ছেবাৰ কাণ্ড! পৰীক্ষাত বহা ছাত্ৰ হ'ল ফেইল, অনুপস্থিত পৰীক্ষাৰ্থীয়ে পালে লেটাৰ নম্বৰ

SEBA
SEBA

ডিজিটেল সংবাদ, কলিয়াবৰ: নামত সংস্কাৰ বহুত হ'ল শিক্ষা বিভাগৰ। কিন্তু এইবাৰো বিসংগতিমুক্ত নহ'ল ছেবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। এইবাৰ পৰীক্ষাত বহাজনক অনুপস্থিত দেখুৱাই অনুতীৰ্ণ ঘোষণা কৰাৰ বিপৰীতে পৰীক্ষাত নবহাজনক ছেবাই দিলে লেটাৰ নম্বৰ।

ছেবাৰ এই দায়িত্বজ্ঞানহীন কাণ্ড পোহৰলৈ আহিছে কলিয়াবৰত। ছেবাৰ বিসংগতিৰ বাবেই ভুল ফলাফল লাভ কৰিলে কলিয়াবৰৰ মিছাৰ সন্দিপনী বিদ্যা মন্দিৰৰ অংকুৰ বৰা নামৰ এজন ছাত্ৰই।

ৰোলঃ বি ২৪-০৬১৭ নং ০২৫৫ নম্বৰৰ অংকুৰ বৰাই মিছা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰত সকলো বিষয়ৰ পৰীক্ষাত বহিছিল যদিও ছেবাৰ নম্বৰ তালিকাত ছাত্ৰজনে সমাজ বিজ্ঞান বিষয়ৰ পৰীক্ষাত অনুপস্থিত বুলি দেখুৱাই অনুতীৰ্ণ ঘোষণা কৰা হয় ফলাফলত। হিন্দী বিষয়ত লেটাৰ নম্বৰসহ ছাত্ৰজনে আটাই কেইটা বিষয়ত ৭০ শতাংশৰো অধিক নম্বৰ লাভ কৰাৰ বিপৰীতে পৰীক্ষাত অৱতীৰ্ণ হৈও সমাজ অধ্যয়ন বিষয়ত অনুপস্থিত হোৱাৰ অজুহাতত ফলাফলত অনুতীৰ্ণ দেখুওৱা হয় মাৰ্কশ্বিটত। পৰীক্ষাত বহাৰ পিছতো অনুপস্থিত দেখুৱাই ভুল ৰিজাল্ট দিয়া ছেবাৰ বিৰুদ্ধে এতিয়া ন্যায় বিচাৰিছে ছাত্ৰজনৰ অভিভাৱকে।

ইফালে একেটা পৰীক্ষা কেন্দ্ৰতে পোহৰলৈ আহিছে ছেবাৰ আন এক বিসংগতি। কেন্দ্ৰটোৰ ৰোল বি ২৪-০৬১৭ নং ০২২৫ নম্বৰৰ পৰীক্ষাৰ্থীগৰাকীয়ে কোনো পৰীক্ষাতে বহা নাছিল যদিও ছেবাৰ নম্বৰ তালিকাত পৰীক্ষাৰ্থীগৰাকীৰ মাৰ্কশ্বিটত সমাজ বিজ্ঞান বিষয়ত নম্বৰ আহিল ৮৫। অৰ্থাৎ ছেবাৰ কৃপাত পৰীক্ষাত নবহাকৈয়ে পৰীক্ষাৰ্থী গৰাকীয়ে লাভ কৰিলে লেটাৰ নম্বৰ।

ছেবাৰ এনে বিসংগতিত আশ্চৰ্য প্ৰকাশ কৰিছে পৰীক্ষা কেন্দ্ৰটোৰ ভাৰপ্ৰাপ্ত বিষয়া তথা প্ৰধান শিক্ষকেও। উল্লেখ্য যে, প্ৰতিবাৰেই চুড়ান্ত বিসংগতিৰে ফলাফল ঘোষণাৰ পিছত উত্থাপিত হয় ছেবাৰ সংস্কাৰৰ প্ৰসংগ। কিন্তু এইবাৰো ফলাফলৰ বিসংগতিৰ পৰা হাত সাৰিব নোৱাৰিলে ছেবাই। ছাত্ৰ-ছাত্ৰীৰ ভবিষ্যতক লৈ হাতালি খেলা ছেবাৰ এনে বিসংগতিৰ বাবেই এতিয়া ভাগি পৰিছে কলিয়াবৰৰ এইজন ছাত্ৰ। পৰীক্ষাৰ্থীৰ ভবিষ্যতক লৈ হেতালি খেলা ছেবাৰ এনে কাণ্ডক গৰিহণা দিয়াৰ লগতে সংশ্লিষ্ট শিক্ষা মন্ত্ৰী গৰাকীকো ধ্বিকাৰ জনাইছে কলিয়াবৰীয়া ৰাইজে।

SEBA
তিহাৰ জেলৰ ভিতৰতে ৩০০ পাৰ কৰিলে অৰবিন্দ কেজৰিৱালে !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in