ৰাহুল গান্ধীৰ সাংসদ পদ ঘূৰাই দিয়াৰ দাবীত কংগ্ৰেছৰ সংবাদমেল...

ৰাহুল গান্ধীৰ সাংসদ পদ ঘূৰাই দিয়াৰ দাবীত কংগ্ৰেছৰ সংবাদমেল...

author-image
Asomiya Pratidin
New Update
ৰাহুল গান্ধীৰ সাংসদ পদ ঘূৰাই দিয়াৰ দাবীত কংগ্ৰেছৰ সংবাদমেল...

ৰাহুল গান্ধীৰ সাংসদ পদ ঘূৰাই দিয়াৰ দাবীত কংগ্ৰেছৰ সংবাদমেল...

ডিজিটেল সংবাদ ঢকুৱাখনা: 'ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত ভাৰত বৰ্ষত গণতন্ত্ৰৰ হত্যা যজ্ঞ চলিছে। সৰ্ববৃহৎ গণতান্ত্ৰিক গণৰাজ্য ভাৰত বৰ্ষৰ শাসনৰ বাঘজৰী হাতত লৈ এই গণতন্ত্ৰ আৰু গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰা অভিযান অব্যাহত ৰাখিছে গেৰুৱা দলটোৱে।' এই অভিযোগ ঢকুৱাখনা ব্লক কংগ্ৰেছ সমিতিৰ।

Advertisment

শনিবাৰে দুপৰীয়া ঢকুৱাখনা ব্লক কংগ্ৰেছৰ কাৰ্যালয় ৰাজীৱ ভৱনত অনুষ্ঠিত সংবাদমেলত এই অভিযোগ উত্থাপন কৰে ব্লক কংগ্ৰেছে । ব্লক সভাপতি তৰুণ চেতিয়াই সাংবাদিকক সম্বোধন কৰি কয় নিখিল ভাৰত কংগ্ৰেছ সমিতিৰ প্ৰাক্তন সভাপতি ,সাংসদ ৰাহুল গান্ধীৰ সাংসদ পদ ষড়যন্ত্ৰমূলক আৰু অন্যায় ভাবে খাৰিজ কৰি কেন্দ্ৰীয় চৰকাৰে গণতন্ত্ৰৰ হত্যা কৰিছে।

দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে আদানীৰ সম্পৰ্ক বিচাৰি লোকসভাৰ মজিয়াত বক্তব্য ৰখাৰ বাবেই গান্ধীৰ সাংসদ পদ খাৰিজ কৰা বুলি কৈ এনে কাৰ্যক ধিক্কাৰ দিয়ে । সংবাদ মেলখনত লখিমপুৰ জিলা কংগ্ৰেছৰ উপ-সভাপতি কেশেন চেতিয়া , জিলা অ' বি চি বিভাগৰ সাধাৰণ সম্পাদক ৰাতুল বৰা, ৰাজ্যিক এছ চি বিভাগৰ উপ-সভাপতি দেৱ দাস , ঢকুৱাখনা ব্লক মহিলা কংগ্ৰেছৰ সভানেত্ৰী ইনামণি বৰুৱা, কাৰ্যকৰী সভানেত্ৰী মিনাক্ষী গগৈ, যুৱ কংগ্ৰেছৰ নেতা অনুপ বৰুৱা ,অনুসূচীত জাতি , অনুসূচীত জনজাতি, অন্যান্য পাছপৰা শ্ৰেণীৰ লগতে সংখ্যা লঘু বিভাগৰ বিষয়ববীয়া আদি উপস্থিত থাকে।

সংবাদমেলত প্ৰধানমন্ত্ৰী মোডীয়ে দেশৰ সকলো সম্পদ আদানীক বিক্ৰী কৰাৰ অভিযোগ উত্থাপন কৰি ৰেল , ৰেল ষ্টেচন , বিমানবন্দৰ বিক্ৰী কৰি সৰ্বত্ৰে আদানীময় কৰি তোলা এনে অবিবেচকী কাৰ্যৰ গণতান্ত্ৰিক ভাবে বিৰোধিতা কৰাৰ বাবেই এনে অসাংবিধানিক ,অগণতান্ত্ৰিক সিদ্ধান্ত গ্ৰহণ কৰা বুলি কয় নেতাজনে।  ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰাৰ সিদ্ধান্ত বাতিলৰ দাবী জনায় পুনৰ সসন্মানে পদ ঘূৰাই দিয়াৰ দাবী উত্থাপন কৰি সংবাদমেলত সাংসদ গান্ধীয়ে ৩৫০০ কিলোমিটাৰ পদ যাত্ৰা কৰা কালত লাভ কৰা ৰাইজৰ অভূতপূৰ্ব আৰু স্বতঃস্ফূৰ্ত সঁহাৰিত নৰেন্দ্ৰ মোদীৰ ৫৬ ইঞ্চি বুকুত কঁপনি উঠা বুলি কয়।

গেৰুৱা দলটোৰ সীমাহীন স্বেচ্ছাচাৰী শাসন আৰু জনবিৰোধী ভূমিকাত অতিষ্ঠ নাগৰিকে ২০২৪ চনৰ লোক সভা নিৰ্বাচনত এখন বিজেপি বিৰোধী চৰকাৰ গঠন কৰি পোতক তুলিব বুলি মন্তব্য কৰে সভাপতি গৰাকীয়ে । সংবাদমেলত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱা ভাবে ৰাহুল গান্ধীৰ পিতৃ পৰিচয় সন্দৰ্ভত টুলুঙা আৰু তৰল মন্তব্য কৰা কাৰ্যক ধিক্কাৰ দি এনে অভব্য মন্তব্য ভৱিষ্যতে নকৰিবলৈ সকীয়াই দিয়ে ।

Also Read: গোলাঘাটত কংগ্ৰেছৰ সংবাদ মেল...

কংগ্ৰেছ ৰাহুল গান্ধী