/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/b26e4fa7-2353-4dae-b096-bb9d39760322/debabrat_saikia_1.jpg)
গোলাঘাটত কংগ্ৰেছৰ সংবাদ মেল...
ডিজিটেল সংবাদ গোলাঘাটঃ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰাৰ পাছত কংগ্ৰেছ আৰু বিৰোধী দলসমূহে সমগ্ৰ দেশতে সৃষ্টি কৰা প্ৰতিবাদ মুখৰ পৰিবেশৰ মাজতে আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ এটা উচ্চস্তৰীয় দলে গোলাঘাটৰ জিলা কংগ্ৰেছ ভৱনত এক সংবাদ মেল সম্বোধন কৰে। সংবাদমেলখনত বিজেপিৰ এনে স্বেচ্ছাৰিতাৰ বিৰুদ্ধে কংগ্ৰেছ নেতৃত্ব সৰৱ হৈ পৰে।
দলটোৰ নেতৃত্ব বহন কৰা বিৰোধী পক্ষৰ নেতা দেৱব্ৰত শইকীয়াই কয় যে- এয়া অগণতান্ত্ৰাতিক। সস্তীয়া জনপ্ৰিয়তা অৰ্জন কৰাৰ বাবেই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এতিয়া আবুল তাবুল বকিবলৈ আৰম্ভ কৰিছ।
তেওঁ দৃঢ়তাৰে কয়, ক্ষমতাৰ বলেৰে বলিয়ান হৈ বেপেৰুৱা ভাৱে বিজেপি চৰকাৰে কৰি যোৱা কামসমূহ আমি কেতিয়াও সহ্য নকৰো আৰু এইবোৰ কামৰ সদায় বিৰোধিতা কৰি যাম। অন্যহাতে মোডী এটা সম্প্ৰদায় হয় নে নহয় তাতো সন্দেহৰ অৱকাশ আছে বুলি উল্লেখ কৰি বিৰোধী নেতা জনে কয় যে, এয়া অনুসন্ধান কৰি চোৱাৰ অৱকাশ আছিল।
সংবাদ মেলত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক পল্লবিকা গগৈ, সম্পাদক ৰমণ ঝা, কংগ্ৰেছ নেতা বিতোপন শইকীয়া, দ্বীপেন বৰুৱা, দেৱব্ৰত ফুকন, গোলাপ শইকীয়া আদি উপস্থিত থাকে।
Also Read: ৰাজ্যৰ চীফ ৱাইল্ড লাইফ ৱাৰ্ডেন হিচাপে সন্দীপ কুমাৰক দায়িত্ব...