতিত এই জটিল সমস্যাটোৱে অধিক গুৰুতৰ ৰূপ লোৱা দেখা গ'ল। গেৰুৱা  বিধায়ক নব দলেৰ তথাকথিত উন্নয়ন বিকাশগামী ঢকুৱাখনাৰ কোনো এখন আঁচনিযে স্পর্শ নকৰা এই দলংৰ বিপদসংকুল আৰু জৰাজীৰ্ণ অৱস্থা প্ৰত্যক্ষ কৰি বৃহস্পতিবাৰে ভুক্তভোগী ৰাইজে নিজেই হাতে কামে লাগি দলংখন মেৰামতি কৰাত নামি পৰিল।

সততে সামাজিক মাধ্যমত ঢকুৱাখনাৰ সামগ্ৰিক উন্নয়নৰ ফটা ঢোল কোবাই অহা অনুগত চেলা চামুণ্ডাসকলৰ মুখত ছাই সানি শ্ৰমজীৱী ৰাইজে বৃহস্পতিবাৰ আৰু শুকুৰবাৰে দুদিন শ্ৰমদান কৰি নিজৰ বাৰীৰ বাঁহ আনি ,গাঁঠিৰ পুঁজিৰে নিৰ্মাণ সামগ্ৰী ক্ৰয় কৰি উক্ত জৰাজীৰ্ণ দলংখন অস্থায়ী ভাবে নিৰ্মাণ কৰি যাতায়তৰ উপযোগী কৰি তোলে।

চেনিমাৰী আৰু সমীপৱৰ্তী গাঁওৰ ভুক্তভোগী ৰাইজে ঘৰে ঘৰে টকা সংগ্ৰহ কৰি সঞ্চিত পুঁজি ব্যয় কৰি এটা চৰকাৰী পথৰ ওপৰত দলং নিৰ্মাণ কৰিবলগীয়া হোৱাটোৱেই প্ৰকট কৰিছে ঢকুৱাখনাৰ সৰ্বাংগীন উন্নয়ন বিকাশৰ বাস্তৱ ফোঁপোলা চিত্ৰখন । ভুক্তভোগী ৰাইজৰ দাবী তৎকালে অঞ্চলবাসীৰ মেৰুদণ্ড স্বৰূপ এই দলংখন পকীকৈ নিৰ্মাণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক বিভাগ আৰু প্ৰশাসনে ।

অন্যথাই ভৱিষ্যতৰ সময়ত ধাৰাবাহিক ৰাজহুৱা প্ৰতিবাদৰ সন্মুখীন হ'বলৈ সাজু থকাৰ আহ্বান জনাইছে স্থানীয় বিধায়ক, প্ৰশাসন আৰু বিভাগীয় বিষয়াসকলক ।

Also Read: নিশা মহানগৰীত ভূমিকেন্দ্রিক সংঘাতঃ মাতৃ-পুত্ৰই মাৰপিট কৰিলে যুৱকক...

ঢকুৱাখনা নব দলে