চৰকাৰী পুঁজি উদৰস্থ কৰি আৰক্ষীৰ জালত ঢকুৱাখনাৰ প্ৰধান শিক্ষক, সৰ্বশিক্ষা কৰ্মী...

চৰকাৰী পুঁজি উদৰস্থ কৰি আৰক্ষীৰ জালত ঢকুৱাখনাৰ প্ৰধান শিক্ষক, সৰ্বশিক্ষা কৰ্মী...
চৰকাৰী পুঁজি উদৰস্থ কৰি আৰক্ষীৰ জালত ঢকুৱাখনাৰ প্ৰধান শিক্ষক, সৰ্বশিক্ষা কৰ্মী...

ডিজিটেল সংবাদ ঢকুৱাখনা:  চৰকাৰী বেতনৰ ধনে পেট নভৰা ঢকুৱাখনাৰ এজন সৰ্বগ্ৰাসী শিক্ষক। শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত জড়িত হৈয়ো লুণ্ঠন জালিয়াতিৰ দৰে নিকৃষ্ট কাণ্ডত নিবৃত হোৱা এইগৰাকী প্ৰধান শিক্ষকৰ নাম কনক গগৈ ।

ঢকুৱাখনা মহকুমাৰ ঢকুৱাখনা প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত ৫৪২ নং লাহিবাৰী প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত এইজন প্ৰধান শিক্ষকে চৰকাৰী পুঁজি গোগ্ৰাসে উদৰস্থ কৰাৰ পাং পাতি এতিয়া ঢকুৱাখনা আৰক্ষীৰ আচামী হ'বলগীয়া হৈছে। এইগৰাকী লোভীয়া প্ৰধান শিক্ষকৰ বিৰুদ্ধে ঢকুৱাখনা সদৰ থানাত পঞ্জীভূত হৈছে জামিন অযোগ্য ধাৰাত গোচৰ।

লখিমপুৰ জিলা আয়ুক্তৰ নিৰ্দেশৰ ভিত্তিত ঢকুৱাখনা খণ্ড প্ৰাথমিক শিক্ষা বিষয়া বিদ্যুৎ গগৈয়ে ৰুজু কৰিছে গোচৰ । সদৰ থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ৪২০/৪০৯ ধাৰাত পঞ্জীভুত এই গোচৰৰ নম্বৰ হৈছে ১৩২/২০২৩।

ঘটনাৰ বিবৰণী অনুসৰি বিদ্যালয়খনলৈ শিক্ষা বিভাগৰ পৰা সমাজ আৰু বৈদ্যুতিকৰণ শিতানত আবন্তিত পুঁজি জালিয়াতিৰে কুক্ষীগত কৰাত নিমগ্ন হৈছিল এইজন অৰ্থলোভী প্ৰধান শিক্ষক। প্রধানকৈ বিদ্যালয়খনৰ গৃহত পূৰ্বে বৈদ্যুতিকৰণ ব্যৱস্থা উপলব্ধ হোৱাৰ পাছতো নূন্যতম মেৰামতিৰ কাম কৰি পাছত সম্পূৰ্ণ নতুনকৈ বৈদ্যুতিকৰণ কৰা দেখুৱাই এই শিতানত আবন্টন হোৱা প্ৰায় ৫৫ হাজাৰ টকা কুক্ষীগত কৰাত সহযোগিতা আগবঢ়াইছিল প্ৰধান শিক্ষকজনে।

এই সন্দৰ্ভত এগৰাকী সচেতন অভিভাৱকৰ জ্ঞাত হোৱাত এনে গুৰুতৰ অনিয়মৰ সন্দৰ্ভত ঢকুৱাখনা মহকুমাৰ মহকুমাধিপতি কাৰ্ত্তিক কলিতাক লিখিত অভিযোগ দিয়ে।উক্ত অভিযোগৰ ভিত্তিত মহকুমা প্ৰশাসনৰ কাৰ্যবাহী দণ্ডাধীশৰ তদন্ত কালত সমস্ত বিত্তীয় কেলেংকাৰী পোহৰলৈ আহে।

