সংসদ ভৱন উদ্বোধন নহয়, প্ৰধানমন্ত্ৰী মোডীৰ ৰাজ অভিষেকহে আছিল !

সংসদ ভৱন উদ্বোধন নহয়, প্ৰধানমন্ত্ৰী মোডীৰ ৰাজ অভিষেকহে আছিল !
সংসদ ভৱন উদ্বোধন নহয়, প্ৰধানমন্ত্ৰী মোডীৰ ৰাজ অভিষেকহে আছিল !

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি শুভ উদ্বোধন কৰিলে নতুন সংসদ ভৱন। দিল্লীত এই নতুন সংসদ ভৱন নিৰ্মাণ কৰাৰ পূৰ্বৰে পৰা আৰম্ভ হৈছিল বিতৰ্ক। যি বিতৰ্ক অন্ত পৰা দূৰৰে কথা নিতৌ ন ন বিতৰ্কৰহে সূচনা হৈ আহিছে।

আজি এই নৱ নিৰ্মিত সংসদ ভৱন শুভ উদ্বোধন কৰা হ'ল যদিও শুভ উদ্বোধনী অনুষ্ঠানক লৈ পুনৰ আৰম্ভ হৈছে বিতৰ্ক। এই সন্দৰ্ভত ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে ফেচবুকৰ জৰিয়তে তেওঁৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

তেওঁ ফেচবুকত লিখিছে এইদৰে- ''আজি ভাৰতবৰ্ষৰ নতুন সংসদ ভৱন উদ্বোধন কৰা হ’ল। উদ্বোধনী অনুষ্ঠানৰ ৰেহ-ৰূপ দেখি যিকোনো সজাগ, সচেতন, গণতান্ত্ৰিক, সংবেদনশীল আৰু বৈজ্ঞানিক মানসিকতাৰ মানুহে আচৰিত হ’ব। এয়াচোন কেৱল এক ধৰ্মীয় অনুষ্ঠানহে! দেশৰ সাংবিধানিক মূৰব্বী ৰাষ্ট্ৰপতি মহোদয়া উপস্থিত নাই, নাই ৰাজ্যসভাৰ অধ্যক্ষ ডাঙৰীয়া, নাই বিৰোধী দলৰ নেতৃবৰ্গ; উপস্থিত আছে বৃহৎ সংখ্যক পুৰোহিত! যেন প্ৰধানমন্ত্ৰী মোদীৰ ৰাজ অভিষেকহে আছিল এই অনুষ্ঠান!! অনুষ্ঠানত ধৰ্মীয় আচৰণ আছিল অতিকে দৃষ্টিকটু; বিজ্ঞানবিৰোধী মানসিকতা আছিল দেখদেখ।আজিৰ অনুষ্ঠান চাই মনলৈ আপোনাৰো ভাব অহা নাইনে—- দেশ আজি কোন দিশত গৈ আছে? বিজেপি-আৰএছএছে আধুনিকতালৈ নহয়; দেশ , জাতি আৰু জনগণক মান্ধাতা যুগলৈ নি থকা নাইনে?''

সংসদ ভৱন উদ্বোধন নহয়, প্ৰধানমন্ত্ৰী মোডীৰ ৰাজ অভিষেকহে আছিল !
ওদালগুৰিত অসম উন্নতি সভা আৰু অসম সেনাৰ জিলা সমিতি গঠন...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in