অস্তিত্বৰ সুৰক্ষা বিচাৰি পশ্চিম মাছখোৱাৰ ৯ সংগঠনৰ দাবীপত্ৰ প্ৰদান

দাবী পূৰণ নকৰিলে তীব্ৰ প্ৰতিবাদৰ হুংকাৰ

author-image
Asomiya Pratidin
New Update
অস্তিত্বৰ সুৰক্ষা বিচাৰি পশ্চিম মাছখোৱাৰ ৯ সংগঠনৰ দাবীপত্ৰ প্ৰদান

অস্তিত্বৰ সুৰক্ষা বিচাৰি পশ্চিম মাছখোৱাৰ ৯ সংগঠনৰ দাবীপত্ৰ প্ৰদান

ডিজিটেল সংবাদ ঢকুৱাখনা: ঢকুৱাখনা মহকুমাৰ পশ্চিম মাছখোৱা অঞ্চলৰ ৰাজনৈতিক অস্তিত্ব সুৰক্ষিত কৰাৰ দাবীত সোচ্চাৰ হৈ  উঠিছে ৰাইজ সংগঠন। বৃহত্তৰ অঞ্চলটোৰ ৰাজনৈতিক পৰিচয় হিচাবে গঠিত হাৰ্হি জিলা পৰিষদ সমষ্টিতো চক্ৰান্তমূলক ভাবে বিলুপ্তি ঘটোৱাকলৈ তীব্ৰ ক্ষোভ প্ৰতিবাদৰ জোৱাৰ উঠিছে ।

Advertisment

সদ্য ঘোষিত সমষ্টি পুনৰনিৰ্ধাৰণ আয়োগে হাৰ্হি, শিঙিয়া,ধেনুখণা বাটমাৰী আৰু গন্ধিয়া পঞ্চায়তকলৈ গঠিত এই জিলা পৰিষদ সমষ্টিতো চিৰদিনৰ বাবে বিলুপ্তি ঘটাই চাৰিখন পঞ্চায়তক দ্বিবিভক্ত কৰা কাৰ্যত ক্ষোভ প্ৰকাশ কৰি বৃহত্তৰ অঞ্চলবাসীৰ হৈ শুকুৰবাৰে ৯ টা সংগঠনে লখিমপুৰ জিলা উপায়ুক্তক অভিযোগ আৰু আপত্তি দাখিল কৰে। 

মহকুমাটোৰ পশ্চিম মাছখোৱা আঞ্চলিক ছাত্ৰ সন্থা, সাপতিয়া মাহধুৱা আঞ্চলিক চুতীয়া জাতি সন্মিলন, সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ ঢকুৱাখনা জিলা সমিতি, সাপতিয়া আঞ্চলিক উন্নয়ন সমিতি,পশ্চিম মাছখোৱা আঞ্চলিক শিল্পী সমাজ, সদৌ অসম গোর্খা ছাত্ৰ সন্থাৰ ঢকুৱাখনা আঞ্চলিক সমিতি, তাই আহোম ছাত্ৰ সন্থাৰ গন্ধিয়া আঞ্চলিক সমিতি,দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ ঢকুৱাখনা মহকুমা সমিতি আৰু হাৰ্হি জিলা পৰিষদ সুৰক্ষা সমিতিৰ তৰফৰ পৰা জিলা আয়ুক্তৰ কাৰ্য্যালয়ত উপস্থিত হৈ নিজ নিজ দাবী পত্ৰ প্ৰদান কৰে ।

সংগঠনসমূহৰ নেতৃত্বই পৃথকে পৃথকে জিলা প্ৰশাসনক দাবী পত্ৰ প্ৰদান কৰি এনে হঠকাৰী অপৰিপক্ক সিদ্ধান্ত গ্ৰহণ নকৰিবলৈ সকীয়াই দিয়ে। লগতে পূৰ্বৰ জিলা পৰিষদ সমষ্টিতোৰ পৰিচয় অক্ষুন্ন ৰাখি চাৰিওখন পঞ্চায়ত একত্ৰিত কৰি ৰখাৰ সমূহীয়া দাবী জনায়।

অন্যথাই পশ্চিম মাছখোৱাবাসীৰ যাউটিযুগীয়া ঐক্য ভাতৃত্ববোধ আৰু সম্প্ৰীতিত ব্যাঘাত সানিব খোজা এনে অবিবেচকী সিদ্ধান্ত বাহাল ৰাখিলে ভৱিষ্যতৰ দিনত ব্যাপক গণতান্ত্ৰিক সংগ্ৰামৰ পাতনি মেলিব বুলি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰিছে সংগঠন সমূহৰ নেতৃবৰ্গই। উল্লেখযোগ্য যে পশ্চিম মাছখোৱাবাসীৰ ৰাজনৈতিক পৰিচয়লৈ মহা সংকট নমাই অনাৰ পাছতো শাসক গোষ্ঠীৰ লগতে একাংশ ৰাজনৈতিক দলে নাকত তেল দি শুই থকাৰ অভিযোগ উত্থাপিত হৈছে । এনেবোৰ সুবিধাভোগী ৰাজনৈতিক দলৰ এনে বেপৰোৱা নীতিৰ বিৰুদ্ধে ৰাইজ টঙালি বন্ধা বুলি জানিবলৈ দিছে ক্ষুব্ধ ৰাইজ আৰু সংগঠন সমূহে।

Also Read: চাৰিকড়িয়াৰ বুকুত সন্ধানহীন কিশোৰ ছাত্ৰ...

ঢকুৱাখনা পশ্চিম মাছখোৱা