ঢকুৱাখনাত মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন

ঢকুৱাখনাত মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ গোলকীয় উষ্ণতা বৃদ্ধি, পাৰিপাৰ্শ্বিক পৰিৱেশ প্ৰদূষণ, প্লাষ্টিকজাত সামগ্ৰীৰ ব্যাপক প্ৰয়োভৰ ৰোধেৰে এখন চিৰ সেউজ প্ৰদূষণ মুক্ত ধৰা সৃষ্টিৰ লক্ষ্যৰে সোমবাৰে এক কাৰ্যসূচী গ্ৰহণ কৰা হয়। মিচিং স্বায়ত্ব শাসিত পৰিষদ আৰু তিনি মিচিং জাতীয় সংগঠনৰ যৌথ উদ্যোগত সোমবাৰে এই সময়োপযোগী পদক্ষেপ গ্ৰহণ কৰা হয় ঢকুৱাখনাত।

মিচিং স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগু, ঢকুৱাখনা জিলা টাকাম মিচিং পৰিণ কৌবাং. মিচিং মিমাগ কৌবাং আৰু টাকাম মিচিং মিমে কৌবাংৰ গৰিষ্ঠ সংখ্যক বিষয়ববীয়া , কৰ্মকৰ্তাই অংশ গ্ৰহণ কৰা এই পৰিৱেশ সংৰক্ষণ কাৰ্যসূচী পুৱাই শুভাৰম্ভ কৰা হয়। বিশ্ব ধৰিত্ৰী দিৱস উপলক্ষত সোমবাৰে পুৱাই জাতিয়  সংগঠনৰ নেতা কৰ্মকৰ্তাসকলে হাতে হাতে অৰ্জুন, বেল,কাঞ্চন আদি বিভিন্ন প্ৰজাতিৰ  গছপুলি লৈ পূৱ ঢকুৱাখনা অঞ্চলৰ লোটাচুৰ আৰু ব্ৰহ্মপুত্ৰৰ পাৰত  ৰোপণ কৰে আৰু সুৰক্ষা বেহু নিৰ্মাণ কৰি দিয়ে।

মিচিং স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগুৱে উদ্বোধন কৰা এই সেউজী ধৰা সৃষ্টিৰ ব্যাপক কাৰ্যসূচীৰ ধাৰাবাহিকতা মিচিং জাতিয় সংগঠনসমূহে অনাগত সময়ত অব্যাহত ৰাখিব বুলি কৈ বিশ্বৰ অস্তিত্বলৈ সংকট নমাই অনা পাৰিপাৰ্শ্বিক পৰিৱেশ প্ৰদূষণ প্ৰতিৰোধ প্ৰতিজন নাগৰিকৰ প্ৰাথমিক আৰু মৌলিক কৰ্তব্য হোৱা উচিত বুলি মন্তব্য কৰে।

দিৱসৰ সৈতে সংগতি ৰাখি বৃহত্তৰ অঞ্চলটোত ১ হাজাৰ ৫০০ গছপুলি ৰোপণ কৰি সেইবোৰ সংৰক্ষণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে। জিলা টি এম পি কেৰ সম্পাদক অমৰজিত পেগুৱে  প্ৰতিগৰাকী নাগৰিকৰ নিজ নিজ জন্মদিন উদযাপনৰ সময়ত নূন্যতম এটাকৈ হলেও গছপুলি ৰোপণ কৰাৰ বাবে সকাতৰে আহ্বান জনায়। এখন প্লাষ্টিকমুক্ত ধৰা সৃষ্টিত প্ৰতিগৰাকী ব্যক্তিয়ে আত্মনিয়োগ কৰাৰো আহ্বান জনায় ছাত্ৰ নেতাগৰাকীয়ে। 

উল্লেখযোগ্য যে ব্ৰহ্মপুত্ৰৰ পাৰৰ লোটাচুৰ অংশৰ  বিনন্দীয়া প্ৰাকৃতিক পৰিবেশ সৃষ্টিৰে মিচিং স্বায়ত্ব শাসিত পৰিষদ আৰু ৰাজ্য চৰকাৰৰ যৌথ উদ্যোগত পৰ্যটনথলীলৈ ৰূপান্তৰ কৰাৰ এক পৰিকল্পনা কৰাৰ কথা সোমবাৰে অৱগত কৰে পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগুৱে।

প্ৰকৃতিলৈ গছ দানৰ এই সময়োপযোগী পদক্ষেপত জাতীয় সংগঠনৰ কেন্দ্ৰীয় আৰু জিলা বিষয়ববীয়া ক্ৰমে সুৰেশ দলে, দীপাঞ্জল দলে, মোহন পেগু, প্ৰদীপ ময়ং,অমৃত দলে ,ৰাজীৱ টাইড, ঘন কুলি, মৃদুল দলে, মাতমৰা,পূৱ ঢকুৱাখনা, পশ্চিম মাছখোৱা আদি আঞ্চলিক সমিতিৰ বিষয়ববীয়া আৰু কৰ্মীসকলে সক্ৰিয়ভাৱে  অংশগ্ৰহণ কৰে । স্মৰ্তব্য যে ঢকুৱাখনা জিলা সমিতিৰ অন্তৰ্গত ১১ খন আঞ্চলিকত নূন্যতম ৫০০ জোপাকৈ গছপুলি দিৱসৰ সৈতে সংগতি ৰাখি ৰোপণ কৰিছে সংগঠনৰ কৰ্মকর্তাসকলে।

ঢকুৱাখনাত মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
ছেবাৰ কাণ্ড! পৰীক্ষাত বহা ছাত্ৰ হ'ল ফেইল, অনুপস্থিত পৰীক্ষাৰ্থীয়ে পালে লেটাৰ নম্বৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in