পৰৱৰ্তী সময়ত এই তদন্তৰ প্ৰতিবেদন জিলা আয়ুক্তলৈ প্ৰেৰণ কৰাৰ পাছত জিলা আয়ুক্তই ঢকুৱাখনা খণ্ড প্ৰাথমিক শিক্ষা বিষয়াক গোচৰ ৰুজু কৰাৰ নিৰ্দেশ দিয়ে। শিক্ষা বিষয়া বিদ্যুৎ গগৈৰ এজাহাৰৰ ভিত্তিত ঢকুৱাখনা সদৰ থানাত উক্ত গোচৰ পঞ্জীয়ন হৈছে। 

গোচৰ পঞ্জীয়ন হোৱাৰ পাছত ঢকুৱাখনা আৰক্ষীৰ তদন্ত কালত পোহৰলৈ আহে বৈদ্যুতিকৰণ পুঁজি বেংকৰ পৰা উলিওৱাত জড়িত হৈছিল চি আৰ চি চি হেমন্ত বৰুৱা। তেওঁ প্ৰধান শিক্ষকগৰাকীৰ অজ্ঞাতে বিদ্যালয়ত নতুনকৈ ফেন লগোৱা, বৈদ্যুতিকৰণ কৰা আদিৰ নামত প্ৰায় ৫৪ হাজাৰ টকা বিদ্যালয়ৰ একাউন্টৰ পৰা উলিয়াই নিয়াত জড়িত হৈছিল বুলি অভিযোগ উঠিছে।

যিটো তেওঁৰ কৰ্তব্য দায়িত্বৰ আওতাৰ বাহিৰত। প্ৰধান শিক্ষকজনে আৰক্ষীক দিয়া ভাষ্য হ'ল চি আৰ চি চি গৰাকীয়ে বিদ্যালয়ত উপস্থিত হৈ এই শিতানৰ ধন বেংকৰ পৰা উলিয়াই দিয়াৰ বাবে পৰিচালনা সমিতিৰ সভাপতি আৰু সচিব তথা প্ৰধান শিক্ষকগৰাকীৰ পৰা উকা চেকত চহী কৰাই লৈছিল।

পাছত এই পুঁজি এখন হাৰ্ডৱেৰ দোকানৰ (ভেন্দৰ )জৰিয়তে বেংকৰ পৰা উলিয়াই  সৰ্বশিক্ষা কৰ্মীজনে। পূৰ্বে বিদ্যালয়ত উপলব্ধ থকা বৈদ্যুতিকৰণ ব্যৱস্থাৰ মেৰামতি কৰি কিন্তু সেয়া সম্পূৰ্ণ নতুনকৈ কৰা দেখুৱাই আৰু ৫ খন ফেন ক্ৰয় কৰা দেখুৱাই উক্ত পুঁজি আত্মসাৎ কৰাৰ ভাষ্য প্ৰদান কৰিছিল তদন্তকাৰী বিষয়াক।

পূৰ্বতে বিদ্যালয়ত দুখন ফেন থকা স্বত্বেও পুনৰ ৫ খন ফেন ক্ৰয় কৰা দেখুৱা আভুৱা ভৰা কাৰ্য দণ্ডাধীশ আৰু আৰক্ষীৰ তদন্ত কালত পোহৰলৈ আহে। আৰক্ষী আৰু দণ্ডাধীশৰ জেৰাত প্ৰধান শিক্ষকগৰাকীয়ে এনে ভাষ্য প্ৰদান কৰাত শেহতীয়াকৈ চি আৰ চি চি গৰাকীৰ নামো উক্ত গোচৰত সহ অভিযুক্ত হিচাবে সাঙোৰ খাইছে ।

জনা মতে এই জামিন অযোগ্য ধাৰাৰ অধীনত পঞ্জীভূত গোচৰৰ মুখ্য অভিযুক্ত প্ৰধান শিক্ষক কনক গগৈয়ে শিক্ষা বিষয়াক "মেনেজ" কৰি আৰক্ষীৰ কব্জাৰ পৰা ৰেহাই পাবলৈ "মেডিকেল লিভ"লৈ চিকিৎসাধীন হৈ আছে আৰু সহ অভিযুক্ত সৰ্বশিক্ষা কৰ্মী গৰাকীয়ে আদালতৰ অন্তৱৰ্তী কালীন জামিনৰ প্ৰচেষ্টা চলাই আছে।

