এটা চৰকাৰী নিৰ্দেশনাই উত্তাল কৰি তুলিছে ঢকুৱাখনা...

এটা চৰকাৰী নিৰ্দেশনাই উত্তাল কৰি তুলিছে ঢকুৱাখনা...

author-image
Asomiya Pratidin
New Update
এটা চৰকাৰী নিৰ্দেশনাই উত্তাল কৰি তুলিছে ঢকুৱাখনা...

এটা চৰকাৰী নিৰ্দেশনাই উত্তাল কৰি তুলিছে ঢকুৱাখনা...

ডিজিটেল সংবাদ ঢকুৱাখনা: এটা চৰকাৰী নিৰ্দেশনা । ৰাজ্য চৰকাৰৰ এই নিৰ্দেশনাৰ পাছতেই ঢকুৱাখনাত সূত্ৰপাত ঘটিছে ব্যাপক গণ অসন্তুষ্টিৰ । ৰাজ্য চৰকাৰৰ অসম স্বাস্থ্য আন্তঃগাঁঠনি উন্নয়ন আৰু পৰিচালনা সমিতিৰ এই গুৰুত্বপূৰ্ণ নিৰ্দেশনাই এতিয়া তল উপৰ লগাইছে ঢকুৱাখনাত।

Advertisment

পৰিচালনা সমিতিয়ে লখিমপুৰ জিলা স্বাস্থ্য বিভাগৰ সঞ্চালকলৈ প্ৰেৰণ কৰা ডি চি এম/০৪/২০২২ (পাৰ্ট ফাইল -১) ৪৭/৫৩ নং উক্ত গুৰুত্বপূৰ্ণ পত্ৰ যোগে লখিমপুৰ জিলা সদৰত থকা জিলা অসামৰিক চিকিৎসালয়খন স্থানান্তৰ কৰিছে জিলাখনৰ নাৰায়নপুৰলৈ। আপাতত এয়া এক স্বাভাৱিক প্ৰক্ৰিয়া যদিও এই নিৰ্দেশনাত ঢকুৱাখনাবাসীক প্ৰতাৰণা প্ৰবঞ্চনাৰ দিশটো সম্পৃক্ত হৈ থকা বিষয়টোৰ বাবে এতিয়া ব্যাপক গণ অসন্তুষ্টিৰ সূত্ৰপাত ঘটাইছে।

নিৰ্দেশনাটোৱে ঢকুৱাখনাবাসীক প্ৰতাৰণা প্ৰবঞ্চনা কৰাৰ দিশটো সামৰি লোৱাৰ ৰাজহুৱা অভিযোগ উত্থাপিত হোৱাৰ পাছত ৰাইজ ,দল সংগঠন ৰাজপথলৈ ওলাই অহা পৰিলক্ষিত হৈছে। উল্লেখ্য যে ঢকুৱাখনা সদৰত ১০০খন বিছনা যুক্ত জিলা অসামৰিক চিকিৎসালয় স্থাপনৰ ৰাজহুৱা প্ৰতিশ্ৰুতি দিছিল তদানীন্তন স্বাস্থ্য আৰু বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

সৰ্বানন্দ সোনোৱাল মন্ত্ৰীসভাৰ বিত্ত মন্ত্ৰী ড০ শৰ্মাই বিধায়ক নৱ দলেক সাক্ষী কৰি ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ কৰিছিল এই ৰাজহুৱা প্ৰতিশ্ৰুতি । লখিমপুৰত এখন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ পাছত জিলা সদৰত থকা জিলা অসামৰিক চিকিৎসালয়খন ঢকুৱাখনালৈ স্থানান্তৰিত কৰাৰ প্ৰতিশ্ৰুতি দিছিল ড০ শৰ্মাই ।

