অসমীয়া প্ৰতিদিন ডিজিটেলৰ বাতৰিত গা লৰিছে দল সংগঠনৰঃ ন্যাৰ্য প্ৰাপ্তৰ দাবীত স্মাৰক

অসমীয়া প্ৰতিদিন ডিজিটেলৰ বাতৰিত গা লৰিছে দল সংগঠনৰঃ ন্যাৰ্য প্ৰাপ্তৰ দাবীত স্মাৰক

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ ঢকুৱাখনাবাসী নাগৰিকৰ মৌলিক অধিকাৰক লৈ ভয়ানক হেতালি খেলি অহা ৰজাঘৰীয়াৰ নিকৃষ্ট অভিসন্ধিৰ বিৰুদ্ধে অৱশেষত গা লৰিছে দল সংগঠনৰ। জনদায়বদ্ধতাৰ দিশটোক লৈ সদা সচেষ্ট হোৱাৰ পৰিৱৰ্তে ঢকুৱাখনাৰ জলন্ত অভাৱ সমস্যাবোৰৰ ক্ষেত্ৰত নিৰ্বাক নিচ্ছুপ ভূমিকা গ্ৰহণ কৰি অহা সামাজিক সন্থা, সংগঠন, ৰাজনৈতিক দলসমূহৰ এনে অন্ধমুনিৰ ভূমিকা বহু সময়ত ঢকুৱাখনাবাসীৰ অন্য এক বোজা হিচাবে পৰিগণিত হৈ পৰিছে।

শেহতীয়া ভাবে "অসমীয়া প্ৰতিদিন ডিজিটেল"ত ঢকুৱাখনা স্বাস্থ্য খণ্ডৰ ফোঁপোলা স্বৰূপ উন্মোচিত কৰি ধাৰাবাহিক বাতৰি প্ৰকাশ হৈছে। কি দৰে লখিমপুৰ জিলা প্ৰশাসন, জিলা স্বাস্থ্য সেৱা সমিতি, জিলাখনৰ যুটীয়া স্বাস্থ্য সঞ্চালক, ঢকুৱাখনাৰ বিধায়ক নৱ দলেৰ পৃষ্ঠপোষকতাত ঢকুৱাখনা স্বাস্থ্যখণ্ড লাওলোৱা কৰি, ৰোগক্ৰান্তক জৰুৰী, উন্নত চিকিৎসা লাভৰ অধিকাৰৰ পৰা বঞ্চিত কৰি আওমৰণে মৰিবলৈ এৰি দিছে তাক পৰিষ্কাৰ ভাবে বৰ্ণনা কৰা হৈছে। কেৱল জিলা আয়ুক্ত, বিধায়ক আৰু যুটীয়া সঞ্চালকৰ ঢকুৱাখনা বিদ্বেষী মনোভাৱৰ বাবে ঢকুৱাখনাত নিযুক্ত চিকিৎসকক সুবিধাজনক আৰু "প্ৰাইভেট প্ৰেক্টিছ" কৰাৰ সহায়ক হোৱাকৈ "ডেপুতেশ্যন"ত লৈ যোৱা হৈছে তাৰ ধাৰাবাহিক বাতৰি প্ৰকাশৰ পাছত থৰকাচুটি হেৰাইছে এনেবোৰ পক্ষৰ।

জিলাখনৰ স্বাস্থ্য খণ্ডত খলকনি সৃষ্টি কৰা এই বাতৰিৰ পাছতে একাংশ দল সংগঠনৰ গা লৰিছে। প্ৰাপ্য মৌলিক অধিকাৰ খৰ্বকাৰী এনেবোৰ দায়িত্বশীল পক্ষৰ দায়িত্বহীন কাণ্ডৰ সন্দৰ্ভত বাতৰি প্ৰকাশৰ পাছতে নিতাল মাৰি শুই থকা দল সংগঠনৰ গা লৰিছে । যোৱা বৃহস্পতি বাৰে ঢকুৱাখনা জিলা টাকাম মিচিং পৰিন কৌবাং, মিচিং মিমাগ কৌবাঙৰ ঢকুৱাখনা জিলা সমিতিয়ে পৰ্য্যাপ্ত চিকিৎসক বিহীন মহকুমা অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ এনে ঢকুৱাখনাবৈৰী মানসিকতাৰ ৰাজহুৱা নিন্দা কৰাৰ পাছত শুকুৰবাৰে "ৰাইজৰ দল"ৰ ঢকুৱাখনা সমষ্টি সমিতিৰ তৰফৰ পৰা এনে মানৱ অধিকাৰ খৰ্বকাৰী কাণ্ডৰ তীব্ৰ বিৰোধিতা কৰি এই হঠকাৰী পদক্ষেপ পৰিহাৰ কৰাৰ দাবী জনায়।

