/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/17d87d19-0291-4399-80b2-453ea2016a78/22.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনাঃ ঢকুৱাখনা মহকুমাৰ একাংশ চাকৰিজীৱী আৰু সাধাৰণ নাগৰিকক অত্যাধিক সুদৰ বিনিময়ত টকা ধাৰলৈ দি লুণ্ঠনৰ অবৈধ বেহা চলাই আৰক্ষীৰ জালত পৰিছিল দুই অবৈধ ঋণ দাতা। বছৰ বছৰ ধৰি দুৰ্ভগীয়া ঋণী সকলৰ আৰ্জিত পুঁজি গোগ্ৰাসে উদৰস্থ কৰি লাও লোৱা কৰা এইসকল সুদখোৰৰ বিৰুদ্ধে ঢকুৱাখনা আৰু ঘিলামৰা আৰক্ষীয়ে অভিযান চলাই ঢকুৱাখনা গোবিন্দপূৰ গাঁওৰ প্ৰতিষ্ঠিত অবৈধ সুদখোৰ ৰাজীৱ কোচৰ সহায়ক টিলেশ্বৰ দত্ত ওৰফে ৰামজীক আৰু ঘিলামৰা আৰক্ষীয়ে মৰনৈ বেবেজিয়াৰ সুদখোৰ অমলেন্দ্ৰ চুতীয়াক দেওবাৰে নিশা গ্ৰেপ্তাৰ কৰিছিল।
অভিযান কালত বৃহৎ সংখ্যক ঋণীৰ উকা চেকপাত ,এ টি এম কাৰ্ড, বেংক পাছবুক, ঋণীৰ স্বাক্ষৰযুক্ত উকা দলিল আদি আপত্তিজনক নথিপত্ৰ উদ্ধাৰ কৰিছিল আৰক্ষীয়ে। ঋণী সকলৰ জীৱন জীৱিকা বিপন্ন কৰি সৰ্বশ্ৰান্ত কৰি তোলা সুদখোৰসকলৰ এই দুটাক গ্ৰেপ্তাৰ কৰাৰ পাছত মঙলবাৰে আৰক্ষীয়ে ঢকুৱাখনা মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰাই ।
ঢকুৱাখনা থানাৰ তদন্তকাৰী আৰক্ষী বিষয়াই পঞ্জীভূত গোচৰৰ ভিত্তিক অধিক তদন্তৰ খাতিৰত দুয়োগৰাকী অভিযুক্তক ৭দিনৰ আৰু ঘিলামৰা আৰক্ষীয়ে ৩দিনৰ বাবে নিজৰ জিম্মালৈ লয় ।
ঢকুৱাখনা মহকুমাটোৰ ঢকুৱাখনা আৰু ঘিলামৰাত অৰ্ধ শতাধিক তথাকথিত কাবুলী উপলব্ধ । একাংশই চৰকাৰী পঞ্জীভূত অনুজ্ঞাপত্ৰ লৈ এই ব্যৱসায় কৰি আহিছে যদিও চৰকাৰী ভাৱে নিৰ্ধাৰিত হাৰতকৈ অধিক হাৰত সুদ লৈ ঋণী সকলক কেঁকুৰা চেঁপা দি বছৰ বছৰ ধৰি ধন সংগ্ৰহ কৰি আহিছে । তেনেদৰে একাংশই কোনো অনুজ্ঞাপত্ৰ নথকাকৈ উচ্চ সুদৰ হাৰৰ বিনিময়ত গ্ৰাহকক ঋণ দি লুটি পুতি খাই আহিছে। এই অবৈধ সুদখোৰ সকলৰ ইচ্ছাই আইন হোৱাৰ বাবেই সৰ্বশ্ৰান্ত হবলগীয়া হৈ আহিছে একাংশ ঋণী। এই অবৈধ বেহাখনৰ বিৰুদ্ধে ঢকুৱাখনা আৰু ঘিলামৰা আৰক্ষীযে গ্ৰহণ কৰা এনে তৎপৰতাৰ শলাগ লৈছে সচেতন মহলে। কিন্তু মহকুমাটোত এই অবৈধ বেহা মেলি ধনৱন্ত হৈ পৰা একাংশ প্ৰতিপত্তিশীল সুদখোৰক আটক কৰিব নোৱাৰাটোৱে আশাহত কৰিছে নাগৰিকক। কোনোধৰণৰ বৈধ আয়ৰ উৎস নোহোৱাকৈ পৰ্বতসম সম্পত্তিৰ গৰাকী হোৱা এনেবোৰ অশুভ চক্ৰকো লেকাম লগাবলৈ দাবী জনাইছে সচেতন ৰাইজে।
ইপিনে "অসমীয়া প্ৰতিদিন ডিজিটেল"ৰ হাতলৈ আহিছে এনে এখন ৫২ জনীয়া সুদখোৰৰ প্ৰাৰম্ভিক নাম তালিকা । ঢকুৱাখনা আৰু ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত এইসকল অবৈধ ধনৰ ব্যৱসায়ীৰ বিৰুদ্ধে অচিৰেই অভিযান চলাৰ সম্ভাৱনা আছে। পৰিণতিত এইসকলো আৰক্ষীৰ জালত পৰাৰ পূৰ্ণ সম্ভাৱনা আছে । ধনৰ বেপাৰীৰ এনে অবৈধ সুদ সংগ্ৰহৰ বেহাৰ বিৰুদ্ধে ঢকুৱাখনা আৰু ঘিলামৰা আৰক্ষীৰ "এক্সন মোদ"ত সন্ত্ৰস্ত হৈ গৰিষ্ঠ সংখ্যকে ঘৰ বাৰী ,পৰিয়াল এৰি আত্মগোপন কৰা পৰিলক্ষিত হৈছে ।অবৈধ ব্যৱসায়ী সকলৰ এনে আত্মৰক্ষাৰ কৌশলৰ বিপৰীতে লখিমপুৰ জিলা আৰক্ষীৰ শীর্ষ সূত্ৰই জনোৱা মতে এই সুদখোৰ বিৰোধী অভিযান অনাগত দীৰ্ঘকালীন সময়লৈ অব্যাহত থাকিব ।
Also Read: উখল-মাখল ৰহাৰ ঐতিহ্যমণ্ডিত মা বসুন্ধৰী থান