/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/48c8cf71-7b10-4e20-bac0-4484d53595e9/Gaat.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা : দ-গাঁতে ভয়ংকৰ বিপদ মাতিছে ঢকুৱাখনা-ঘিলামৰা সংযোগী ৪২ নং ৰাজ্যিক ঘাইপথত। অতিব্যস্ত এই ৰাজ্যিক ঘাইপথৰ জামুগুৰিৰ চেতিয়াচুক তিনিআলিৰ সমীপৰ পথত সৃষ্টি হোৱা দ-গাঁতটোৱে ভয়ংকৰ বিপদৰ সংকেত দি আহিছে পথাচাৰীক।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/6a6b4ea2-253a-43d6-8c7e-8b01a812e091/WhatsApp_Image_2023_04_23_at_6_13_39_PM.jpeg)
লোকনিৰ্মান বিভাগৰ গুৰুত্বহীনতা আৰু বেপৰোৱা মনোভাৱৰ বাবে উন্মুক্ত ৰূপ লৈ থকা এই মৰণফাণ্ডটোৰ ওপৰত স্থানীয় ৰাইজে গছৰ ডাল পুতি দি পথ দুৰ্ঘটনা ৰোধ কৰি আহিছে । লোকনিৰ্মান বিভাগে শীঘ্ৰে এই বিপদসংকুল দ-গাঁততো স্থায়ী ভাৱে পোতাৰ ব্যৱস্থা গ্ৰহণ নকৰিলে ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হোৱাটো নিশ্চিত ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/3a1f2ffd-67f2-4dc3-815c-fa96aa392225/WhatsApp_Image_2023_04_23_at_6_12_19_PM.jpeg)
Also Read: প্ৰসংগ-"মন-কি-বাত": ৰাজ্যৰ ২৮ হাজাৰ বুথত সমবেত হ'ব লাখ লাখ কৰ্মকৰ্তা...