প্ৰসংগ-"মন-কি-বাত": ৰাজ্যৰ ২৮ হাজাৰ বুথত সমবেত হ'ব লাখ লাখ কৰ্মকৰ্তা...

প্ৰসংগ-"মন-কি-বাত": ৰাজ্যৰ ২৮ হাজাৰ বুথত সমবেত হ'ব লাখ লাখ কৰ্মকৰ্তা...

ডিজিটেল ডেস্ক : সমাগত প্ৰধান মন্ত্ৰীৰ "মন-কি-বাত"ৰ ১০০ সংখ্যক সংস্কৰণ। দেশৰ লগতে ৰাজ্যতো ব্যাপক আয়োজন চলিছে ১০০ সংখ্যক "মন-কি-বাত"ৰ। ৰাজ্যৰ ২৮ হাজাৰ বুথত সমবেত হ'ব লাখ লাখ কৰ্মকৰ্তা। এই উপলক্ষে মহানগৰীৰ অটল বিহাৰী বাজপেয়ী ভৱনত অনুষ্ঠিত হয় এক বিশেষ বৈঠক ।

উক্ত প্ৰস্তুতিৰ বাবে দলৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা বৈঠকত দলৰ ৩৯৯ টা মণ্ডল সমিতিৰ সভাপতি, মণ্ডল সমিতিৰ মন-কি-বাত প্ৰমূখ, ৩৯ খন সাংগঠনিক জিলাৰ সভাপতি, দলৰ জিলা প্ৰভাৰী, সহ-প্ৰভাৰী আৰু ৰাজ্যিক সমিতিৰ বিষয়ববীয়াই অংশ গ্ৰহণ কৰে। বৈঠকত দলৰ ৰাষ্ট্ৰীয় সম্পাদিকা আশা লাক্ৰা, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্ৰ নাথ শৰ্মা, ৰাজ্যিক সাধাৰণ সম্পাদক পুলক গোঁহাই, পল্লৱ লোচন দাস, দিপ্লু ৰঞ্জন শৰ্মা, তপন কুমাৰ গগৈ, নন্দিতা গাৰ্লোচাকে আদি কৰি ৰাজ্যিক নেতৃবৃন্দ উপস্থিত থাকে।

উল্লেখ্য যে, ৩০ এপ্ৰিলত অনুষ্ঠিত হ'ব লগীয়া মন-কি-বাত অনুষ্ঠানত প্ৰতিটো বুথৰ পৰা ১০০ জনকৈ অধিক বুথে অংশগ্ৰহণ কৰাটো বাধ্যতামূলক কৰিছে ৰাজ্যিক বিজেপিয়ে। তদুপৰি অনুষ্ঠানটোৰ প্ৰস্তুতিৰ বাবে কেইবাটাও দিশৰ উপৰত আলোচনা কৰে ৰাজ্যিক বিজেপিয়ে।

প্ৰসংগ-"মন-কি-বাত": ৰাজ্যৰ ২৮ হাজাৰ বুথত সমবেত হ'ব লাখ লাখ কৰ্মকৰ্তা...
লক্ষীমপুৰত জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ একাদশ অধিৱেশন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in