Advertisment

ৰিয়ান পৰাগে নাপালে স্থানঃ BCCIয়ে ঘোষণা কৰিলে টি-২০ৰ বাবে ক্ৰিকেটাৰৰ নাম...

ৰিয়ান পৰাগে নাপালে স্থানঃ BCCIয়ে ঘোষণা কৰিলে টি-২০ৰ বাবে ক্ৰিকেটাৰৰ নাম...

author-image
Asomiya Pratidin
New Update
ৰিয়ান পৰাগে নাপালে স্থানঃ BCCIয়ে ঘোষণা কৰিলে টি-২০ৰ বাবে ক্ৰিকেটাৰৰ নাম...

ৰিয়ান পৰাগে নাপালে স্থানঃ BCCIয়ে ঘোষণা কৰিলে টি-২০ৰ বাবে ক্ৰিকেটাৰৰ নাম...

ডিজিটেল ডেস্কঃ চৰ্চা হ'ল, কিন্তু ভাৰতীয় দলত নাম ঘোষণা নহ'ল প্ৰতিভাৱান ক্ৰিকেটাৰ ৰিয়ান পৰাগৰ। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে ঘোষণা কৰিলে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ঘৰৰ মাটিত অনুষ্ঠিত হ'বলগীয়া ৫ খন টি-২০ মেচৰ বাবে ভাৰতীয় দলটো।

Advertisment

এই দলটোত ৰিয়ান পৰাগে স্থান লাভ কৰিব বুলি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ লগতে অসমৰ সংবাদ মাধ্যমতো ব্যাপক হাৰত চৰ্চা চলিছিল যদিও বি চি চি আইৰ নিৰ্বাচকে ৰিয়ানক দলটোত স্থান নিদিলে। অৱশ্যে পূৰ্বেও ৰিয়ানক দলত স্থান দিয়াৰ প্ৰসংগত কোনো কথাই কোৱা নাছিল নিৰ্বাচকে।

অনুমানৰ আধাৰতেই একাংশ সংবাদ মাধ্যমে এই বিষয়ত বাতৰি প্ৰকাশ কৰিছিল। অসম ক্ৰিকেট সন্থায়ো ৰিয়ানক ভাৰতীয় দলত স্থান দিয়াৰ বিষয়ে কোনো খবৰ পোৱা নাই বুলি জনাইছিল।

অৱশেষত সোমবাৰে ঘোষণা হোৱা ভাৰতীয় দলটোত সেই সকলো চৰ্চাক নস্যাত কৰি ৰিয়ানক দলত স্থান দিয়া নহ'ল। অৱশ্যে ঘৰুৱা ক্ৰিকেটত ৰিয়ানৰ প্ৰদৰ্শন চলিত বছৰত যথেষ্ট উন্নত আছিল।

বিশ্বকাপৰ মাজতো ঘৰুৱা ক্ৰিকেটত ৰিয়ানে দেখুওৱা প্ৰদৰ্শন আলোচনাৰ বিষয় হৈ পৰিছিল। সেয়ে সকলোৱে ৰিয়ানে ভাৰতীয় দলত স্থান পাব বুলি অনুমানৰ ভিত্তিত উলোৱা খবৰকে সত্য বুলি মানি লৈছিল।

২৩ নৱেম্বৰৰ পৰা অনুষ্ঠিত হ'বলগীয়া ৫ খন টি-২০ ৰ এই ছিৰিজৰ বাবে ভাৰতীয় দলটোৰ অধিনায়কৰ দায়িত্ব দিয়া হৈছে সূৰ্য কুমাৰ যাদৱক। আনহাতে উপ-অধিনায়কৰ দায়িত্ব দিয়া হৈছে ৰুতুৰাজ গাইকোৱাডক।

এই দুজনৰ উপৰিও দলটোত স্থান লাভ কৰিছে ঈশান কিষাণ, যশস্বী জয়ছোৱাল, তিলক বৰ্মা, ৰিংকু সিং, জীতেশ শৰ্মা, ৱাশ্বিংটন সুন্দৰ, অক্সৰ পেটেল, শীৱম ডুবে, ৰবি বিস্নয়, অৰ্শদীপ সিং, প্ৰসিদ্ধ কৃষ্ণ, অৱেশ খান আৰু মুকেশ কুমাৰে। আনহাতে অন্তিম দুখন মেচত শ্ৰেয়াছ আয়াৰে উপ-অধিনায়ক হিচাপে দলটোত যোগদান কৰিব।

এই ছিৰিজৰ মেচ কেইখন ক্ৰমে ২৩ নৱেম্বৰত বিশাখাপট্টনম, ২৬ নৱেম্বৰত তিৰুৱন্থমপুৰম, ২৮ নৱেম্বৰত গুৱাহাটীত, ১ ডিচেম্বৰত ৰাইপুৰ আৰু ৩ ডিচেম্বৰত বেংগালুৰুত অনুষ্ঠিত হ'ব।

Also Read: অভিনন্দন ! বিকাশৰ গতিত সুৰংগত আৱদ্ধ শ্ৰমিকৰ জীৱন...

ৰিয়ান পৰাগ ক্ৰিকেট টীম ইণ্ডিয়া