/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/20dfa0e1-46ca-48f5-80fc-529a963fac23/dhokuakhana_30.jpg)
ৰাইজৰ প্ৰতিবাদে গা লৰালে লোকনিৰ্মাণ বিভাগৰ...
ডিজিটেল সংবাদ ঢকুৱাখনা: অৱশেষত প্ৰতিবাদী ভুক্তভোগী নাগৰিকৰ সংঘবদ্ধ প্ৰতিবাদে মৰটোপনি ভাঙিলে ঢকুৱাখনা লোকনিৰ্মাণ বিভাগৰ লগতে মহকুমা প্ৰশাসনৰ। সূদীর্ঘ দিন ধৰি মাজুলী সংযোগী খজুৱা-খেৰকটীয়া লোকনিৰ্মাণ পথৰ জালভাৰী অংশৰ পথচোৱা পূৰ্বাঞ্চল কোম্পানীৰ ক্ৰুটিপূৰ্ণ কামৰ বাবে পথৰ ওপৰত বৃহৎ বৃহৎ দ গাঁতৰ সৃষ্টি হৈ মৰণফান্দৰ ৰূপ লৈ জনজীৱন বিপৰ্যস্ত কৰি আহিছিল।
বাৰম্বাৰ লোকনিৰ্মাণ বিভাগ আৰু প্ৰশাসনক পথছোৱা মেৰামতিৰ দাবী জনাই অহাৰ পাছতো কোনো পক্ষৰ গা লৰা নাছিল। পৰৱৰ্তী সময়ত অঞ্চলবাসী ৰাইজে বুধবাৰে দুপৰীয়া ঐক্যবদ্ধ হৈ ৰাজহুৱা প্ৰতিবাদ সাব্যস্ত কৰে পথৰ ওপৰত।
অঞ্চলটোৰ মহিলাসকলে পথ অৱৰোধ কৰি পথৰ ওপৰত বাঁহ বান্ধি প্ৰায় ডেৰ ঘণ্টা অৱৰোধ কৰাৰ পাছত উদ্ভৱ হৈছিল জটিল পৰিস্থিতিৰ । ইয়াৰ মাজতে প্ৰতিবাদস্থলীত উপস্থিত হৈছিল ঢকুৱাখনা ৰাজহ চক্ৰ বিষয়া ৰাহুল দলে ।
ৰাইজৰ মাজত উপস্থিত হৈ প্ৰশাসনিক বিষয়াগৰাকীয়ে বৃহস্পতিবাৰে ভগ্ন অংশত লোক নিৰ্মাণ বিভাগৰ জৰিয়তে শিল বালি পেলাই সাময়িক ভাৱে নিৰাপদ যাতায়তৰ সুব্যৱস্থ্য গ্ৰহণ কৰাৰ আশ্বাস দিয়াত অৱৰোধ কাৰ্যসূচী সামৰণি পৰিছিল।এই সন্দৰ্ভত "অসমীয়া প্ৰতিদিন ডিজিটেল"ত বাতৰি প্ৰকাশ হৈছিল ।
ইয়াৰ পাছতেই বৃহস্পতিবাৰে দুপৰীয়া লোকনিৰ্মাণ বিভাগে উক্ত জৰাজীৰ্ণ পথৰ ওপৰত শিল বালি পেলাই মেৰামতি কৰি পথচাৰী ৰাইজক সাময়িক সকাহ দিয়ে । এতিয়া প্ৰশ্ন হৈছে বিভাগ আৰু প্ৰশাসনে এই বিপদ সংকুল ৰূপ লোৱা পথছোৱা দেখি,শুনি, জানিও মেৰামতি কৰিবলৈ কিয় মাহ মাহ ধৰি অপেক্ষা কৰিছিল ?
কিয় সৰ্বসাধাৰণ নাগৰিকক জীয়া যন্ত্ৰণা ভোগাই ৰং চাইছিল এনেবোৰ অকৰ্মন্য বিভাগে? ৰাইজৰ প্ৰতিবাদত সেও মানি পাছদিনাই অস্থায়ী মেৰামতি কৰিবলৈ বাধ্য হোৱা বিভাগৰ প্ৰতি ভুক্তভোগী ৰাইজৰ প্ৰতি এনে দেধাৰ প্ৰশ্নই জুমুৰি দি ধৰিছে ।
উল্লেখ্য যে এই সমগ্ৰ পথছোৱাৰ প্ৰায় ২ কিলোমিটাৰ অংশ স্থায়ী মেৰামতি আৰু পুনৰ নিৰ্মাণ কৰিবলৈ লোকনিৰ্মাণ বিভাগে প্ৰায় ৮০ লাখ টকা অনুমোদন দিছে । কেৱল কামৰ "ৱৰ্ক অৰ্ডাৰ" লাভ নকৰাৰ বাবে এই স্থায়ী মেৰামতি আৰু নিৰ্মাণ কাম আৰম্ভ কৰা নাই কামৰ আৱণ্টন লাভ কৰা ঠিকাদাৰে ।
পৰিণতিত বৃহস্পতি বাৰে লোকনিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তাগৰাকীয়ে নিজে উদ্যোগ লৈ পথ চোৱাৰ এই অস্থায়ী মেৰামতি কৰি দিয়ে ।