/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/9c81d760-3133-429b-b68a-5118cd5e3b89/Ganja.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা : নিচাযুক্ত সামগ্ৰী সৰবৰাহ আৰু ক্ৰয় বিক্ৰয়ৰ ভূস্বৰ্গ স্বৰূপ হৈ পৰা ঢকুৱাখনা মহকুমাত এতিয়া মুকলি ভাবেই নিষিদ্ধ নিচাযুক্ত গছৰ খেতি কৰা এক অশুভ পৰম্পৰা আৰম্ভ হৈছে। যুৱ প্ৰজন্মৰ মাজত বহুল ভাৱে প্ৰচলিত নিচাযুক্ত গাঞ্জাৰ এখন লাভজনক বেহা প্ৰত্যক্ষ কৰি এক সুবিধাভোগী মুনাফালোভী দুষ্টচক্ৰই ঢকুৱাখনাত আৰম্ভ কৰিছে মুকলিকৈ ভাঙৰ খেতি ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/b0715d3c-c59d-4764-9c82-e2fcc2314a26/WhatsApp_Image_2023_05_01_at_8_23_21_AM.jpeg)
এনে এক নিষিদ্ধ খেতি দেওবাৰে বিয়লি ঢকুৱাখনা আৰক্ষীয়ে উচ্ছেদ কৰি বিনষ্ট কৰে। ঢকুৱাখনা ৰাজহ চক্ৰৰ অন্তৰ্গত আলিমুৰ পাতিৰ চৰ চাপৰি গাঁৱৰ প্ৰায় ৬ বিঘা চৰকাৰী ভূমিত কোনো অশুভ চক্ৰই কৰিছিল এই নিষিদ্ধ গাঞ্জা খেতি। এই সন্দৰ্ভত ঢকুৱাখনা মহকুমাৰ মহকুমা আৰক্ষী বিষয়া সৌমেন্দ্য শুক্লবৈদ্যই তথ্য লাভ কৰি ঢকুৱাখনা সদৰ থানা, মহকুমা কৃষি বিভাগ আৰু মহকুমা প্ৰশাসনৰ সহযোগিতাৰে দেওবাৰে প্ৰায় ৩ বিঘা গাঞ্জা খেতি ট্ৰেক্টৰ, এক্সকেভেটৰ লগাই উচ্ছেদ কৰে ।
ঢকুৱাখনা মহকুমা প্ৰশাসনৰ কাৰ্যবাহী দণ্ডাধীশ মানৱ জ্যোতি দাস, কৃষি উন্নয়ন বিষয়া মন্দিৰা বৰবৰা, ঢকুৱাখনা সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উৎপল বৰা, উপ পৰিদর্শক সিদ্ধাৰ্থ নাথ, কৃষি বিভাগ আৰু ৰাজহ বিভাগৰ কৰ্মচাৰীৰ উপস্থিতিত ৬ বিঘা চৰকাৰী ভূমিৰ ৩ বিঘাত কৰা এই গাঞ্জা খেতিৰ প্ৰায় ৪ হাজাৰ ৩২০ কেজি গাঞ্জা বিনষ্ট কৰে নিশা পৰ্যন্ত।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/3895e328-71ed-45ed-ab0d-2d1ef9723744/WhatsApp_Image_2023_05_01_at_8_22_24_AM.jpeg)
পৰৱৰ্তী সময়ত অন্য ৩ বিঘা ভূমিত থকা এই নিষিদ্ধ খেতি উচ্ছেদ কৰাৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিব বুলি আৰক্ষী সূত্ৰই জনাইছে । কোন দুৰ্স্কৃতিকাৰী সমাজবিৰোধী চক্ৰই এই নিষিদ্ধ খেতি কৰিছিল সেয়া পোহৰলৈ অহা নাই যদিও এই সন্দৰ্ভত ঢকুৱাখনা সদৰ থানাত এক গোচৰ পঞ্জীয়ন কৰি তদন্ত চলাই থকা হৈছে।