দলৰ হৈ পদ্ম কুমাৰ পেগু, ৰাতুল গগৈ, প্ৰহ্লাদ গগৈ, ৰাজ কুমাৰ পাতিৰে ঢকুৱাখনা মহকুমাৰ মহকুমাধিপতি কাৰ্তিক কলিতাক সাক্ষাৎ কৰি এনে অমানৱীয় পদক্ষেপৰ সবল বিৰোধিতাৰে স্মাৰক পত্ৰ প্ৰদান কৰে। ঢকুৱাখনাবাসীৰ জীৱনকলৈ নিৰ্লজ হেতালি খেলি অহা ৰজাঘৰীয়াসকলৰ এনে অবিবেচকী নীতি প্ৰত্যাহাৰ কৰাৰ দাবী জনোৱাৰ সমান্তৰাল ভাৱে শনিবাৰে ঢকুৱাখনা মহকুমা ছাত্ৰ সন্থাই মহকুমাধিপতিক সাক্ষাৎ কৰি এনে অচলৱস্থা তাৎক্ষণিক ভাৱে দূৰ কৰাৰ দাবী জনাই স্মাৰক পত্ৰ প্ৰদান কৰে।

"অসমীয়া প্ৰতিদিন ডিজিটেল"ৰ বাতৰিৰ পাছতে সম্বিত অহা দল সংগঠনৰ এনে নাৰ্য প্ৰাপ্য অধিকাৰ বিচৰা তৎপৰতাৰ সময়তে শুকুৰবাৰে লখিমপুৰ জিলা আয়ুক্তই এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰে। জিলা আয়ুক্ত শোণিত সত্বাৱনে এক নিৰ্দেশনা যোগে ঢকুৱাখনা সামূহিক কেন্দ্ৰৰ উপ-অধীক্ষক হিচাবে নিযুক্ত ডাঃ ৰাজীৱ দত্তক ঢকুৱাখনাত কাৰ্যনিৰ্বাহ কৰিবলৈ নিৰ্দেশ দিছে। পূৰ্বে ডাঃ দত্তক এক নিৰ্দেশ যোগে লখিমপুৰলৈ বদলি কৰি নিছিল প্ৰশাসনে।

ঢকুৱাখনাত চিকিৎসক শূন্য কৰি জিলা প্ৰশাসনে ডাঃ দত্তক জিলা সদৰলৈ বদলি কৰি নিয়াৰ সন্দৰ্ভত "অসমীয়া প্ৰতিদিন ডিজিটেল"ত বাতৰি প্ৰকাশৰ পাছতে প্ৰাথমিক পদক্ষেপ হিচাবে এইগৰাকী বিশেষজ্ঞ চিকিৎসকৰ পূৰ্বৰ নিৰ্দেশ বাতিল কৰি ঢকুৱাখনাৰ কৰ্মস্থলীলৈ উভতাই পঠাবলৈ বাধ্য হ'ল জিলা আয়ুক্ত তথা প্ৰশাসন। অৱশ্যে অন্য চিকিৎসক, চিকিৎসাকৰ্মীসকলৰ ক্ষেত্ৰত আয়ুক্তগৰাকীয়ে কি স্থিতি গ্ৰহণ কৰে জিলা সেয়া লক্ষনীয় হ'ব ।

অসমীয়া প্ৰতিদিন ডিজিটেলৰ বাতৰিত গা লৰিছে দল সংগঠনৰঃ ন্যাৰ্য প্ৰাপ্তৰ দাবীত স্মাৰক
ছাত্ৰৰ সলিল সমাধিঃ সমনীয়াই হত্যা কৰাৰ অভিযোগত উত্তাল বিদ্যালয়ৰ চৌহদ

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in