কেৱল সেয়ে নহয় বিদ্যালয়খনৰ মুঠ ১২ গৰাকী বিদ্যাৰ্থী থকাৰ বিপৰীতে প্ৰধান শিক্ষক গগৈয়ে বিদ্যালয়ৰ অতিৰিক্ত ১৭ গৰাকী শিক্ষাৰ্থী থকা দেখুৱাই সমসাজৰ পুঁজি বিদ্যালয় একাউন্টৰ পৰা সৰকাই নিছিল। এক কথাত বিভিন্ন জালিয়াতিপূৰ্ণ ব্যৱস্থাৰে চৰকাৰী পুঁজি অপচয় কৰাত প্ৰত্যক্ষ বা পৰোক্ষভাবে যে জড়িত হৈছিল এই দুই শিক্ষক সৰ্বশিক্ষা কৰ্মী সেয়া স্পষ্ট।

প্ৰাথমিক শিক্ষা বিভাগটোৰ দুগৰাকী শিক্ষকৰ বিৰুদ্ধে জামিন অযোগ্য ধাৰাত গোচৰ পঞ্জীয়ন হোৱাৰ পাছতো অদ্যপি কোনো এজন শিক্ষক আৰু সৰ্ব শিক্ষা কৰ্মীক তদন্তৰ নিৰপেক্ষতাৰ স্বাৰ্থত শিক্ষা বিভাগটোৱে নিলম্বন কৰা পৰিলক্ষিত হোৱা নাই। এই ক্ষেত্ৰত ঢকুৱাখনা থানাৰ তদন্তকাৰী আৰক্ষীৰ সোপাধিলা স্থিতিত ন্যায়কামী বিতুষ্ট ।

অভিযোগ উঠিছে অনিয়ম দুৰ্নীতিৰ ৰম্যভূমি ঢকুৱাখনা শিক্ষা খণ্ডৰ এটা দুৰ্নীতিগ্ৰস্ত চক্ৰই এই সমস্ত কেলেংকাৰীৰ দিশটো গাঁপ দি ৰাখিছিল । বিনিময়ত আৰ্থিকভাৱে লাভান্বিত হৈ আহিছিল এই চক্ৰটো।

শেহতীয়াভাবে এই দুই অভিযুক্তক তদন্তৰ নিৰপেক্ষতাৰ স্বাৰ্থত নিলম্বনৰ দিশটো এলাগী কৰি মুনাফা লভাৰ অংকত ব্ৰতী হৈ আহিছে শিক্ষা বিভাগৰ অৰ্থলোভী বিষয়া আৰু এগৰাকী স্বয়ম্ভূ সৰ্ব শিক্ষা বিষয়া। জিলা আয়ুক্তৰ নিৰ্দেশত পঞ্জীভূত গোচৰৰ নামটো এনে বেপাৰ চলাবলৈ মৰসাহ কৰা শিক্ষা বিভাগ আৰু মৰম ভূমিকা গ্ৰহণ কৰা ঢকুৱাখনা আৰক্ষীক নাকী লগাবলৈ জিলা আয়ুক্ত শোণিত সত্বাৱন সক্ষম হ'বনে সেয়া লাখটকীয়া প্ৰশ্ন হিচাবে ধৰা দিছে ঢকুৱাখনাবাসী শিক্ষাসদীৰ মাজত ।

চৰকাৰী পুঁজি উদৰস্থ কৰি আৰক্ষীৰ জালত ঢকুৱাখনাৰ প্ৰধান শিক্ষক, সৰ্বশিক্ষা কৰ্মী...
সাংসদ, বিধায়কৰ বিৰুদ্ধে থকা অপৰাধমূল গোচৰ দ্ৰুত নিষ্পত্তিৰ নিৰ্দেশ....

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in