ঢকুৱাখনা অসামৰিক চিকিৎসালয়ত উপৰাষ্ট্ৰীয় টীকাকৰণ অভিযান আৰম্ভ...

ঢকুৱাখনা অসামৰিক চিকিৎসালয়ত উপৰাষ্ট্ৰীয় টীকাকৰণ অভিযান আৰম্ভ...

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনা অসামৰিক চিকিৎসালয়ত উপৰাষ্ট্ৰীয় টীকাকৰণ অভিযান আৰম্ভ...

ঢকুৱাখনা অসামৰিক চিকিৎসালয়ত উপৰাষ্ট্ৰীয় টীকাকৰণ অভিযান আৰম্ভ...

ডিজিটেল সংবাদ ঢকুৱাখনা: উপ-ৰাষ্ট্ৰীয় টীকাকৰণ অভিযান (চাব নেচনেল ইমিউনাইজেচন ড্ৰাইভ)ৰ অংশ হিচাপে দেওবাৰে ঢকুৱাখনা স্বাস্থ্য খণ্ডত এই টীকাকৰণ অভিযান শুভাৰম্ভ কৰা হয়। ঢকুৱাখনা অসামৰিক চিকিৎসালয় প্ৰাংগণত দেওবাৰে এই অভিযানৰ শুভাৰম্ভ কৰে ঢকুৱাখনা মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি কাৰ্তিক কলিতাই।

Advertisment

এই সন্দৰ্ভত আয়োজিত এক উদ্বোধনী সভাত মহকুমা স্বাস্থ্য ও চিকিৎসা বিষয়া ডাঃ মনেশ্বৰ সোণোৱাল, খণ্ড আঁচনি প্ৰবন্ধক সত্যম কুমাৰ চাহুকে প্ৰমুখ্য কৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। লখিমপুৰ জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ গুনীন গগৈ আৰু জিলা আঁচনি প্ৰবন্ধক দেবাঙ্গ বিকাশ গগৈ উপস্থিত থাকি এই সমগ্ৰ দিশ পৰ্যবেক্ষণ কৰে। 

উল্লেখ্য যে স্বাস্থ্যখণ্ডটোৰ অন্তৰ্গত ৫ বছৰৰ তলৰ মুঠ ১৬ হাজাৰ ৬৬৩ গৰাকী শিশুৰ বিপৰীতে ১২০টা কেন্দ্ৰত মুঠ ১২ হাজাৰ ৪৭৩ টা শিশুক এই বিশেষ টীকাকৰণ অভিযানে আজি সামৰি লয়। বাকী শিশুসকলক অহা ২৯ আৰু ৩০ মে'ত স্বাস্থ্য কৰ্মীসকলে ঘৰে ঘৰে গৈ এই সাৰ্বজনীন অভিযানৰ জৰিয়তে সামৰি ল'ব বুলি জানিবলৈ দিছে।

আজি ২৮ মে'ৰ পৰা  ৩০ মে' পৰ্যন্ত চলিব লগা এই বিশেষ অভিযানত অভিভাৱকসকলৰ সহযোগিতা কামনা কৰিছে স্বাস্থ্য খণ্ডৰ আঁচনি প্ৰবন্ধক সত্যম কুমাৰ চাহুৱে ।

Also Read: সংসদ ভৱন উদ্বোধন নহয়, প্ৰধানমন্ত্ৰী মোডীৰ ৰাজ অভিষেকহে আছিল !

ঢকুৱাখনা