কিন্তু পৰৱৰ্ত্তী সময়ত মুখ্যমন্ত্ৰী হৈ ড০ শৰ্মাই এই প্ৰতিশ্ৰুতি পাহৰিলে ।  জিলা সদৰৰ এইখন জিলা অসামৰিক চিকিৎসালয় নাৰায়ণপুৰলৈহে স্থানান্তৰ কৰাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিলে গেৰুৱা চৰকাৰে । হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এই কাণ্ড ঢকুৱাখনাবাসীৰ প্ৰতি প্ৰতাৰণা আৰু চৰম প্ৰবঞ্চনা হিচাবে ৰাইজ সংগঠনে অভিহিত কৰি এনে বেপৰোৱা সিদ্ধান্তৰ বিৰুদ্ধে ৰাইজ সোচ্চাৰ হৈ পৰিছে।

সোমবাৰে  ঢকুৱাখনা ব্লক কংগ্ৰেছ সমিতিৰ আহ্বান ক্ৰমে মহকুমা সদৰত অনুষ্ঠিত হয় ব্যাপক ৰাজহুৱা প্ৰতিবাদ। নগৰৰ গান্ধী ময়দানৰ সমীপত সোমবাৰে দুপৰীয়া অনুষ্ঠিত কৰা হয় এখন ৰাজহুৱা প্ৰতিবাদী সভা । ব্লক কংগ্ৰেছৰ সভাপতি তৰুণ চেতিয়াৰ সভাপতিত্বত অনুষ্ঠিত প্ৰতিবাদী সভাত ৰাইজৰ দল, অসম জাতীয় পৰিষদ, চি পি এম, চি পি আই আদি ৰাজনৈতিক দলসমূহে সহযোগিতা আগবঢ়াই।

সভাত জিলা অসামৰিক চিকিৎসালয়খন পূৰ্বৰ প্ৰতিশ্ৰুতি অনুসৰি ঢকুৱাখনাৰ পৰিবৰ্তে নাৰায়নপুৰলৈ স্থানান্তৰ কৰা কাৰ্যৰ সৱল  বিৰোধিতা কৰি বক্তব্য ৰাখে ক্ৰমে কংগ্ৰেছ দলৰ লালিত্য কুমাৰ দাস ,অনুপ বৰুৱা ,চি পি আই এম দলৰ অমিয় কুমাৰ সন্দিকৈ , চি পি আই দলৰ চন্দ্ৰ বৰুৱা ,ৰাইজৰ দলৰ ৰাজ্যিক সম্পাদক পদ্ম কান্ত দলে ,অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক পদ্মলোচন দলে আদিয়ে।

জনাকীৰ্ণ প্ৰতিবাদী সভাত বক্তাসকলে তদানীন্তন স্বাস্থ্য মন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰি যোৱা লখিমপুৰ জিলা অসামৰিক চিকিৎসালয়খন ঢকুৱাখনা মহকুমালৈ প্ৰতিশ্ৰুতি অনুসৰি স্থানান্তৰিত কৰাৰ দাবী জনাই । অন্যথাই ঢকুৱাখনাবাসীৰ স্বাস্থ্যক লৈ নির্লজ প্ৰতাৰণা বঞ্চনা কৰা গেৰুৱা চৰকাৰ আৰু নিষ্কর্মা বিধায়ক নৱ কুমাৰ দলেৰ অকৰ্মন্যতাৰ বিৰুদ্ধে ৰাইজৰ সহযোগত ব্যাপক প্ৰাপ্য অধিকাৰ বিচৰা সংগ্ৰামৰ পাতনি মেলাৰ সকীয়নী দিয়ে ।

প্ৰতিবাদী সভাত গেৰুৱা চৰকাৰ বিৰোধী আৰু অকমন্য বিধায়ক নৱ দলে বিৰোধী বিভিন্ন শ্লোগানেৰে পৰিবেশ উত্তাল হৈ পৰে ।

Also Read: ৰিয়ান পৰাগে নাপালে স্থানঃ BCCIয়ে ঘোষণা কৰিলে টি-২০ৰ বাবে ক্ৰিকেটাৰৰ নাম...

ঢকুৱাখনা